Logo
image

দাঢ়ি নাকাটিলেও পাব পাৰে ৮ টা উপকাৰ

দাঢ়ি ৰখা-নৰখাটো ব্যক্তি বিশেষৰ পছন্দৰ কথা হ’লেও শেহতীয়া এক অধ্যয়নে দাঢ়ি ৰখা মানুহৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে৷ দাঢ়ি ৰখাজনে পাব পাৰে  ৮টাকৈ বিশেষ সুফল–


১/ শেহতীয়া অধ্যয়নত প্ৰকাশ পোৱা মতে যিসকল লোকে দীঘলকৈ দাঢ়ি ৰাখে তেওঁলোকে অজানিতেই সূৰ্যৰ আল্টা ভায়’লেট ৰশ্মিৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা শৰীৰৰ ৰক্ষা কৰিব পাৰে৷ বিশেষকৈ আল্টা ভায়’লেট ৰশ্মিয়ে ছালৰ প্ৰচুৰ পৰিমাণে ক্ষতি কৰে৷ কিন্তু দীঘল দাঢ়ি ৰখাসকলৰ ক্ষেত্ৰত এই আশংকা হ্ৰাস পায়৷ সময়ে সময়ে দাঢ়ি ৰখাৰ ষ্টাইল সলনি হৈ আহিছে৷ এইদৰে বিভিন্ন ষ্টাইলক দাঢ়ি ৰখাটোৱে কোনো এজন ব্যক্তিৰ ব্যক্তিত্বকো উজ্বলাই তোলে৷ 

২/এই  সম্পৰ্কত চলোৱা দীৰ্ঘদিনৰ অধ্যয়নত প্ৰকাশ পাইছে যে দাঢ়ি দীঘলকৈ ৰখা লোকসকলে সাধাৰণতে আনৰ তুলনাত বেছি সময় ব্যৱহাৰ কৰিবলৈ পায়৷ ৭০ দশকতে হোৱা এক অধ্যয়নত দেখা গৈছে যে এজন প্ৰাপ্তবয়স্ক লোকে গোটেই জীৱনত গড়ে ৩,৩৫০ ঘণ্টা সময় কেৱল দাঢ়ি কটাৰ নামতে ব্যয় কৰে৷ 

৩/ ডিঙিৰ অসুখৰ পৰা হাত সাৰিব পাৰি৷ একাধিক গৱেষণাত এই তথ্য পোহৰলৈ আহিছে যে দাঢ়ি ৰখাৰ ফলত ক্ষতিকৰ বেক্টেৰিয়াক বাধা দিয়াত সহায়ক হৈ পৰে৷ দাঢ়ি থকাৰ ফলত বেক্টেৰিয়া মুখত প্ৰৱেশ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে৷ 

৪/ দাঢ়িয়ে শৰীৰক উষ্ণ কৰি ৰখাত সহায় কৰে৷ 

৫/  দাঢ়ি ৰখাৰ ফলত তাপমাত্ৰা কম থাকিলেও শৰীৰ গৰম কৰি ৰখাত দাঢ়িয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে৷ গৱেষণাত প্ৰকাশ পোৱা তথ্য মতে ক্লীন ছেভ কৰা লোকতকৈ দাঢ়ি ৰখা লোক বহু বেমাৰৰ পৰা হাত সাৰি থাকে৷

৬/ ডাষ্ট এলাৰ্জিঃ ডাষ্ট এলাৰ্জিজনিত ৰোগৰ পৰা হাত সাৰি থকাত দাঢ়িয়ে সহায় কৰিব পাৰে৷ এজমাজনিত ৰোগৰ পৰা মুক্ত হৈ থকাতো দাঢ়ি-গোফে সহায় কৰে৷

৭/ সংক্ৰমণত বাধাঃ সংক্ৰমণত বাধা দিয়াত দাঢ়িয়ে সহায় কৰে৷

 কেতিয়াবা দাঢ়ি খুৰাওতে ৰেজৰে কাটিলে সেই ক্ষত স্থানত বীজাণুৰ সংক্ৰমণ হ’ব পাৰে৷ এই ক্ষেত্ৰত দাঢ়ি ৰখাসকল নিৰাপদ বুলি গণ্য কৰা হৈছে৷ 

৮/ বয়সঃ বহু লোকে দাঢ়ি ৰখাজনক বয়সীয়াল বুলি ভাবে যদিও এই ধাৰণা ভুল৷ আনহাতে দাঢ়ি ৰখাসকলৰ শৰীৰত আল্টা ভায়’লেট ৰশ্মিৰ আঘাত কম হোৱাৰ বাবে আনৰ তুলনাত ডেকা হৈ থকা যেনহে দেখুয়ায়৷ দীৰ্ঘদিন ধৰি ছাল ভালে ৰাখিবলৈ দাঢ়ি ৰখাটো আৱশ্যক৷