Logo
image

নিষিদ্ধ ছবি চোৱাৰ অপৰাধত কিশোৰক চৈধ্য বছৰৰ জে’ল

আমাৰ অসম, ৯ ডিচেম্বৰঃ ৫ মিনিটৰ বাবে নিষিদ্ধ ছবি চোৱাৰ অপৰাধত ১৪ বছৰীয়া কিশোৰক দিয়া হৈছে ১৪ বছৰৰ কাৰাদণ্ড৷ এই ঘটনা উত্তৰ কোৰিয়াৰ৷ উল্লেখ্য যে ইণ্টাৰনেট খুচৰি থাকোতে ১৪ বছৰীয়া কিশোৰটোৱে হঠাৎ বিচাৰি পাইছিল ‘দ্য আংকল’ নামৰ এখন নিষিদ্ধ ছবি৷ এই ছবিখন মাত্ৰ ৫ মিনিট উপভোগ কৰিছিল কিশোৰটোৱে৷ এই অপৰাধত যোৱা ৩০ নৱেম্বৰত কিশোৰটোক বিদ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰি নিয়ে আৰক্ষীয়ে৷ ইয়াৰ পাছতে এখন বিশেষ আদালতে কিশোৰটোক নিষিদ্ধ ছবি চোৱাৰ অপৰাধত ১৪ বছৰৰ কাৰাদণ্ড বিহে৷ উল্লেখ্য যে উত্তৰ কোৰিয়াত কিম জং চৰকাৰে বিভিন্ন নিষেধাজ্ঞা জাৰি কৰি থৈছে৷ তাৰ ভিতৰত নিষিদ্ধ ছবি চোৱাটোও গুৰুতৰ অপৰাধ বুলি কোৱা হৈছে৷