Logo
image

শৱদেহ কঢ়িয়াই অনা এম্বুলেঞ্চো দুৰ্ঘটনাগ্ৰস্ত



 ব্লেক বক্স তদন্তকাৰীৰ হাতত


আমাৰ অসম, ১০ ডিচেম্বৰ ঃ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত দেশৰ প্ৰথমজন সেনা সৰ্বাধিনায়ক বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাট আৰু আন ১১জন বিষয়া-জোৱানৰ নশ্বৰদেহ কঢ়িয়াই নিয়া এখন এম্বুলেন্স আজি দুৰ্ঘটনাত পতিত হয়৷ তামিলনাডুৰ ৱেলিংটনৰ পৰা নশ্বৰদেহসমূহ কইম্বাট’ৰৰ ছুলুৰলৈ নিয়াৰ পথত দুৰ্ঘটনাত পতিত হয় এম্বুলেন্সখন৷ এই ঘটনাত অৱশ্যে লগে লগে তাত থকা নশ্বৰদেহ আন এখন এম্বুলেন্সলৈ স্থানান্তৰ কৰা হয়৷ এম্বুলেন্সখনত কাৰ মৃতদেহ আছিল সেই বিষয়ে জানিব পৰা হোৱা নাই৷ ইয়াৰ পূৰ্বে  কনভয়টোত থকা আন এখন আৰক্ষীৰ বাহনো দুৰ্ঘটনাগ্ৰস্ত হয়৷ ইয়াৰ ফলত ৭জন আৰক্ষী আহত হয়৷ আটাইকে লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ উল্লেখ্য যে আজি পুৱা ১০ বজাত হাস্পতালৰ পৰা ৰাৱাট আৰু তেওঁৰ পত্নীসহ ১৩জনৰ নশ্বৰদেহ সেনা শিবিৰলৈ নিয়া হৈছিল৷ তাত শেষশ্ৰদ্ধা জ্ঞাপন কৰাৰ পাছত মৃতদেহসমূহ দুপৰীয়া ১২ বজাত কেইবাখনো এম্বুলেন্সেৰে নিয়া হয় ছুলুৰৰ বায়ুসেনাঘাটিলৈ৷ পাহাৰীয়া পথেৰে এম্বুলেন্সৰ কনভয়টো আগবাঢ়ি গৈ থাকোতে এটা কেঁকুৰি পাৰ হ’বলৈ লওতেই সংঘটিত হয় দুৰ্ঘটনাটো৷ ছুলুৰৰ পৰা জেনেৰেল ৰাৱাট তেওঁৰ পত্নী মধুলিকা ৰাৱাট আৰু বাকী কেইজন বিষয়া-জোৱানৰ মৃতদেহ বায়ু সেনাৰ বিমানেৰে নিয়া হয় দিল্লীলৈ৷ উল্লেখ্য যে ৰাৱাটসহ নিহত বিষয়া-জোৱানসকলৰ নশ্বৰদেহসমূহ ছুলুৰলৈ অনাৰ সময়ত তাত বিৰাজ কৰে বৰ্ণনাতীত  পৰিৱেশে৷ নশ্বৰদেহকেইটা ছুলুৰ বিমানবন্দৰলৈ অনাৰ সময়ত তাত সমৱেত হোৱা শ শ পুৰুষ-মহিলাই কান্দোনত ভাগি পৰাৰ লগতে একাংশই পুষ্পবৃষ্টি কৰাৰ উপৰি ‘ভাৰত মাতা কী জয়’ ধবনি  দিবলৈ আৰম্ভ কৰে৷ বুধবাৰে দুপৰীয়া তামিলনাডুৰ নীলগিৰি জিলাৰ এখন হাবিত দুৰ্ঘটনাত পতিত হৈছিল বায়ুসেনাৰ এম আই-১৭ হেলিকপ্টাৰ এখন৷ এই ঘটনাত দেশৰ প্ৰথমজন সেনা সৰ্বাধিনায়ক বিপিন ৰাৱাট তেওঁৰ পত্নী মধুলিকা ৰাৱাট, ব্ৰিগেডিয়াৰ  এল এছ লিড্ডাৰ, লেফটেনেণ্ট কৰ্ণেল হৰজিন্দৰ সিং, নায়ক গুৰুসেৱক সিং, নায়ক জীতেন্দ্ৰ কুমাৰ, লেন্স নায়ক বিবেক কুমাৰ, লেন্স নায়ক বি চাই তেজা, হাবিলদাৰ সৎপাল আৰু উইং কমাণ্ডাৰ পৃথ্বি সিং চৌহানৰ লগতে ১৩জনৰ মৃত্যু ঘটিছিল৷ আনহাতে ভয়ংকৰ দুৰ্ঘটনাটোত অলৌকিকভাৱে প্ৰাণৰক্ষা পৰিছিল গ্ৰুপ কেপ্টেইন বৰুণ সিংহৰ৷ দেহৰ ৪৫ শতাংশই দগ্ধ হোৱা উইং কমাণ্ডাৰ বৰুণৰ অৱস্থা সম্প্ৰতি স্থিতিশীল বুলি জানিব পৰা গৈছে৷ অৱশ্যে অহা ৪৮ ঘণ্টা সময় তেওঁৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰা হৈছে৷ ইপিনে বৃহস্পতিবাৰে পুৱা দুৰ্ঘটনাস্থলীৰ পৰা হেলিকপ্টাৰখনৰ ব্লেকবক্স আৰু অন্যান্য গুৰুত্বপূৰ্ণ যন্ত্ৰাংশ উদ্ধাৰ হয়৷ ব্লেকবক্স আৰু উদ্ধাৰ হোৱা যন্ত্ৰাংশ পৰীক্ষা কৰাৰ পাছত কি পৰিস্থিতিত ভাৰতীয় সেনাবাহিনীৰ সৰ্বোৎকৃষ্ট এম আই ১৭ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হ’বলগা হ’ল সেই বিষয়ে জানিব যাব৷ ইপিনে সমগ্ৰ ঘটনাটোৰ কাৰণ বিচাৰি উলিয়াবলৈ বায়ুসেনাৰ তৰফৰ পৰা ‘ট্ৰাই ছাৰ্ভিছ’ তদন্তৰ নিৰ্দেশ দিয়া হৈছে৷ তদন্তৰ নেতৃত্ব দিছে এয়াৰ মাশ্বৰ্াল মানৱেন্দ্ৰ সিঙে৷ আনহাতে হেলিকপ্টাৰ দুৰ্ঘটনাটো সন্দৰ্ভত আজি সংসদত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিবৃতি দিয়ে৷ সংসদত মন্ত্ৰী সিঙে জনায়– দুৰ্ঘটনাটোত সেনাৰ সৰ্বাধিনায়ক জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাটসহ মুঠ ১৩জনৰ মৃত্যু ঘটিছে৷ হেলিকপ্টাৰখনৰ একমাত্ৰ জীৱিত ব্যক্তি গ্ৰুপ কেপ্টইন বৰুণ সিংহৰ বেংগালুৰুত চিকিৎসা চলি আছে৷ প্ৰয়োজনবোধে তেওঁক আন হাস্পতাললৈ স্থানান্তৰ কৰা হ’ব বুলি প্ৰতিৰক্ষামন্ত্ৰীজনে সংসদক অৱগত কৰে৷ মন্ত্ৰী সিঙে লগতে জনায় যে ১২-১৫ বজাত দুৰ্ঘটনাটো সংঘটিত হয়৷ ইয়াৰ পূৰ্বে ১২-০৮ বজাৰ পৰা ছুলুৰ এয়াৰবেছৰ সৈতে হেলিকপ্টাৰখনৰ যোগাযোগ বিচ্ছিন্নহৈছিল৷ তেওঁ সমগ্ৰ ঘটনাটোৰ বাবে যুটীয়া তদন্ত সমিতি গঠনৰ নিৰ্দেশ দিয়া বুলিও উল্লেখ কৰে৷ ইপিনে কালিৰ দুৰ্ঘটনাটোৰ পাছত ছ’চিয়েল মিডিয়াত দুৰ্ঘটনাৰ আগমুহূৰ্তৰ এটা ভিডিঅ’ আজি ভাইৰেল হৈ পৰে৷ য’ত প্ৰত্যক্ষ হয় ডাঠ কুঁৱলীৰ মাজত হেলিকপ্টাৰখন সোমাই পৰাৰ দৃশ্য আৰু ইয়াৰ পাছতে হোৱা বিস্ফোৰণৰ শব্দ৷ জানিব পৰা মতে সেই সময়ত এটা পৰ্যটকৰ দলে হেলিকপ্টাৰখনৰ এই দৃশ্য মোবাইল ফোনযোগে আৱদ্ধ কৰিছিল৷