Logo
image

‘বৈধ’ হ’ল অতুল বৰা

আমাৰ অসম, ০৮ অক্টোবৰঃ বুধবাৰে আমবাৰীস্থিত অগপৰ সদৰত আচম্বিতে সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ৷ আমবাৰীত চলি থকা যোগদান কাৰ্যসূচীৰ মাজতে কামৰূপ মহানগৰ জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ এক নিৰ্দেশনা পোৱাৰ পাছতে দলীয় নেতা-কৰ্মীৰ মাজত হঠাৎ উখল-মাখল লাগে৷ বুধবাৰে ডঃ ৰঞ্জিত ডেকাৰ নেতৃত্বত পাঁচ শতাধিক লোকৰ যোগদান অনুষ্ঠান চলি থকাৰ মাজতে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ পৰা অহা আশাব্যঞ্জক নিৰ্দেশনাক লৈ আমবাৰীত সৃষ্টি হৈছে উদূলি-মুদূলি পৰিৱেশৰ৷ নিৰ্দেশটোৰ মতে,  অগপ সভাপতি অতুল বৰাই দলীয় কাম-কাজ চলাই নিয়াৰ ক্ষেত্ৰত থকা বাধা আঁতৰিল৷ কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালতৰ ৰায়ত বুধবাৰে স্থগিতাদেশ জাৰি কৰি হুকুম জাৰি কৰাৰ পাছত অগপৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় কমিটীয়ে দলৰ কাম-কাজ চলাই নিয়াৰ ক্ষেত্ৰত থকা বাধা আঁতৰিল৷ ২৬ আগষ্টত দেৱানী আদালতে অগপৰ একাদশ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনখন আদালতৰ হুকুম অৱমাননা কৰি অনুষ্ঠিত কৰা বুলি ৰায় দিছিল৷ ১৩/২০২০ নম্বৰৰ এই গোচৰ সন্দৰ্ভত দেৱানী আদালতে পাঁচ ছেপ্টেম্বৰত এক নিৰ্দেশযোগে ২৭ আগষ্টৰ অধিৱেশনত গৃহীত প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ উক্ত ৰায়ক প্ৰত্যাহ্বান জনাই অগপ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এক নং জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত এক আপীল গোচৰ ৰুজু কৰে৷ উক্ত মিচ আপীল নং ১৩/২০২০ গোচৰত দুয়োপক্ষৰ শুনানি লৈ এক নং জিলা আৰু সত্ৰ ন্যায়াধীশে এক হুকুম জাৰি কৰি গোচৰটো শুনানিৰ বাবে গ্ৰহণ কৰে আৰু তিনি নং দেৱানী ন্যায়াধীশৰ পাঁচ ছেপ্টেম্বৰৰ হুকুমৰ ওপৰত স্থগিতাদেশ জাৰি কৰে৷ এতিয়াৰে পৰা অসম গণ পৰিষদৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিয়ে দলৰ কাম-কাজ চলাই যোৱাত কোনো বাধা নাথাকিব৷ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা বিজন কুমাৰ মহাজন আৰু তেওঁক সহযোগ কৰে অধিবক্তা নৌশাদ আলম আৰু গৌতমজ্যোতি শইকীয়াই৷

ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাটো ভণ্ডামি

টায়াৰ জ্বলাই, ৰাজপথ উত্তাল কৰি ৰাজনীতিৰ পথাৰত ভৰি দিয়া অগপ সভাপতি অতুল বৰাই শেহতীয়াভাৱে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা কাৰ্যক ভণ্ডামি আখ্যা দিছে৷ সংশোধিত নাগৰিকত্ব আইন [কা] সন্দৰ্ভত স্ববিৰোধী ভূমিকা গ্ৰহণ কৰি অগপৰ তৃণমূল কৰ্মী আৰু অসমৰ জনগণৰ ৰোষত পৰা অগপ সভাপতিজনে বুধবাৰে সংবাদ মাধ্যমৰ আগত কয়– বিগত সময়ত  বহু নকৰিবলগীয়া কাম কৰা বাবে আৰু কৰিবলগীয়া কিছু কাম নকৰা বাবে অসমৰ ৰাইজে আমাক বেয়া পাইছে৷ ভৱিষ্যতে যাতে এনে ভুলৰ পুনৰাবৃত্তি নহয় তাৰবাবে সংকল্পবদ্ধ হৈছো৷ অগপ বিজেপিৰ অংশীদাৰ৷ তাৰ মানে বিজেপিৰ বহতীয়া নহয়৷ অগপ দিল্লীৰ তলত নহয়, দিল্লীৰ লগত৷ বিজেপিৰ সৈতে মিত্ৰতা কৰিলেও আমি অসম চুক্তিৰ ‘আত্মা’ক আঘাত কৰিবলৈ নিদিওঁ৷ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰাত যাতে কৃপণালি নকৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰক কৈছো৷ ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যুটীয়া উদ্যোগত ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ গঠন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অগপ সভাপতিজনে কয়– ‘আছু আমিও কৰিছিলোঁ৷ ছাত্ৰ সন্থাৰ মজিয়াত যাতে দাগ নালাগে তাৰ বাবে সদা সচেতন আছিলোঁ৷ ছাত্ৰ সন্থাই অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখক৷ টায়াৰ জ্বলাই, ৰাজপথ উত্তাল কৰি ভণ্ডামি কৰিলে গণতন্ত্ৰ ৰক্ষা নহয়৷ টায়াৰ জ্বলাই, ৰাজপথ উত্তাল কৰি ৰাজনৈতিক দলৰ নেতা হোৱাতো ভণ্ডামিৰ বাহিৰে একো নহয়৷ আমি ৰাইজৰ সেৱাৰ বাবে ৰাজনীতি কৰিছো৷ আমি শিপা বিচাৰি আছো৷ যিবোৰ সমষ্টিত আমাৰ শিপা আছে সেইবোৰ সমষ্টি আমি উদ্ধাৰ কৰিম৷’

পাঁচ শতাধিক সমৰ্থকসহ ৰঞ্জিত ডেকাৰ অগপত যোগদান

বজালী জিলাৰ পাঠশালাৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ড॰ ৰঞ্জিত ডেকাই পাঁচ শতাধিক সমৰ্থকসহ বুধবাৰে অগপত যোগ দিয়ে৷ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীকে ধৰি নেতৃবৰ্গ উপস্থিত থকা যোগদান অনুষ্ঠানত নৱাগতসকলক আদৰণি জনায় অগপ সভাপতি অতুল বৰাই৷ যোগদান অনুষ্ঠানত পৌৰোহিত্য কৰি অগপ সভাপতিজনে কয়– অসম গণ পৰিষদ দল আঞ্চলিকতাবাদী শক্তিৰ মূল স্তম্ভ৷ কোনো শক্তিয়ে যিমানেই অপচেষ্টা নচলাওক কিয় দলটোক দুৰ্বল  বা নিঃশেষ কৰিব নোৱাৰে৷ দলটোৰ জন্মলগ্নৰ ঐতিহাসিক পটভূমি আছে৷ অসম গণ পৰিষদ দলে ৰাজ্যখনৰ জনসাধাৰণৰ চিন্তা-চৰ্চা আৰু সিদ্ধান্তৰ ভিত্তিত পৰিচালিত হয়৷ অসমৰ স্বাৰ্থত দলে বলিষ্ঠতাৰে মাত মাতি আহিছে আৰু মাত মাতি যাব৷ সমসাময়িক ৰাজনীতিত আঞ্চলিকতাবাদৰ গুৰুত্ব অপৰিসীম৷ প্ৰগতিশীল জাতীয়তাবাদৰ লক্ষ্যৰে ৰাজ্যখনত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি নিৰ্দিষ্ট কাৰ্যসূচীৰ জৰিয়তে আগবাঢ়ি যাবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ কথা সদৰী কৰে সভাপতিজনে৷ কাৰ্যকৰী সভাপতি কেশৱ মগন্তই আৰু জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে যোগদানকাৰীসকলক আদৰণি জনাই দলৰ স্বাৰ্থত নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াবলৈ আহ্বান জনায়৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই৷ যোগদানকাৰী ড॰ ৰঞ্জিত ডেকাই আঞ্চলিকতাবাদৰ প্ৰতি বিশ্বাস প্ৰকাশ কৰি অসম গণ পৰিষদ দলত যোগদান কৰা বুলি মন্তব্য কৰে আৰু অসম গণ পৰিষদ দলেই একমাত্ৰ বিকল্প ৰাজনৈতিক দল বুলি উল্লেখ কৰে৷ উল্লেখ্য, অগপত যোগদান কৰিবলৈ যোৱাৰ প্ৰাকক্ষণত কালীঘাটস্থিত শিৱশক্তি দেৱালয়ত মা কালীৰ ওচৰত আশীৰ্বাদ বিচাৰে ড॰ ৰঞ্জিত ডেকাই৷ পাটাছাৰকুছিৰ বৰ্তমানৰ বিধায়ক পবীন্দ্ৰ ডেকাই ‘কা’বিৰোধী স্থিতি গ্ৰহণ কৰাৰ লগতে অগপৰ শীৰ্ষ নেতৃত্বক সমালোচনাৰে থকাসৰকা কৰাৰ সূত্ৰে এইবাৰ সমষ্টিটোত অগপই নতুন মুখৰ সন্ধান কৰিছিল আৰু ড॰ ৰঞ্জিত ডেকাৰ যোগদানে পবীন্দ্ৰ ডেকাক ৰাজনৈতিকভাৱে বিপদত পেলাব পাৰে বুলি সৰ্বত্ৰ চৰ্চা চলিছে৷