Logo
image

দৰৱ নোখোৱাকৈ নিৰাময় কৰক কঁকালৰ বিষ

আজিকালি বহুতেই কঁকালৰ বিষত আক্ৰান্ত হয়৷ কঁকালৰ বিষ এটা সাধাৰণ সমস্যা যদিও ইয়াক অৱহেলা কৰা উচিত নহয়৷ এই বিষ অতি যন্ত্ৰণাদায়ক৷ বহুতে কঁকালৰ বিষৰ পৰা নিৰাময় লাভ কৰিবলৈ নিয়মীয়াকৈ ঔষধ খায়৷ কিন্তু এই সমস্যাৰ পৰা মুক্তি লাভ কৰাৰ আন উপায়ো আছে৷ এনে উপায়সমূহ নিয়মিতভাৱে মানি চলিলে কঁকালৰ বিষৰ পৰা নিৰাময় পাব পৰা যায়৷ উল্লেখ কৰা হ’ল ঔষধ অবিহনে কঁকালৰ বিষৰ পৰা নিৰাময় লাভ কৰাৰ উপায়–

[১] যিসকলে কঁকালৰ বিষত ভুগি আছে, তেওঁলোকে নিয়মিত কেলছিয়াম জাতীয় খাদ্য গ্ৰহণ কৰক৷ ইয়াৰ ফলত কঁকালৰ বিষৰ পৰা মুক্তি পাব পৰা যায়৷

[২] বেছি হিলযুক্ত জোতা নিপিন্ধিব৷ বেছি হিলযুক্ত জোতাই কঁকালৰ বিষৰ সৃষ্টি কৰে৷ 

[৩] ওজন বাঢ়িলেও কঁকালৰ বিষ হয়৷ সেয়ে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰক৷ নিতৌ শৰীৰ চৰ্চা কৰিলে কঁকালৰ বিষ হোৱাৰ আশংকা নাথাকে৷

[৪] কুহুমীয়া পানীৰে অথবা ঠাণ্ডা আইচপেকেৰে মালিচ কৰিলেও কঁকালৰ বিষ কমে৷

[৫] টান বিছনাত শোৱাৰ অভ্যাস কৰক৷ ফ’মযুক্ত অথবা কোমল বিছনাত শোৱাৰ অভ্যাসে সহজেই কঁকালৰ বিষৰ সৃষ্টি কৰে৷ সেয়ে এনে বিছনাৰ সলনি যথাসম্ভৱ টান বিছনাত শোৱাৰ অভ্যাস কৰক৷

[৬] হাতৰ পৰা কিবা পৰি গ’লে অথবা প্ৰয়োজনীয় কোনো সামগ্ৰী তলত থাকিলে আমি প্ৰায়েই ততাতৈয়াকৈ হাউলি পৰি যোৱা বস্তু বা সামগ্ৰীটো উঠাই ল’বলৈ চেষ্টা কৰো৷ হঠাতে কৰা এনে কাৰ্যয়ো কঁকালৰ বিষৰ সৃষ্টি কৰে৷

[৭] ছিৰিৰে উঠা-নমা কৰাৰ সময়ত যথাসম্ভৱ মেৰুদণ্ড পোন কৰি লাহে লাহে খোজ কাঢ়ক৷ ছিৰিত লৰা-লৰিকৈ খোজ কাঢ়িলে কঁকালৰ বিষ হ’ব পাৰে৷

[৮] অফিচত বা ঘৰত কোনো কাম একেৰাহে দীৰ্ঘ সময় কৰিলে কঁকালৰ বিষ হ’ব পাৰে৷ সেয়ে এনে কামৰ সময়ত মাজে মাজে বিৰতি লওক৷ একেৰাহে দীৰ্ঘ সময়  চকীত নবহি মাজে মাজে খোজ কাঢ়ক৷