Logo
image

মোবাইল ফোনৰ সঘন ব্যৱহাৰে শিশুলৈ বিপদ মাতিব পাৰে

মোবাইল এতিয়া সকলোৰে বাবে অপৰিহাৰ্য আহিলাত পৰিণত হৈছে৷ দৈনন্দিনৰ সকলো কাম-কাজ এতিয়া মোবাইল নহ’লে অচল৷ ঘৰত থাকিয়েই সকলো কাম সমাধান কৰিব পৰাৰ মাধ্যমত পৰিণত হৈছে মোবাইল৷ দিনটোৰ বেছিভাগ সময়েই মানুহ এতিয়া মোবাইল নিৰ্ভৰশীল হৈ পৰিছে৷ প্ৰাপ্তবয়স্কৰ পৰা কণমানি শিশুলৈকে মোবাইলৰ প্ৰভাৱ সৰ্বগ্ৰাসী হৈ পৰিছে৷ বিশেষকৈ ক’ভিডজনিত পৰিস্থিতিয়ে সৃষ্টি কৰা আতংকই মানুহক মোবাইলৰ বেছি কাষ চপাই নিলে৷ লকডাউনৰ সময়ত গৃহবন্দী হ’বলগীয়া হোৱাত মোবাইল হৈ পৰিল বহুতৰ বাবে সময় কটোৱাৰ উত্তম মাধ্যম৷ প্ৰাপ্তবয়স্কৰ তুলনাত শিশুসকল মোবাইলৰ প্ৰতি ক্ৰমাৎ বেছিকৈ আকৰ্ষিত হৈ পৰা দেখা গৈছে৷ এটি কণমানি শিশুৰ হাতত এটা মোবাইল তুলি নিদিলে শিশুৱে খাদ্য পৰ্যন্ত গ্ৰহণ নকৰা হ’ল৷ শিশুৰ অৱসৰ বিনোদনৰ মাধ্যম হৈ পৰিল মোবাইল ফোন৷ বিশেষকৈ নগৰাঞ্চলত থকা শিশুৰ ক্ষেত্ৰত মোবাইল ফোনে ভয়ংকৰ বিপদ মাতি আনিছে৷ ঘৰৰ চৌহদৰ ভিতৰতে আৱদ্ধ হৈ থকা এটি শিশুৰ বাবে ৰং-ধেমালি কৰিবলৈ সমনীয়াৰ অভাৱ৷ তদুপৰি মুকলিকৈ খেলা-ধূলা কৰিবৰ বাবেও কোনো ধৰণৰ ব্যৱস্থা নথকাত মোবাইলত বিভিন্ন ধৰণৰ গেম খেলি সময় অতিবাহিত কৰাৰ অভ্যাস গঢ়ি উঠিছে৷ 

১/ তদুপৰি ক’ভিড কালত অনলাইন পাঠ্যক্ৰমণৰ ব্যৱস্থাই কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে মোবাইল একপ্ৰকাৰ বাধ্যতামূলক হৈ পৰাত ইয়াৰ নেতিবাচক প্ৰভাৱ মনৰ লগতে প্ৰত্যক্ষভাৱে চকুত পৰিছে৷ এই সন্দৰ্ভত  চকুৰোগ বিশেষজ্ঞই কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে ইয়াৰ ফলত শিশুৰ চকু জ্বলা-পোৰা, চকু দৃষ্টিশক্তি হ্ৰাস পোৱাৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি হৈছে৷ 

২/ চকুৰোগ বিশেষজ্ঞৰ মতে শ্ৰেণীকোঠাত কোনো ছাত্ৰই যদি ব্লেকব’ৰ্ডত লিখা কোনো আখৰ ধৰিব নোৱাৰে তেতিয়া শিক্ষকে এই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ চকুৰ দৃষ্টিশক্তি হ্ৰাস পোৱা বুলি ধাৰণা কৰিব পাৰে৷ কিন্তু অনলাইন ক্লাছ কৰাৰ ফলত শিশু এটি যদি দৃষ্টিহীনতাতো ভোগে সেয়া তাৎক্ষণিকভাৱে ধৰিব পৰা নাযায়৷  

৩/ দীৰ্ঘ সময়ৰ বাবে অনলাইন ক্লাছ কৰিলে কণ কণ ছাত্ৰ-ছাত্ৰীৰ দৃষ্টি শক্তিৰ বাবে ভয়ংকৰ বিপদ নামি আহিব পাৰে৷ 

৪/ প্ৰয়োজন সাপেক্ষে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে মোবাইল ফোন ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰ কৰিবলৈ দিলেও অতি কমেও দুঘণ্টা সময় মুকলি পৰিৱেশত শিশুক খেলিবলৈ দিলে যথেষ্ট সুফল আশা কৰিব পাৰি৷