Logo
image

তেজৰ ক্ষতিকাৰক কলেষ্টেৰ’ল কমাবলৈ নহৰু খাব পাৰে

স্বাস্থ্যৰ বাবে নহৰু অতি উপকাৰী৷ নহৰুৱে তেজৰ ক্ষতিকাৰক কলেষ্টেৰ’লৰ মাত্ৰা কমাই হাৰ্টএটেক আৰু ষ্ট্ৰ’কৰ দৰে হৃদৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰে৷ সু-স্বাস্থ্য বজাই ৰাখিবলৈ তেজত ক্ষতিকাৰক কলেষ্টেৰ’লৰ মাত্ৰা কমোৱাটো খুবেই জৰুৰী৷ কিন্তু আজিকালি অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ কাৰণে বেছিভাগ লোকৰ তেজত ক্ষতিকাৰক কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি পায়৷ ইয়াৰ ফলত বাঢ়ে হৃদৰোগৰ আশংকা৷ বিশেষজ্ঞসকলৰ মতে তেজত কলেষ্টেৰ’লৰ মাত্ৰা সঠিক ৰখাৰ বাবে আৰু ক্ষতিকাৰক কলেষ্টেৰ’লৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে স্বাস্থ্যসন্মত খাদ্যাভ্যাস গঢ়ি তোলাটো অতি জৰুৰী৷ যি সকলৰ তেজত কলেষ্টেৰ’লৰ সমস্যা আছে, তেওঁলোকে নিয়মিত নহৰু খোৱা উচিত৷ নহৰুৱে অকল কলেষ্টেৰ’লৰ মাত্ৰা কমাই হৃদৰোগৰ আশংকা কমোৱাই নহয়, ইয়াৰ উপকাৰিতা বহুত৷

নহৰুৱে অ’বেচিটিৰ দৰে ক্ষতিকাৰক অসুখৰ আশংকা কমোৱাত সহায় কৰে৷ শৰীৰত অত্যধিক মেদ জমা হোৱাত বাধা দিয়ে নহৰুৱে৷ সেয়ে নিয়মিত খাদ্যৰ তালিকাত নহৰু ৰাখিলে সু-স্বাস্থ্য বজাই ৰাখিব পৰা যায়৷

গৱেষকসকলৰ মতে, নহৰুত যিবোৰ উপকাৰী উপাদান আছে তাৰ ভিতৰত অন্যতম এবিধ উপাদান হৈছে এণ্টিঅক্সিডেণ্ট৷ নহৰুত থকা প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্টে উচ্ছ কলেষ্টেৰ’ল নিয়ন্ত্ৰণত ৰাখে৷ ফলত হৃদৰোগৰ আশংকা কমে৷ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰাৰ বাহিৰেও নহৰু যেতিয়াই তেতিয়াই খাব পাৰে৷ নিতৌ নহৰু খোৱাৰ অভ্যাসে সুৰা আৰু ধূমপানৰ প্ৰতি আসক্তি কমায়৷