Logo
image

২৯ ডিচেম্বৰত প্ৰথম অসম গ্ৰন্থমেলা আৰম্ভ

আমাৰ অসম, ১৮ ডিচেম্বৰঃ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব লগীয়া ‘অসম গ্ৰন্থমেলা’ৰ লাইখুঁটা শুকুৰবাৰে স্থাপন সম্পন্ন কৰা হয়৷ এই উপলক্ষে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজন কৰা এক মাংগলিক অনুষ্ঠানত লাইখুঁটা স্থাপন কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু বিশিষ্ট সাহিত্যিক-সাংবাদিক-সমালোচক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে৷ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ তথা বিশিষ্ট অভিধান প্ৰণেতা সুমন্ত চলিহাই অসম গ্ৰন্থমেলাই অসমৰ গ্ৰন্থ সংস্কৃতিৰ বাবে বহু নতুন দিশ উন্মোচন কৰিব বুলি উল্লেখ কৰে৷ তেওঁ লগতে কয় এইবাৰ পি পি ই মুডত গ্ৰন্থামেলা অনুষ্ঠিত হ’ব৷  এই গ্ৰন্থমেলাই নতুন অধ্যায়ৰ সূচনা কৰিব৷ ‘ তেওঁ অসম গ্ৰন্থমেলাৰ সফল সমাপনৰ বাবে সকলো পক্ষৰে সহযোগিতা কামনা কৰে৷ অনুষ্ঠানৰ প্ৰাৰম্ভতে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই অসম গ্ৰন্থমেলাৰ আয়োজন সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷ প্ৰমোদ দাসে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক সাংবাদিক-সমালোচক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কয় ‘এই গ্ৰন্থমেলাই অসমৰ গ্ৰন্থ প্ৰকাশক বিক্ৰেতা তথা লেখকসকললৈ এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনিব৷ সংকটৰ সময়ত আমি একেলগ হৈ আগবাঢ়িব লাগিব৷ গ্ৰন্থমেলা সংস্কৃতিৰ অংগ হৈ পৰিছে৷ আমাৰ শিৰা ধমনীৰে গ্ৰন্থ মেলাৰ বাৰ্তা প্ৰবাহিত হয়৷ গ্ৰন্থ উৎসৱ যাতে প্ৰত্যেকটো শিক্ষানুষ্ঠানৰ যাতে এটা অংগ হৈ পৰে সেই ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে গুৰুত্ব দিব লাগে৷ ‘অনুষ্ঠানত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি ইমৰান আহমদ, সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী, প্ৰকাশন পৰিষদৰ সদস্য ড॰ প্ৰশান্ত চক্ৰবৰ্তীকে ধৰি বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷