শ্ৰীৰামচন্দ্ৰই বচাব পাৰিবনে
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স-পত্নী অযোধ্যাত উপস্থিত হৈ ৰাজ্যবাসীৰ মংগল কামনা কৰি পূজা কৰিছে৷ বোধকৰোঁ এই কাৰ্যত হিমন্ত বিশ্ব শৰ্মাই প্ৰথম হিচাপে স্থান পাব৷ কিন্তু শাসনলৈ আহিয়ে যিবোৰ ক্ষেত্ৰত অসমক শ্ৰেষ্ঠ কৰা হ’ব বুলি ঘোষণা কৰিছিল, সেইবোৰ ক্ষেত্ৰত কি হৈছে সেয়া নি(য়কৈ চৰ্চা কৰাৰ সময় আহি পৰিছে৷ বিশেষকৈ অসমৰ অৰ্থনৈতিক ক্ষেত্ৰৰ আজিৰ অৱস্থাই সকলোকে ভবাই তুলিছে৷ যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীজন কাশী-বৃন্দাৱন-মথুৰা-অযোধ্যাত ৰাজ্যবাসীৰ কল্যাণ কামনা কৰি পূজা-অৰ্চনা দি ঘূৰি ফুৰিছে, সেই সময়ত অসমৰ আৰক্ষীৰ গাড়ীত ভৰাবলৈ তেল নাই৷ অৰ্থাৎ অসম চৰকাৰে তেল কিনি দিব পৰা নাই আৰক্ষীক৷ এয়া বাস্তৱতা৷ যিজন মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনক অপৰাধমুক্ত কৰাৰ কথা কৈছে, সেইজনৰ আমোলতে এতিয়া অপৰাধীক ধৰিবলৈ আৰক্ষীক সাজু কৰি তুলিব পৰা নাই৷ আনহাতে, পূৰ্বৰ সকলো চৰকাৰৰ অভিলেখ ভংগ কৰি ইতিমধ্যে ৰাজ্যবাসীক ধাৰত পোত খুৱাইছে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ ৰাজ্যবাসীয়ে যি সময়ত অকণমান স্বাস্থ্যসন্মত খোৱাপানীৰ বাবে হাহাকাৰ কৰি থাকিব লগা হৈছে, সেই সময়ত মন্দিৰত পূজা দিলেই ৰাজ্যবাসীৰ বাবে কল্যাণ আহিবনে? এয়া লাখ টকীয়া প্ৰশ্ন৷ শেহতীয়া কেন্দ্ৰীয় প্ৰতিবেদনত প্ৰকাশ পাইছে কিদৰে ৰাজ্যৰ লাখ লাখ লোক ভোকত কক্বকাব লাগিছে৷ এফালে মুখ্যমন্ত্ৰীৰ নেতৃত্বত ভূমি দখলমুক্ত কৰাৰ অভিযান চলিছে আনফালে ভূমি কেলেংকাৰীৰ কথা প্ৰচাৰ হৈয়েই আছে৷ শৰ্মাৰ নিজ মন্ত্ৰীসভাৰ মন্ত্ৰীৰ প্ৰতিবেদনতে প্ৰকাশ পাইছে ৰাজ্যখনত বৰ্তমানো ৪,২০,৭৫৯টা পৰিয়ালে ভূমিহীন হৈ বাস কৰিব লগা হৈছে৷ যিখন ৰাজ্যত স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো মানুহে বাস কৰিবলৈ অকণমান মাটি নাপায়, সেই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তীৰ্থ ভ্ৰমণ কৰি পূজা দিলেই ৰাজ্যবাসীয়ে মাটি পাবনে? যিখন ৰাজ্যত প্ৰতিবছৰে ৮ হাজাৰ হেক্টৰ ভূমি খহনীয়াত জাহ গৈছে, সেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক খহনীয়াৰ পৰা বচাবলৈ সঠিক পৰিকল্পনা কৰাৰ পৰিৱৰ্তে ৰাজ্যবাসীক নিজ ভাগ্যক ধিয়াই বাস কৰিবলৈ বাধ্য কৰোৱাটো উচিত হৈছেনে? আজি অসমত দৈনিক অপৰাধৰ সংখ্যা বাঢ়ি গৈছে৷ ৰাজপথত দিন দুপৰতে নিৰীহ যুৱকক হত্যা কৰা হৈছে৷ ঘৰৰ ভিতৰত বৃদ্ধ দম্পতীৰ নিৰাপত্তা নোহোৱা হৈছে৷ অপৰাধী প্ৰেমিকৰূপী যুৱকে দিন দুপৰতে যুৱতীৰ ডিঙি ৰেপি হত্যা কৰিছে৷ দিছপুৰৰ কাষতে দিন ডকাইত হৈছে৷ কেৱল ইমানেইনে? যি টে’ট পৰীক্ষা আৰু ইয়াৰ নিযুক্তি অতি নিকা বুলি বৰ্তমানৰ মুখ্যমন্ত্ৰীজন শিক্ষামন্ত্ৰী থাকোঁতেই ব্যাপক প্ৰচাৰ কৰিছিল, সেই টে’ট পৰীক্ষা আৰু নিযুক্তিৰ জালিয়াতিও ইতিমধ্যে ধৰা পৰিছে৷
অসমৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ স্বৰূপো ইতিমধ্যে ৰাজ্যবাসীয়ে দেখিছে৷ ভাৰতৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত ৰাজ্যৰ ভিতৰত অসমৰ অৱস্থা আটাইতকৈ তলত৷ যি স্বাস্থ্যখণ্ডক লৈ বহু ঢাক-ঢোল বজোৱা হ’ল সেই স্বাস্থ্যখণ্ডৰ আজিৰ অৱস্থাই সকলোকে ভবাই তুলিছে৷ নতুন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা হৈছে, উদ্বোধন হৈছে, এইমছ আহিছে, কিন্তু চিকিৎসকসকল চৰকাৰী চিকিৎসালয়ৰ পৰা আঁতৰি গৈছে৷ ভাল চিকিৎসাৰ বাবে এতিয়া ৰাজ্যৰ হাজাৰ হাজাৰ লোক ৰাজ্যৰ বাহিৰলৈ প্ৰতিদিনেই ঢাপলি মেলিব লগা হৈছে৷
ৰাজ্যখনক শ্ৰেষ্ঠ ৰাজ্য কৰিবলৈ সঠিক পৰিকল্পনাৰ প্ৰয়োজন৷ ৰাজ্যবাসীৰ কল্যাণ তেতিয়াহে সম্ভৱ যেতিয়া ইয়াৰ বাবে সঠিক পৰিকল্পনা যুগুত কৰা হ’ব৷ বিশেষকৈ যেতিয়াই মোদী চৰকাৰ ক্ষমতালৈ আহি অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে, তেতিয়াৰ পৰাই অসমে লাভ কৰি অহা আৰ্থিক সাহায্যৰ পৰিমাণ কমি আহিবলৈ ধৰিলে আৰু ৰাজ্যবাসী ধাৰত পোত যাবলৈ ধৰিলে৷ আনহাতে, কৰ’নাগ্ৰস্ত জনজীৱনক ৰক্ষা কৰিবলৈ কোনো বাস্তৱসন্মত সিদ্ধান্ত নলৈ ব্যাপকভাৱে মদ বিক্ৰী কৰাৰ চৰকাৰৰ যি হঠকাৰী সিদ্ধান্ত, সেই সিদ্ধান্তয়ো ৰাজ্যবাসীক বিপথে যে লৈ যাব সেয়া নিশ্চিত৷ আৰ্থিকভাৱে জুৰুলা হোৱা ৰাজ্যবাসীক টোল টেক্স, হেলমেট জৰিমনা আদিৰ দৰে কৰৰ মাজত সুমুৱাই আজি জৰ্জৰিত কৰিছে৷ শৰ্মা চৰকাৰে যদি এনে হঠকাৰী সিদ্ধান্তবোৰ লৈ ৰাজ্যখনক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ সপোন দেখিছে, তেন্তে সেয়া পৰ্বতত কাছ কণী বিচৰাৰ দৰে হ’ব, আৰু ২০২৬ চনত আমি দেশৰ ভিতৰতে এখন দৰিদ্ৰ আৰু দুৰ্বল ৰাজ্য হিচাপে স্বীকৃতি পাম, তাত সন্দেহ নাই৷ য’ৰ পৰা স্বয়ং ভগৱান শ্ৰীৰাম চন্দ্ৰয়ো বচাব নোৱাৰিব৷






