পুনৰ বাধাগ্ৰস্ত হ’ব নেকি শৈক্ষিক ক্ষেত্ৰ
বিগত প্ৰায় দুটা বছৰ ক’ভিড-১৯ অতিমাৰীয়ে সকলো ক্ষেত্ৰতে নেতিবাচক প্ৰভাৱ পেলোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ অধিকাংশই সমস্যাৰ গৰাহত পৰিছে৷ কৰ’না মহামাৰীয়ে অৰ্থনৈতিকভাৱে সকলো লোককে জুৰুলা কৰাত জনসাধাৰণৰ জীৱন জীয়াই সমস্যা হৈ পৰিছে৷ ইফালে, বিগত প্ৰায় দুটা বছৰে শ্ৰেণীকোঠাৰ পাঠদান বন্ধ থকাৰ পাছত নৱেম্বৰৰ পৰা অসমৰ সকলো শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ চৰকাৰে দিয়াৰ পাছত পুনৰ শিক্ষাৰ্থীসকল শিক্ষানুষ্ঠানলৈ শ্ৰেণীকোঠাৰ পাঠদান গ্ৰহণ কৰিবলৈ গৈছিল যদিও কেইবাখনো শিক্ষানুষ্ঠানত কৰ’নাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে শিক্ষাৰ্থী আৰু অভিভাৱকসকল৷ যদিহে পুনৰ কৰ’নাৰ সংক্ৰমণ বৃদ্ধি হয়, তেন্তে শিক্ষাৰ্থীসকল শৈক্ষিক দিশত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে তেওঁলোকৰ জীৱনলৈ সংশয় নামি আহিব৷ কিয়নো ভাৰতত এতিয়াও ১৮ বছৰ অনূধবৰ্ ল’ৰা-ছোৱালীক ক’ভিড-১৯ প্ৰতিষেধক ছিটা দিয়াৰ ব্যৱস্থা কৰা নাই৷ যি সময়ত বিশ্বৰ বহু দেশত কৰ’নাৰ দুয়োপালি প্ৰতিষেধক দিয়াৰ উপৰি কৰ’না বুষ্টাৰ দিয়াৰ ব্যৱস্থা কৰিছে, তেনে সময়তো ভাৰতত ১৮ অনূধবৰ্ ল’ৰা-ছোৱালীক প্ৰতিষেধক দিয়াৰ ব্যৱস্থা অদ্যাপি নোহোৱাৰ লগতে ১৮ বছৰ ঊধবৰ্ৰ বহু লোকেও এতিয়াও দুয়োপালি প্ৰতিষেধক লোৱাৰ সুবিধা পোৱা নাই৷ এনে অৱস্থাত সমাজত কৰ’নাৰ বিৰুদ্ধে হাৰ্ড ইমিউনিটী গঢ়ি উঠা বুলি আশা কৰিব নোৱাৰি৷ ইফালে, পূৰ্বৰ কৰ’নাৰ দুই প্ৰজাতিতকৈও শক্তিশালী বুলি প্ৰচাৰ হোৱা কৰ’নাৰ নতুন প্ৰজাতি অমিক্ৰনে দেশত কৰ’নাৰ তৃতীয় ঢৌৰ সৃষ্টি কৰাৰ আশংকা প্ৰবল হৈ পৰিছে৷ কৰ’না কালত বিগত সময়ত দেশ তথা ৰাজ্যৰ শিক্ষাৰ্থীক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ চেষ্টাৰে অনলাইন শিক্ষা ব্যৱস্থা কৰা হয় যদিও এই ব্যৱস্থাত শিক্ষাৰ্থী কিমান উপকৃত হৈছে, সেয়া সকলোৰে জ্ঞাত৷ অনলাইন শিক্ষা ব্যৱস্থাৰ ফলত একাংশ ছাত্ৰ-ছাত্ৰী অৰ্থৰ অভাৱৰ উপৰি নেটৱৰ্ক ব্যৱস্থাই ঢুকি নোপোৱাৰ বাবে বা দুৰ্বল নেটৱৰ্ক ব্যৱস্থাৰ বাবে শৈক্ষিক দিশত পিছপৰি ৰৈছে৷ শ্ৰেণীকোঠাৰ পাঠদান মুকলি কৰি দিয়াৰ পাছত শিক্ষাৰ্থীসকলে পূৰ্বৰ লোকচান সত্ত্বেও নিজৰ শৈক্ষিক দিশ আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিল৷ এনে সময়তে গুৱাহাটী বিশ্ববিদ্যালয় আৰু বি বৰুৱা মহাবিদ্যালয়ত কৰ’নাৰ ব্যাপক সংক্ৰমণৰ খবৰে শংকিত কৰিছে শিক্ষাৰ্থীসকলক৷ উল্লেখ্য, গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় সপ্তাহ চলি থকাৰ সময়তে ২০জনতকৈও অধিক শিক্ষাৰ্থীৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাত গুৱাহাটী বিশ্ববিদ্যালয়ক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে আৰু ১৯ ডিচেম্বৰপৰ্যন্ত শ্ৰেণীকোঠাৰ পাঠদান বাতিল কৰিছে৷ আনহাতে, বি বৰুৱা মহাবিদ্যালয়ৰ ৮জন শিক্ষাৰ্থীৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰাৰ পাছতো মহাবিদ্যালয়ৰ শ্ৰেণীসমূহ বাতিল কৰা নাই যদিও সতৰ্ক ব্যৱস্থা গ্ৰহণ কৰি পাঠদান কাৰ্য চলাই যোৱাৰ উপৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা বুলিহে প্ৰকাশ পাইছে৷ ইয়াৰ উপৰি দিছপুৰ মহাবিদ্যালয়তো কেইবাজনো শিক্ষাৰ্থীৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ এনে অৱস্থাত শিক্ষাৰ্থীসকল কিমান সুৰক্ষিত হৈ থাকে, সেয়া সময়েহে ক’ব৷ প্ৰতিখন শিক্ষানুষ্ঠানতে যদি শিক্ষাৰ্থী এনেদৰে ক’ভিডত আক্ৰান্ত হয়, তেন্তে পুনৰ বন্ধ হৈ পৰিব নেকি শ্ৰেণীকোঠাৰ পাঠদান? ইফালে, ভাৰতৰ বিভিন্ন ৰাজ্যত অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ খবৰ প্ৰকাশ পাইছে৷ অমিক্ৰনৰ সংক্ৰমণ ৰোধ কৰিবলৈ কৰ’না প্ৰতিষেধকৰ দুয়োপালি যথেষ্ট নহয় বুলিও ব্ৰিটিছ গৱেষকে প্ৰকাশ কৰিছে৷ এনে অৱস্থাত আমাৰ দেশ তথা ৰাজ্যত কিদৰে জনজীৱন সুৰক্ষিত কৰি ৰখাৰ লগতে শৈক্ষিক দিশত শিক্ষাৰ্থীক আগুৱাই লৈ যায়, সেই কথা সময়েহে ক’ব৷ এতিয়া প্ৰতিজন লোক যথেষ্ট সতৰ্ক হোৱা প্ৰয়োজন৷ বিশেষকৈ দেশৰ ভৱিষ্যৎ শিক্ষাৰ্থীসকলে কৰ’না ভাইৰাছৰ পৰা নিজক বচোৱাৰ লগতে শৈক্ষিক ক্ষেত্ৰখনতো যাতে পিছপৰি নাযায় তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷






