Logo
image

বীৰপূজা সফলতাৰে হৈছেনে অসমত?

 যিদেশত বীৰৰ পূজা হয় সেই দেশতহে বীৰৰ জন্ম হয়৷ এই বাক্যশাৰীক সাৰোগত কৰি চৰকাৰী আৰু বেচৰকাৰীভাৱে সমগ্ৰ দেশৰ লগতে অসমতো মহান ব্যক্তিসকলৰ স্মৃতিত বিভিন্ন দিৱস উদ্‌যাপন কৰা হয়৷ চৰকাৰেও তেনে ব্যক্তিসকলৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে সংশ্লিষ্ট ব্যক্তিজনাৰ জন্মতিথি বা মৃত্যুতিথিৰ দিনা বিভিন্ন বঁটা বাহন প্ৰদান কৰে৷ বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰপূৰ অসমত ঐতিহাসিক কালৰে পৰা বহুজনে ৰাজনৈতিক, আধ্যাত্মিক-সাংস্কৃতিক, সামাজিকভাৱে অনবদ্য অৱদান আগবঢ়াই অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰিছে৷ বিদেশী শত্ৰুৰ পৰা অসমক ৰক্ষা কৰাৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰি যুঁজ কৰা বীৰ-বীৰাংগনাৰ উদাহৰণ ইতিহাসৰ প্ৰতিটো পৃষ্ঠাত উল্লেখ আছে৷ অসম দিৱস [চাওলুং চ্যুকাফাৰ সোঁৱৰণত], লাচিত দিৱস, শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, সতী-সাধনী দিৱস, চিলাৰায় দিৱসকে ধৰি বহু দিৱস উদ্‌যাপন কৰা হয় এইসকল মহান ব্যক্তিৰ অৱদানৰ প্ৰতি জাতিয়ে শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আৰু তেওঁলোকে কৰা কাম-কাজে নতুন প্ৰজন্মক যাতে অনুপ্ৰাণিত কৰিব পাৰে সেই কথাও দিৱস উদ্‌যাপনৰ সৈতে নিহিত থাকে৷ কিন্তু ক্ৰমান্বয়ে এনে দিৱসসমূহ যি উদ্দেশ্যেৰে উদ্‌যাপন কৰা হয় তাৰ পৰা যেন ফালৰি কাটি এক তথাকথিত আনুষ্ঠানিকতাতহে পৰিণত হৈছে৷ চৰকাৰীভাৱে আয়োজন কৰা কেন্দ্ৰীয় অনুষ্ঠানটিত বহু লক্ষাধিক টকাৰ পেণ্ডেল আৰু অন্যান্য সা-সুবিধাৰে পৰিপুষ্ট কৰি বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰা হয়, মন্ত্ৰী-নেতাই মহান ব্যক্তিজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নতুন প্ৰজন্মক অগ্ৰসৰ হ’বলৈ আহ৩ান জনায় আৰু ইয়াতে কাৰ্যসূচীৰ অন্ত পৰে৷ উল্লেখযোগ্য জাতীয় জীৱনলৈ বহু অৱদান যোগোৱা এই ব্যক্তিসকলৰ সোঁৱৰণীৰ দিনটোত স্কুল-কলেজ, অফিচ-কাৰ্যালয় চৰকাৰী ঘোষণা মতে বন্ধ থাকে৷ স্কুল-কলেজসমূহ উক্ত দিনত বন্ধ থকাৰ বাবে সাধাৰণতে ছাত্ৰ-ছাত্ৰীৰ মনত সেই দিনটোত অন্যান্য বন্ধৰ দিনৰ দৰে এটা দিনতহে পৰিণত হয়৷ পাঠ্যপুথিতো তেনে ব্যক্তিসকলৰ গৰিষ্ঠসংখ্যকৰ বিষয়ে নোপোৱাৰ বাবে ৰাজ্যৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ বিষয়ে নাজানে৷ দুই-এখন শিক্ষানুষ্ঠানে নিজাববীয়া উদ্যোগ লৈ উক্ত দিনটোৰ তাৎপৰ্য সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি জনায় যদিও সেয়া অতি সীমিত৷ আনহাতে অসমৰ স্বাৰ্থৰ হকে জাতি, ধৰ্ম, বৰ্ণৰ ঊধবৰ্ত থাকি অৱদান আগবঢ়োৱা এনে বহু মহান লোকক লৈ উদ্‌যাপন কৰা দিৱসৰ বহু অনুষ্ঠান লাহে লাহে নিৰ্দিষ্ট গোষ্ঠী, সম্প্ৰদায়ৰ নেতৃত্বইহে আয়োজন কৰাৰ বাবে সেই মহান ব্যক্তিজনো বিশেষ সম্প্ৰদায়, গোষ্ঠীৰ ব্যক্তিৰ চিনাকিটোৱেহে অগ্ৰাধিকাৰ পাবলৈ লৈছে৷ নি(য় এটা জাতিৰ বাবে এনে কথা শুভলক্ষণ নহয়৷ ইফালে ৰাজনৈতিক দৃষ্টিকোণেৰে বিভিন্ন সময়ত চৰকাৰে সংশ্লিষ্ট গোষ্ঠী, সম্প্ৰদায়ক সন্তুষ্ট কৰাৰ বাবে বিভিন্ন বঁটা-বাহন, বিশেষ ছুটীৰ ব্যৱস্থা আদি ঘোষণা কৰে যদিও ৰাজনৈতিক আদৰ্শৰ ভিন্নতাৰ কাৰণে পূৰ্বতে ঘোষণা কৰা এনে বহু বঁটা বাহন নতুনকৈ গঠন হোৱা চৰকাৰে বাতিল কৰে বা বছৰ বছৰ ধৰি পূৰ্বতে প্ৰদান কৰা বঁটা প্ৰদানৰ পৰা বিৰত থাকে৷ এনেবোৰ কথা সম্প্ৰীতি-একতা অটুট ৰখাৰ ক্ষেত্ৰত এক পৰিপন্থী কাৰ্যৰূপেহে পৰিগণিত হয়৷ আমাৰ মন্ত্ৰী-নেতা, বুদ্ধিজীৱীৰ পৰা জাতীয় সংগঠনৰ নেতা সকলোৱে দাবী কৰে যে আমাৰ বহু মহান ব্যক্তিৰ অৱদানক ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি দিয়া উচিত, বিশ্ব-দৰবাৰলৈ নিয়া উচিত৷ এই পৰ্যায়লৈ নিবৰ বাবে যি বৌদ্ধিক, সাংস্কৃতিক যুঁজৰ লগতে ৰাজনৈতিক যুঁজখনৰো প্ৰয়োজন তাক আমি কিমান সফলতাৰে কৰিছো সেয়া প্ৰশ্নৰ বিষয়৷ ইয়াৰ জ্বলন্ত  উদাহৰণ হ’ল অসমৰ জাতীয় জীৱনৰ বটবৃক্ষ স্বৰূপ মহাপুৰুষ শংকৰদেৱৰ মহান সৃষ্টিৰাজি আৰু দৰ্শন তুলনাবিহীন হোৱা সত্ত্বেও দেশৰ এখনো বিশ্ববিদ্যালয়ত বৰ্তমান শংকৰদেৱ আসন নাই৷ ইউজিচিয়ে কেইবাবছৰ পূৰ্বে ভাৰতবৰ্ষৰ পাঁচখন বিশ্ববিদ্যালয়ত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰাৰ বিষয়ে ঘোষণা কৰিছিল৷ তদানীন্তন শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ২০১৭ চনতে বিশ্বভাৰতী, জে এন ইউ হায়দৰাবাদ, বেনাৰস আৰু দিল্লী বিশ্ববিদ্যালয়ত এই আসন প্ৰতিষ্ঠা হ’ব বুলি ঘোষণা কৰাৰ পাছতো আজিকোপতি কাৰ্যকৰী নহ’ল৷ তেজপুৰ, পঞ্জাৱ বিশ্ববিদ্যালয়তো শংকৰদেৱ আসন কেইখন দীৰ্ঘদিন ধৰি খালী হৈ আছে৷ দেশৰ উচ্ছ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ বিশ্ববিদ্যালয়কেইখনতে গুৰুজনাৰ আদৰ্শ, সৃষ্টি, দৰ্শনক বিদ্যায়তনিকভাৱে জগতসভালৈ নিয়াৰ সুবিধা থকা সত্ত্বেও আমি ব্যৰ্থ হৈছো ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত৷ ইয়াৰ পাছত আন বহু মহান ব্যক্তিৰ নামত আসন প্ৰতিষ্ঠাৰ দিশটো যে অসাৰ প্ৰতিপন্ন হ’ব তাক বহলাই কোৱাৰ প্ৰয়োজন নাই৷