Logo
image

বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন

সাধাৰণতে শাৰদীয় দুৰ্গোৎসৱৰ পাছত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত তাপমাত্ৰা হ্ৰাস পাবলৈ ধৰে আৰু সেইবাবেই এই সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ দেশৰ আন ঠাইৰ পৰা পৰ্যটকৰ আগমন ঘটে৷ কিন্তু এই বছৰ পৰিৱেশ আছিল সম্পূৰ্ণ বেলেগ৷ বিলম্বিত হৈছে শীতকালৰ আগমন৷ তাৰ লগতে চমু হৈছে শীতকালৰ সময়৷ এটা সময়ত নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ এই সময়ছোৱা আছিল শীতকাল৷ কিন্তু শেহতীয়াভাৱে দেখা গৈছে যে ডিচেম্বৰ মাহৰ মাজভাগতো ৰাজ্যত পূৰ্বৰ দৰে শীতৰ পৰিৱেশ দেখিবলৈ পোৱা নাই৷ ৰাজধানী গুৱাহাটীৰ লগতে আন কেতবোৰ স্থানত এতিয়াও দিনৰ ভাগত ফেন চলাবলগীয়া পৰিৱেশ দেখা গৈছে৷ বতৰ বিজ্ঞানীৰ মতে, অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত শীতকাল হ্ৰাস পাইছে৷ দেশৰ এই× অঞ্চলটোত বিগত দহ বছৰমানৰ পৰা বতৰৰ পৰিৱৰ্তন কমি অহা পৰিলক্ষিত হৈছে৷ পূৰ্বে অসমৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনত শীতৰ পৰিৱেশ পোৱা গৈছিল তিনি মাহ৷ কিন্তু বৰ্তমান অসমত শীতকাল বুলিলে ডিচেম্বৰৰ কিছু সময় আৰু জানুৱাৰী মাহটোকহে জনা যায়৷ বিজ্ঞানীসকলৰ মতে, এই পৰিৱৰ্তনৰ মূল কাৰণ হৈছে উত্তৰ-পূৰ্বাঞ্চলত বিগত কেইবছৰমানৰ পৰা বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছে৷ সচৰাচৰ এই অঞ্চলটোত মৌচুমী বায়ুৰ পাছৰ সময়ছোৱাত সাধাৰণতে বৰষু¸ণ হয় আৰু তাৰ পাছতে শীতৰ আগমন হয়৷ কিন্তু চলিত বছৰটোত অসমত বৰষুণৰ পৰিমাণ আছিল তুলনামূলকভাৱে ভালেখিনি কম৷ জুন-জুলাই মাহত অসমৰ লগতে দেশৰ কেইবাটাও অঞ্চলত বান সমস্যাই দেখা দিয়ে৷ কিন্তু চলিত বৰ্ষৰ ছেপ্টেম্বৰলৈ পূৰ্বৰ দৰে বান সমস্যাৰ সৃষ্টি হোৱা নাছিল বৰষুণৰপৰিমাণ হ্ৰাস পোৱা বাবে৷ চলিত বছৰতে প্ৰকাশ পোৱা এটা প্ৰতিবেদন অনুসৰি পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য জলবায়ু পৰিৱৰ্তনৰ বাবে বিপদসংকুল হিচাপে চিনাক্ত কৰা হৈছে৷ এই ৰাজ্যকেইখনৰ অন্যতম হৈছে অসম৷ শীতকালৰ সময় কমি যোৱাৰ ফলত পৰিৱেশৰ লগতে জীৱকুলৰ ওপৰতো তাৰ প্ৰভাৱ পৰিছে৷ আনহাতে, মৌচুমী বায়ুৰ পাছৰ সময়ছোৱাত বৰষুণ নোহোৱাৰ ফলত কৃষিখণ্ডতো তাৰ প্ৰভাৱ নপৰাকৈ থকা নাই৷

কেইবছৰমান আগলৈকে নৱেম্বৰ মাহৰ পৰা গৰম কাপোৰ বিক্ৰী কৰাৰ বাবে অসমৰ বিভিন্ন অঞ্চললৈ আগমন ঘটিছিল নেপাল আৰু তিব্বতীয় মূলৰ এচাম বেপাৰীৰ৷ উত্তৰ-পূৰ্বাঞ্চলত শীতকালৰ সময় হ্ৰাস পোৱাৰ ফলত এইসকল লোকৰ ব্যৱসায়তো নেতিবাচক প্ৰভাৱ পৰিছে৷ তাৎপৰ্যপূৰ্ণ যে ১৪ ডিচেম্বৰৰ দিনৰ ২ বজাত গুৱাহাটীৰ সৰ্বোচ্ছ তাপমান আছিল চ্ছ ডিগ্ৰী, যিটো স্বাভাৱিক বুলি ক’ব নোৱাৰি৷ বিজ্ঞানীসকলে ধাৰণা কৰা মতে, উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিবছৰে শীতৰ পৰিমাণ কমি আহিছে, যিটো হৈছে এটা উদ্বেগৰ কাৰণ৷ সচৰাচৰ দেখা পোৱা মতে,  দুৰ্গাপূজাৰ পাছৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত হোৱা পাতলীয়াৰ পৰা মজলীয়া বৰষুণে তাপমান হ্ৰাস কৰে৷ কিন্তু চলিত বৰ্ষত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহতো অক্টোবৰৰ মাজভাগলৈ তাপমাত্ৰা আছিল যথেষ্ঠ বেছি৷ দ্ৰুত নগৰীকৰণৰ ফলত দেশৰ আন অঞ্চলতো উষ্ণতা বৃদ্ধি এক চিন্তাৰ কাৰণ হৈ পৰিছে৷ পৰিৱেশবিদসকলৰ ভাষাত ইয়াক কোৱা হয় আৰবান হিট আইলেণ্ড এফেক্ট৷ দ্ৰুত নগৰীকৰণৰ ফলত বৃদ্ধি পাইছে উন্নয়নমূলক কাম-কাজ৷ সংকুচিত হৈছে বনাঞ্চল৷ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰত যদি এনেদৰেই অস্বাভাৱিকভাৱে বতৰৰ পৰিৱৰ্তন হৈ থাকে, তেন্তে অনাগত দিনত পৰিৱেশ-পৰিস্থিতি অধিক জটিল হৈ পৰিব আৰু এনে পৰিৱেশৰ পৰা পৰিত্ৰাণৰ উপায় আমিয়েই উলিয়াব লাগিব৷