Logo
image

আত্মজীৱনীৰ আত্মকথা

আত্মজীৱনীত কি থাকে? কি থকা উচিত? বিভিন্ন সময়ত বিভিন্নজনে লিখা আত্মজীৱনীয়ে পাঠকক বিচিত্ৰ ৰসৰ সোৱাদ দিছে৷ আত্মজীৱনীয়ে কেৱল এজন মানুহৰ বিষয়েই নকয়, সেই মানুহজনৰ জীৱনকালে সামৰি লোৱা সময়ছোৱাৰ বহু কথাও কয়৷ আত্মজীৱনী লিখাৰ পৰম্পৰা পুৰণি যদিও ভাৰতবৰ্ষৰ মানুহে লিখা আত্মজীৱনী আৰু পাশ্চাত্যৰ লোকে লিখা আত্মজীৱনীৰ মাজত কিছু পাৰ্থক্য আছে৷ সেইদৰে অসমৰ মানুহে লিখা আত্মজীৱনী আৰু আমাৰ দেশৰ আন ঠাইৰ মানুহে লিখা আত্মজীৱনীৰ মাজত তফাৎ আছে৷ আমাৰ মুলুকৰ অধিকাংশ আত্মজীৱনীয়েই আত্মপ্ৰশংসাৰে পৰিপূৰ্ণ৷ লেখকৰ শিশুকাল, কৈশোৰ, যৌৱন আৰু প্ৰৌঢ়কালৰ বৰ্ণনাৰে ভৰপূৰ হৈ থকা আমাৰ অধিকাংশ লেখকৰ আত্মজীৱনী পঢ়িলে এনেকুৱা লাগে যে, তেওঁলোকে জীৱনত কোনো ভুলেই কৰা নাছিল৷ এজন মানুহে জীৱনত একো ভুল কৰা নাই– এয়া সম্ভৱনে? স্বাভাৱিকতেই এয়া সম্ভৱ নহয়৷ ভুলৰ পৰা শিক্ষা গ্ৰহণ কৰি কৰিয়েই এজন মানুহ ডাঙৰ মানুহ হয়৷ এজন গায়ক ডাঙৰ গায়ক হয়৷ এজন সাহিত্যিক ডাঙৰ সাহিত্যিক হয়৷ এজন ৰাজনীতিক ডাঙৰ নেতা হয়৷ লক্ষণীয়ভাৱে আমাৰ আত্মজীৱনী লেখকসকলে জীৱনত কৰা ভুলবোৰৰ বিষয়ে সাধাৰণতে উল্লেখ নকৰে৷ দুই-এক বিৰল ব্যতিক্ৰম বাদ দি আমাৰ আত্মজীৱনী লেখকসকল আত্মবন্দনা আৰু আত্মপ্ৰশস্তিত ব্যস্ত হৈ থাকে৷ ইয়াৰ বিপৰীতে পাশ্চাত্যৰ অধিকাংশ আত্মজীৱনীয়েই আত্মসমালোচনাৰে ভৰপূৰ৷ কৈশোৰত, যৌৱনত বা প্ৰৌঢ় বয়সত কৰা ভুলবোৰে পাশ্চাত্যৰ অধিকাংশ লেখকৰ আত্মজীৱনীত নিঃসংকোচে ঠাই পায়৷ আমাৰ আৰু পাশ্চাত্যৰ– দুই ঠাইৰ আত্মজীৱনী তুলনা কৰিলে পাশ্চাত্যৰ অধিকাংশ আত্মজীৱনীত সত্যনিষ্ঠতাৰ উমান পোৱা যায়৷ অৱশ্যে তেওঁলোকৰ সমাজখনো তেনেধৰণৰ৷ কেৱল এটা ভুলৰ বাবে তেওঁলোকে কেতিয়াও এজন মানুহৰ জীৱনজোৰা কৰ্ম-সাধনা অস্বীকাৰ নকৰে৷ যিটো আমাৰ মুলুকত বহুক্ষেত্ৰত দেখা নাযায়৷

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আত্মজীৱনীক লৈ শেহতীয়াকৈ বিতৰ্কৰ সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে প্ৰকাশৰ পূৰ্বেই বিতৰ্কৰ তুংগত উঠিছে আত্মজীৱনীখন৷ প্ৰকাশকে আত্মজীৱনীখনৰ বিষয়ে টুইট কৰাৰ লগে লগেই হাজাৰ হাজাৰ লোকে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া৷ নক’লেও হ’ব যে, এই প্ৰতিক্ৰিয়াসমূহৰ অধিকাংশই নেতিবাচক৷ মুখ্য ন্যায়াধীশ হৈ থকা সময়ছোৱাত ৰঞ্জন গগৈয়ে বা গগৈ নেতৃত্বাধীন বিচাৰপীঠে দিয়া কেইবাটাও গোচৰৰ ৰায় সন্দৰ্ভত ক্ষোভ আৰু অসন্তুষ্টি ব্যক্ত কৰিছে হাজাৰ হাজাৰ লোকে৷ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন কেলেংকাৰীৰ অভিযোগ আৰু বিচাৰৰ নামত হোৱা প্ৰহসনৰ প্ৰসংগও উত্থাপন কৰিছে বহুজনে৷ ইফালে গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত স্বয়ং ৰঞ্জন গগৈয়ে দিয়া ভাষণে নতুন বিতৰ্কৰ সৃষ্টি কৰিছে৷ অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিষয়ে ৰঞ্জন গগৈয়ে কৰা মন্তব্যৰ বাবে সৰ্বত্ৰ তোলপাৰ লাগিছে৷ ৰঞ্জন গগৈয়ে অভিযোগ কৰা মতে, মুখ্য ন্যায়াধীশ হৈ থকা কালছোৱাত তেওঁক তৰুণ গগৈয়ে বিভিন্নধৰণে হেঁচা দিছিল৷ বিশেষকৈ ৰাষ্ট˜ীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম বিলম্বিত কৰিবৰ বাবে তৰুণ গগৈয়ে হেঁচা দিয়া বুলি ৰাজহুৱাভাৱে সদৰী কৰিছে ৰঞ্জন গগৈয়ে৷ কেৱল সিমানেই নহয়, ৰঞ্জন গগৈৰ মাতৃৰ জৰিয়তে তৰুণ গগৈয়ে আন গোচৰৰ ক্ষেত্ৰত ৰঞ্জন গগৈক হেঁচা দিবলৈ চেষ্টা কৰা বুলিও অভিযোগ কৰিছে প্ৰাক্তন মুখ্য ন্যায়াধীশজনে৷ ৰঞ্জন গগৈৰ অভিযোগৰ উত্তৰ দিবলৈ এতিয়া তৰুণ গগৈ নাই৷ এজন মৃত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰাত স্বাভাৱিকতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰত্যাশিতভাৱেই ৰঞ্জন গগৈক উভতি ধৰিছে তৰুণ গগৈৰ সাংসদ পুত্ৰই৷ বিতৰ্কই ৰঞ্জন গগৈৰ আত্মজীৱনীৰ ব্যৱসায়িক সফলতাত কিমানদূৰ অৰিহণা যোগাব সেয়া সময়েহে ক’ব৷ সেয়া নি(য় হ’ব আত্মজীৱনীৰ নতুন আত্মকথা৷