সাইলাখ এলন মাস্কৰ দৰেই ব্যক্তি ওলাল চীনত
সম্পাদিত ভিডিঅ’ নে কাৰ্বন কপী!
আমাৰ অসম , ১৮ ডিচেম্বৰঃ টেছলা, স্পেচএক্স আদি বৃহৎ কোম্পানীৰ গৰাকী তথা বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি আমেৰিকাৰ এলন মাস্ক এতিয়া সকলোৰে পৰিচিত ব্যক্তি৷ বিশ্বৰ সৰ্বাধিক চৰ্চিত ব্যক্তি এলন মাস্কে অলপতে বিখ্যাত আলোচনী ‘টাইম’ৰ বৰ্ষটোৰ ব্যক্তি সন্মান লাভ কৰিবলৈও সক্ষম হয়৷ তেনে সময়তে ইণ্টাৰনেটত ভাইৰেল হৈছে এটা ভিডিঅ’৷ এই ভিডিঅ’টো এলন মাস্কৰ দৰেই দেখাত একে এজন ব্যক্তিক দেখা গৈছে৷ ব্যক্তিজন চীনৰ বুলি দাবী কৰা হৈছে৷ কিন্তু এই ভিডিঅ’ সঁচা নে মিছা সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ কোনোবাই সম্পাদনা কৰি অধিক ভিউজ পোৱাৰ বাবে এনে ভিডিঅ’ প্ৰস্তুত কৰিব পাৰে বুলি সন্দেহ কৰা হৈছে৷ কিন্তু এই ভিডিঅ’ এতিয়া অতি দ্ৰুত গতিৰে ইণ্টাৰনেটত ভাইৰেল হৈছে৷ এই ভিডিঅ’টো প্ৰথমে টিকটকৰ চীনা সংস্কৰণ ‘ডউয়িন’ত আপলোড কৰা হৈছিল৷ তাৰ পৰাই বেলেগ বেলেগ ছ’চিয়েল মিডিয়াত এইটো বিয়পি পৰে৷ এলন মাস্কৰ দৰে সাইলাখ একে চীনা লোকজনে এখন ক’লা গাড়ীৰ কাষত থিয় হৈ কেমেৰাৰ ফালে চাই থকা দেখা গৈছে৷ এই লোকজনৰ নাম হৈছে য়ি লং৷ কিন্তু মানুহে এতিয়া তেওঁৰ নাম দিথে য়ি লং মাস্ক৷ কিন্তু বহুতে সন্দেহ কৰিছে যে ‘ডীপফেক্’ এপৰ জৰিয়তে হয়তো কোনোৱে এই সম্পাদিত ভিডিঅ’টো প্ৰস্তুত কৰিছে৷