ক’লা ল’ৰাবোৰৰ ক’লা অধ্যায়
যোৰহাটৰ দৰে এক সম্ভান্ত নগৰীৰ মাজমজিয়াত দিন দুপৰতে ‘ক’লা ল’ৰা’ৰ নেতৃত্বত অনিমেষ ভূঞা নামৰ সম্ভাৱনাপূৰ্ণ যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰিলে এদল উন্মত্ত, পাষাণ হৃদয়ৰ লোকে৷ লগতে গুৰুতৰভাৱে আহত হ’ল অনিমেষৰ দুই সতীৰ্থ৷ ৯০টাৰো অধিক গোচৰত অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস আৰু সতীৰ্থ দুবৃৰ্ত্ত কেইটাৰ শাস্তিৰ দাবীত উত্তাল হৈ পৰিল সমগ্ৰ অসম৷ ৰাইজৰ মাজত ক্ষোভ অব্যাহত থকাৰ সময়তে শীৰ্ষ আৰক্ষী বিষয়াই খবৰ দিলে সামাজিক মাধ্যম যোগে নিউটনৰ সূত্ৰৰ আঁত ধৰি- প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে৷ অৰ্থাৎ ক’লা ল’ৰাই কৰা নৃশংস কামৰ প্ৰতিক্ৰিয়া ৰূপে দুৰ্ঘটনাত পতিত হৈ তেওঁৰ মৃত্যু হ’ল৷ এই খবৰ বিয়পি পৰাৰ লগে লগে দুই-একৰ বাদে সমগ্ৰ অসমৰ লোকেই আনন্দ প্ৰকাশ কৰিলে৷ এদিনৰ আগলৈকে স্বয়ং আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা সামান্য দূৰত থকা নগৰৰ ব্যস্ত ৰাজপথৰ সমীপত ঘটা এনে অভাৱনীয় ঘটনাৰ বাবে আৰক্ষীৰ বিৰুদ্ধে ৰাইজ সোচ্ছাৰ হৈ আছিল৷ সংবাদ মাধ্যমেও ৯০টাকৈ গোচৰত জড়িত ক’লা ল’ৰাৰ কাহিনীসমূহ প্ৰকাশ কৰাৰ লগতে আৰক্ষীৰ দুৰ্বল, হতাশজনক ভূমিকাৰ বাবে বাৰে বাৰে ক’লা ল’ৰাই অতি সহজতে জে’লৰ পৰা মুক্ত হৈ আহে আৰু পুনৰ এটাৰ পাছত এটাকৈ অপৰাধ সংঘটিত কৰে বুলি মন্তব্য কৰিছিল৷ কিন্তু মহাশক্তিমান বিষয়াই নিউটনৰ দ্বিতীয় সূত্ৰৰ প্ৰামাণিক তথ্য দাঙি ধৰাৰ লগে লগে যেন সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে৷ কিন্তু সঁচাকৈয়ে জানো ক’লা ল’ৰাৰ কলা অধ্যায় অন্ত পৰিল? ‘ক’লা ল’ৰা’ যদি অন্যায়, অপৰাধ কৰা লোকৰ এক প্ৰতীকৰূপে চোৱা যায় তেন্তে নীৰজ দাসেই অকল ক’লা ল’ৰানে? আনক সহায় কৰিবলৈ গৈ অতি দুৰ্ভাগ্যজনকভাৱে প্ৰাণ হেৰুৱা ল’ৰাটোক আক্ৰমণ কৰা প্ৰতিজনেই এটা এটা ক’লা ল’ৰা৷ অনিমেষক আক্ৰমণ কৰি থকা সময়ছোৱাত নীৰৱে দৃশ্য উপভোগ কৰি থকা, ম’বাইলত দৃশ্যগ্ৰহণ কৰি থকা বা সেই সময়ত ৰাজপথেৰে কি হৈ আছে হৈ থাকক বুলি অহা-যোৱা কৰি থকা সকলো এক প্ৰকাৰ ক’লা ল’ৰাই নহয় জানো? ড্ৰাগছ, ডকাইতি, হত্যাৰ ভাবুকি-কাজিয়া আদি বিভিন্ন অপৰাধৰ সৈতে জড়িত ক’লা ল’ৰাই বছৰ বছৰ জুৰি নিৰ্বিবাদে কৰি থকা কাম-কাজৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰি থকা আৰক্ষীৰ লোকসকলো সমাজত থকা অন্য এক ক’লা ল’ৰাৰ নিদৰ্শন৷ ক’লা ল’ৰাক সহজতে জে’লৰ পৰা ওলাই যোৱা, নিৰপৰাধী সজাবলৈ চেষ্টা কৰা সকলো ক’লা ল’ৰাইক্ক এটাৰ পাছত এটাকৈ অপৰাধ কৰি থকাৰ পাছতো ক’লা ল’ৰাই হেলাৰঙে অপৰাধমূলক কাৰ্যকলাপ কৰাত উদ্গণি যোগোৱা নিজৰ ঘৰখনৰ প্ৰতিজনেই এজন ক’লা ল’ৰা বুলি অভিহিত কৰিব পাৰি৷ ৰত্নাকৰে ডকাইতি কৰা ধনেৰে পিতৃ-মাতৃক পোহপাল দিয়াৰ পাছত স্বয়ং পিতৃ-মাতৃয়ে সেই পাপৰ অংশীদাৰ নহও বুলি কৈছিল৷ ক’লা ল’ৰাৰ ঘৰৰ মানুহখিনিয়ে তেওঁৰ কাম-কাজ উপলব্ধি কৰি আৰম্ভণিতে বাধা দিয়া হ’লে হয়তো ক’লা ল’ৰা আজিৰ অৱস্থাত উপনীত নহ’লহেঁতেন৷ কিন্তু তাৰ পৰিৱৰ্তে স্বয়ং তেওঁৰ বাপেকেই অনিমেষ আৰু সতীৰ্থসকলক আক্ৰমণৰ বাবে পুত্ৰক প্ৰৰোচিতহে কৰিলে৷ অৱশ্যে ক’লা ল’ৰাৰ পয়োভৰ যোৰহাটতে নহয়, অসমৰ চুকে-কোণে এতিয়া অসংখ্য ক’লা ল’ৰা জন্ম হৈছে৷ এনে কাৰণতে অভি-নীল, ঝংকাৰ, ডাঃ দেৱেন দত্ত, দেৱাশিষ গগৈ, নন্দিতা, ডিম্পলৰ পৰা বহুজনে প্ৰাণ হেৰুৱাইছে৷ এটাৰ পাছত এটাকৈ লোমহৰ্ষক হত্যা, ডকাইতি, অপহৰণ, ড্ৰাগছৰ অবৈধ ব্যৱসায়, ছিণ্ডিকেটৰাজ, ৰাজকোষৰ ধন লুণ্ঠন, ডাইনী হত্যা, কু-সংস্কাৰ, অন্ধবিশ্বাস আদিৰ ঘটনাসমূহে সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ শিৰোনাম অধিকাৰ কৰিছে অসমত৷ ৰাজ্যত ভুৱা কৃষকৰ নামত কোটি কোটি টকা লুণ্ঠন হয়, প্ৰধানমন্ত্ৰী কিষাণ নিধিত সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক অসমৰ ভুৱা কৃষকে পাঁচশ কোটিৰ অধিক ধন লুট কৰিছে৷ অসমৰ আই পি এছ বিষয়াই উপ-পৰিদৰ্শকৰ প্ৰশ্ন কাকত বিক্ৰী কৰি জে’ললৈ যায়, পাঁচশ কোটিৰ অধিক ধন-সম্পত্তি নীতি বহিৰ্ভূতভাৱে অৰ্জন কৰে, এ চি এছ বিষয়াই অবিশ্বাস্য ধন-সম্পত্তি গোটায়, লোকৰ হতুৱাই এ চি এছ পৰীক্ষাৰ বহী লিখোৱাই বিষয়া হয়৷ এইখন অসমতে শিক্ষকতাৰ দৰে মহান বৃত্তিত লিপ্ত লোকৰ পৰা পঞ্জীয়ক, উপাচাৰ্যলৈকে লোকে দুৰ্নীতি, অনিয়ম কৰি চাকৰি হেৰুৱায়৷ প্ৰতিটো কাৰ্যালয়তে উপঢৌকন নহ’লে ফাইলৰ ৰঙাফিটাৰ মেৰপাক নোখোলে৷ চকুৰ আগতে ৰাজকোষৰ ধন লুট হয় যদিও এচামে ইয়াৰ অংশীদাৰ হৈ মুনাফা অৰ্জন কৰে, এচামে নিৰ্লিপ্ত হৈ থাকে৷ এনে দিশসমূহলৈ চাই যোৰহাটৰ ক’লা ল’ৰাকেই কেৱল ক’লা ল’ৰা বুলি অভিহিত কৰিব নোৱাৰি৷ অসমৰ সৰ্বত্ৰ বিৰাজ কৰিছে ক’লা ল’ৰাই৷ কলা ল’ৰাৰ সংখ্যা যিমানেই বাঢ়িছে সিমানেই সামাজিক বিশৃংখলাৰ বৃৃদ্ধি হৈছে৷ ভদ্ৰ সমাজৰ লোক এতিয়া ভয়তে পেপুৱা লাগিছে৷ কিছু বছৰৰ আগতে ৰাজ্যখনত ক’লা ল’ৰা নাছিল বুলি ক’ব নোৱাৰি৷ কিন্তু সমাজখনে তেনে লোকক নিয়ন্ত্ৰণ কৰাত আগভাগ লৈছিল৷ সামাজিকভাৱে অভিভাৱকত্ব শক্তিশালী থকাৰ বাবে ক’লা ল’ৰাবোৰ কিছু পৰিমাণে নিষ্প্ৰভ আছিল৷ যোৰহাটৰ কলা ল’ৰা ওৰফে নীৰজ দাসৰ মৃত্যুৰ লগে লগে ক’লা অধ্যায় শেষ হৈছে বুলি ভাবিব নোৱাৰি৷ সকলো দিশতে বিৰাজ কৰা ক’লা ল’ৰাৰৰাজ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰ, প্ৰশাসনৰ লগতে সমাজৰো দায়িত্ব আছে৷






