ভাৰতীয় ক্ৰিকেটলৈ ভাল খবৰ
টুৱেণ্টী২০ বিশ্বকাপৰ ছেমিফাইনেলৰ পূৰ্বেই বিদায় ল’বলগীয়া হোৱাৰ পাছত বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটোৱে কঠোৰ সমালোচনা সহিবলগীয়া হৈছিল৷ ছুপাৰ টুৱেলভ পৰ্যায়ত পাঁচখন খেলৰ তিনিখনত জয়ী হ’লেও প্ৰথম দুখন খেলত পাকিস্তান আৰু নিউজীলেণ্ডৰ হাতত হোৱা শোচনীয় পৰাজয়ে ভাৰতৰ ছেমিফাইনেলৰ পথ একপ্ৰকাৰ অসম্ভৱ কৰি তুলিছিল৷ ইউনাইটেড আৰৱ এমীৰেটছত অনুষ্ঠিত টুৱেণ্টী২০ বিশ্বকাপত নিৰাশাজনক ফল দেখুৱালেও বছৰটোৰ সমাপ্তিলৈ মাজতে কেইটামান দিন থকা অৱস্থাত ভাৰতীয় ক্ৰিকেটলৈ আহিছে এটা ভাল খবৰ৷ বিশ্বকাপৰ পাছতে ভাৰত ভ্ৰমণলৈ অহা নিউজীলেণ্ডক তিনিখন খেলৰ টুৱেণ্টী২০ শৃংখলাত ৩-০ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ পৰাজয়ৰ পোটক তুলিছিল ভাৰতে৷ সেই শৃংখলাটো আছিল পূৰ্ণকালীন প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাৱিড়ৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় শৃংখলা৷ টুৱেণ্টী২০ শৃংখলাৰ সেই প্ৰদৰ্শন দুখন টেষ্টৰ শৃংখলাটোতো অটুট ৰাখি ১-০ব্যৱধানত জয় সাব্যস্ত কৰিছে টীম ইণ্ডিয়াই৷ কাণপুৰৰ প্ৰথম টেষ্টতো ভাৰতে জয়ৰ সম্ভাৱনা সৃষ্টি কৰিছিল যদিও শেষমুহূৰ্তত নিউজীলেণ্ডৰ নিম্নক্ৰমৰ বেটাৰে ভাৰতক জয়ৰ সুযোগ দিয়া নাছিল৷ মুম্বাইৰ দ্বিতীয় টেষ্টত নিউজীলেণ্ডক ৩৭২ ৰানত পৰাস্ত কৰি ৰানৰ ক্ষেত্ৰত সৰ্ববৃহৎ জয় সাব্যস্ত কৰিছে ভাৰতে৷ এই জয়েৰে জুনত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিউজীলেণ্ডৰ হাতত হোৱা আঠ উইকেটৰ পৰাজয়ৰো পোটক তুলিছে বিৰাট কোহলি বাহিনীয়ে৷ স্বদেশত এয়া আছিল টেষ্টত ভাৰতৰ ক্ৰমাগত চতুৰ্দশসংখ্যক শৃংখলা জয়৷ এই জয়েৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানো পুনৰুদ্ধাৰ কৰিছে ভাৰতে৷ ২০১৬ চনৰ পাছত বিগত পাঁচ বছৰত ৪৮ মাহ টেষ্ট ৰেংকিঙৰ শীৰ্ষত আছিল ভাৰত, যিটো হৈছে আন দেশৰ তুলনাত সৰ্বাধিক৷
অধিনায়ক বিৰাট কোহলিও নিউজীলেণ্ডৰ বিৰুদ্ধে হৈ যোৱা টেষ্ট শৃংখলাটোত এটা বিৰল কৃতিত্বৰ অধিকাৰী হৈছে৷ সকলো প্ৰকাৰৰ ক্ৰিকেটত ৫০ বা ততোধিক জয়ৰ স্বাদ পোৱা একমাত্ৰ ক্ৰিকেটাৰত পৰিণত হৈছে কোহলি৷ কোহলিয়ে এতিয়ালৈকে ৯৭খন টেষ্টৰ ৫০খনত জয়ৰ সোৱাদ পোৱাৰ বিপৰীতে ২৫৪খন এদিনীয়াৰ ১৫৩খনত আৰু ৯৫খন টুৱেণ্টী২০ত জয়ৰ সোৱাদ পাইছে৷ ভাৰতত টেষ্ট শৃংখলাত জয়ী হোৱাটো আন দেশৰ বাবে সহজ নহয় বুলি কোৱা হয়৷ ইয়াৰ কাৰণ হৈছে দেশখনত সদায়েই প্ৰস্তুত কৰা হয় স্পিনাৰৰ সহায়ক পিটচ৷ নিউজীলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত শৃংখলাটোও তাৰ ব্যতিক্ৰম নাছিল৷ ভাৰতীয় স্পিনাৰৰ সন্মুখত অসহায় হৈ পৰা দেখা গৈছিল নিউজীলেণ্ডৰ বেটাৰ৷ প্ৰথম ইনিংছত মাত্ৰ ৬২ ৰানত সকলো উইকেট হেৰুওৱাটো আছিল তাৰেই প্ৰমাণ৷ দলটোৰ এই ব্যৰ্থতাৰ মাজতে ভাৰতীয় মূলৰ স্পিনাৰ আজাজ পেটেলে ভাৰতৰ প্ৰথম ইনিংছত দহটা উইকেট দখল কৰি অসাধাৰণ কৃতিত্বৰ অধিকাৰী হৈছিল৷ মুম্বাইৰ দ্বিতীয় টেষ্টত নিউজীলেণ্ডৰ বেটাৰ ব্যৰ্থ হোৱাৰ বিপৰীতে ভাৰতৰ অ’পেনাৰ মায়ংক আগৰৱালে প্ৰথম ইনিংছত শতক আৰু দ্বিতীয় ইিনংছত অৰ্ধশতক অৰ্জন কৰিছিল৷ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ৰ বাবেও এয়া আছিল এক নতুন যাত্ৰা৷ ইতিমধ্যে ভাৰতৰ অনূধবৰ্ ১৯ বছৰৰ দল আৰু ভাৰতীয় ‘এ’ দলৰ প্ৰশিক্ষক হিচাপে যথেষ্ট সফলতা পাইছে দ্ৰাৱিড়ে৷ তদুপৰি ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী হিচাপেও বিচক্ষণতাৰ পৰিচয় দিছিল তেওঁ৷ দ্ৰাৱিড়ৰ ক্ৰিকেটীয় জ্ঞানৰ বাবেই ৰবি শাস্ত্ৰীৰ উত্তৰসূৰী হিচাপে দ্ৰাৱিড়েই আছিল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীৰ প্ৰথম পছন্দ৷ আৰম্ভণিতে ভাৰতীয় ছিনিয়ৰ দলটোৰ পূৰ্ণকালীন প্ৰশিক্ষকৰ দায়িত্ব লোৱাত আগ্ৰহ নেদেখুৱালেও পাছত বি চি চি আইৰ প্ৰস্তাৱ মানি ল’বলৈ বাধ্য হৈছিল এসময়ৰ ভাৰতীয় ক্ৰিকেটৰ মিষ্টাৰ ডিপেণ্ডেবলজনে৷ নিউজীলেণ্ডৰ বিৰুদ্ধে শৃংখলা জয়ৰ পাছত প্ৰশিক্ষক দ্ৰাৱিড়ৰ লগতে টীম ইণ্ডিয়াৰ আন এটা ডাঙৰ পৰীক্ষা হ’ব আসন্ন দক্ষিণ আফ্ৰিকা ভ্ৰমণত৷ দক্ষিণ আফ্ৰিকাত সীমিত অভাৰৰ শৃংখলাৰ লগতে ভাৰতে খেলিব তিনিখন টেষ্টৰ শৃংখলা এটাতো৷ দক্ষিণ আফ্ৰিকাৰ পৰিৱেশ অৱশ্যে ভাৰতৰ তুলনাত যথেষ্ট প্ৰভেদ আছে৷ সেই দেশৰ পিটচত পেচ বলাৰৰ সন্মুখীন হোৱাটো ভাৰতীয় বেটাৰৰ বাবে হ’ব এক ডাঙৰ প্ৰত্যাহ৩ান৷ গুৰু দ্ৰাৱিড়ৰ তত্ত্বাৱধানত টীম ইণ্ডিয়াই নিউজীলেণ্ডৰ বিৰুদ্ধে পোৱা সফলতা দক্ষিণ আফ্ৰিকাতো অটুট ৰাখিব পাৰে নে নোৱাৰে সেয়া হ’ব লক্ষণীয়৷






