Logo
image

কেনেকৈ চলিছে উচ্ছশিক্ষাৰ সংস্কাৰ

কলেজ মানে অসমৰ প্ৰাদেশীকৃত কলেজবোৰৰ কথা ক’ব খোজা হৈছে৷ যি সময়ত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ [২০২০] অধীনত দেশৰ উচ্ছশিক্ষা ক্ষেত্ৰত ব্যাপক সংস্কাৰৰ চিন্তা কৰা হৈছে, সেই সময়ত অসমৰ কলেজসমূহত বিৰাজ কৰিছে এক নিৰাশাজনক পৰিস্থিতি৷ প্ৰকৃততে উচ্ছশিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যে কি সেই কথাই যেন কিছুমানে পাহৰিছে৷ যি সময়ত উচ্ছশিক্ষাৰ গুণগত মান নিৰূপণৰ বাবে বিভিন্ন পন্থা হাতত লোৱা হৈছে, সেই সময়ত খবৰ প্ৰকাশ পাইছে যে অসমৰ গৰিষ্ঠসংখ্যক কলেজে  বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত গঠিত মান নিৰূপক সংস্থা ‘নাক’ৰ দ্বাৰা প্ৰত্যায়িত হোৱা নাই৷ পৰিস্থিতিৰ গভীৰতালৈ লক্ষ্য কৰি কেইদিনমান আগতে স্বয়ং মুখ্যমন্ত্ৰীয়ে ক’বলগীয়া হৈছে–২০২২ চনৰ ভিতৰত ‘নাক’ৰ দ্বাৰা মান নিৰূপণ নকৰা কলেজৰ অধ্যক্ষ আৰু শিক্ষকৰ দৰমহা কৰ্তন কৰি অপ্ৰাদেশীকৃত কৰাৰ ব্যৱস্থা লোৱা হ’ব৷ ইমান কথা শুনাৰ পাছতো অধ্যক্ষ আৰু কলেজ শিক্ষকে উচ্ছশিক্ষাৰ উন্নতি কৰিব কেনেকৈ বুলি প্ৰশ্ন উঠিছে৷

যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমক ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ মাজৰ এখন কৰি গঢ়ি তুলিব খুজিছে, সেই সময়ত দুই বজাৰ পাছতে অসমৰ বেছিভাগ কলেজ চৌহদত শ্মশানৰ নীৰৱতা বিৰাজ কৰে আৰু কলেজৰ পুথিভঁৰালবোৰত তলা ওলমে৷

কলেজ শিক্ষকৰ দৰমহা বঢ়ালে শিক্ষাৰ মান উন্নত হ’ব বুলি ভবা ধাৰণা ওলোটা হৈছে৷ ভাল দৰমহা পোৱা শিক্ষকৰ মাজৰ বেছিভাগেই এতিয়া শ্ৰেণীকোঠাত উপস্থিত থাকিব নোৱৰা হৈছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়ম মতে, কলেজত কাম কৰা এজন শিক্ষকে সপ্তাহত ৪০ ঘণ্টা আৰু প্ৰতিদিনে কমেও ৫ ঘণ্টা কলেজত উপস্থিত থাকিব লাগে৷ তদুপৰি আয়োগৰ নীতিত স্পষ্টকৈ কোৱা আছে যে সপ্তাহত এজন সহযোগী অধ্যাপকে ১৪ ঘণ্টা আৰু এজন সহকাৰী অধ্যাপকে ১৬ ঘণ্টা পোনপটীয়াকৈ শ্ৰেণীত উপস্থিত থাকিব লাগে৷ বাকী সময়খিনি গৱেষণা আৰু অন্য শৈক্ষিক কামত খৰচ কৰিব লাগে৷ কৰ’নাৰ আগতে বিনষ্ট হোৱা পৰিৱেশ এতিয়া নিয়ন্ত্ৰণৰ বাহিৰত/ বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্পষ্ট নীতি থকা অৱস্থাতে অসমৰ কলেজবোৰ দুই বজাৰ পাছতে জনশূন্য হয় কেনেকৈ, সেইটো হিচাপ কৰিবলগীয়া বিষয় হৈ পৰিছে৷ তেনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সমাজত ইতিমধ্যে ধাৰণা হৈছে– প্ৰাদেশীকৃত কলেজত পঢ়িলেই উন্নতি কৰিব পৰা নাযাব, যাৰ ফলত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহ জনপ্ৰিয় হ’বলৈ ধৰিছে৷ শ্ৰেণীকোঠা এৰি সংস্থা-সংগঠন কৰি ফুৰা এচাম নেতাৰ কথাত ভোল গৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু চৰকাৰৰ শিক্ষা উপদেষ্টাই কেৱল বক্তৃতাৰ মাজেৰে সংস্কাৰ প্ৰক্ৰিয়া চলাইছে৷

অসমৰ কলেজসমূহক প্ৰকৃতাৰ্থত জ্ঞান-গৱেষণাৰ কেন্দ্ৰ কৰি গঢ়ি তুলিব নোৱাৰিলে অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ মুখ্যমন্ত্ৰীৰ সপোন আধৰুৱা হৈ ৰোৱাটো খাটাং৷ অসমৰ কলেজসমূহক কেৱল নিৱনুৱা উৎপাদন কেন্দ্ৰ হৈ থাকিবলৈ দিলে অসমৰ উন্নতিৰ গতি ওলোটাহে হ’ব/ নতুন শিক্ষানীতিয়ে ইতিমধ্যে বহুত কলেজৰ বাবে প্ৰত্যাহ৩ান কঢ়িয়াই আনিছে৷ চেতনা জাগৃত নহ’লে নতুন শিক্ষানীতিৰ সম্পূৰ্ণ ৰূপায়ণে এনে কলেজৰ স্বাভাৱিক মৃত্যু নিশ্চিত কৰিব/ 

ইফালে উচ্ছশিক্ষাত সংস্কাৰৰ কথা কোৱা চৰকাৰে প্ৰাদেশীকৃত কলেজসমূহৰ ভিতৰচ’ৰাত চলি থকা সমস্যাক গভীৰভাৱে নোলোৱাৰ বাবে পৰিস্থিতি জটিল হ’বলৈ ধৰিছে৷ ছাত্ৰ অনুপাতে শিক্ষক-কৰ্মচাৰী নথকা কলেজবোৰ চলিছে অনিয়মীয়া  আৰু চুক্তিবদ্ধ নিযুক্তি ব্যৱস্থাৰে৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতিমতে এটা বিভাগত মুঠ শিক্ষকৰ ১০ শতাংশৰ বেছি অনিয়মীয়া শিক্ষক থাকিব নালাগে আৰু সেইসকলৰ যোগ্যতা আৰু দৰমহা একে পৰ্যায়ৰ হ’ব লাগে৷ বাস্তৱত তাৰ ওলোটা হোৱা দেখা গৈছে৷ নিয়মীয়া শিক্ষকৰ পালমৰা স্বভাৱ আৰু অনিয়মীয়া শিক্ষকৰ অধিক বোজাই কলেজীয়া শিক্ষাক ভেঁকো-ভাওনালৈ ৰূপান্তৰিত কৰিব ধৰিছে৷

বহু কলেজত স্থায়ী অধ্যক্ষ নাই৷ উপাধ্যক্ষ নিযুক্তিৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে আগবঢ়োৱা নীতি ৰাজ্যত আজিও বলৱৎ হোৱা নাই৷ ফলত কলেজবোৰত শৈক্ষিক দিশ নিৰীক্ষণ কৰিবলৈ কোনো দায়িত্ববাহী নোহোৱা অৱস্থা বিৰাজ কৰিছে৷ ভাৰপ্ৰাপ্ত অধ্যক্ষ নিযুক্তিৰ ব্যৱস্থা বিলোপ কৰিব নোৱাৰিলে, নিয়মীয়া শিক্ষকৰ নিযুক্তি সম্পূৰ্ণ নকৰিলে শৈক্ষিক পৰিস্থিতিৰ অধিক অৱনতি হ’ব বুলি ধাৰণা কৰা হৈছে/ কেৱল শিক্ষামন্ত্ৰী তথা শিক্ষা উপদেষ্টাৰ ভাষণ আৰু শিক্ষক সংস্থাৰ তোষামোদকাৰী নেতাৰ পৰিকল্পনাত ৰাজ্যৰ উচ্ছশিক্ষা ক্ষেত্ৰত উন্নতি সম্ভৱ নহয়৷ উচ্ছশিক্ষাৰ উন্নতি বিচাৰিলে সংশ্লিষ্ট সকলো পক্ষই সমস্যাবোৰ গভীৰভাৱে বিশে¡ষণ কৰি সমাধানৰ পথ উলিয়াব লাগিব৷