Logo
image

এক দল, এক পতাকা সম্ভৱনে

কাৰাৰুদ্ধ অখিল গগৈৰ এক ভাষ্যই অনেক মাধ্যমত কিছু ৰাজনৈতিক বুৰবুৰণি তুলিছে৷ সকলো আঞ্চলিক শক্তি এক দল, এক পতাকা, এক প্ৰতীকৰ অধীনলৈ নাহি একাধিক আঞ্চলিক দল গঠন কৰিলে ‘অসমীয়া জাতি শেষ’ বুলি আৰু ‘এক দল, এক পতাকা, এক প্ৰতীক’-এ বিজেপিৰ লগতে কংগ্ৰেছ-এ আই ইউ ডি এফকো ঘটুৱাব পাৰিব বুলি তেওঁ কৈছে৷ ইতিপূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দৰ তৰফৰপৰা ‘ঐক্য’ৰ কথা আৰু ৰাষ্ট্ৰীয় দলৰ পৰা দূৰত থকাৰ কথা ঘোষণা কৰা হৈছিল৷ আন বহু সংগঠনৰ তুলনাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সততা, নিষ্ঠা আৰু প্ৰগতিশীলতা অধিক বুলি আমাৰ বিশ্বাস৷ অখিল গগৈৰ সুদীৰ্ঘ বন্দীত্বয়ো আমাক ব্যথিত কৰে৷ অসম আৰু অসমীয়াৰ বিপৰ্যয়ৰ এই ঐতিহাসিক পৰ্বত আন সকলোৰে তুলনাত আমি অখিল গগৈ আৰু তেওঁৰ সংগঠনৰ প্ৰতিয়ে সৰ্বাধিক আশা পোষণ কৰোঁ৷ কিন্তু, সংগঠনটোৰ শেহতীয়া কেতবোৰ বক্তব্য আৰু গগৈৰো উল্লেখিত ভাষ্যই আমাক বাৰুকৈয়ে সচকিত আৰু হতাশ কৰিছে৷ এইকথা সূৰ্যসম সত্য যে ‘কা’বিৰোধী আঞ্চলিক আৰু জাতীয়তাবাদী শক্তিসমূহৰ মাজত ঐক্য ৰচিত নহ’লে ‘কা’ বিচৰা আৰু অনা শক্তিক নিৰ্বাচনত পৰাভূত কৰা অসম্ভৱ৷ কিন্তু ‘ঐক্যবদ্ধ’ হোৱা আৰু ‘একাকাৰ’ হোৱা একে কথা নেকি? কৃষক মুক্তি আৰু আছু একাকাৰ হ’ব পৰা সংগঠন নেকি? আছুৰ জাতীয়তাবাদ আৰু কৃষক মুক্তিৰ জাতীয়তাবাদ একেটাই নেকি? বিজেপিক পৰাভূত কৰাৰ তাড়নাই আছুৰ মধ্যবিত্তীয় জাতীয়তাবাদ আৰু কৃষক মুক্তিৰ নিপীড়িত শ্ৰেণীভিত্তিক প্ৰগতিশীল জাতীয়তাবাদৰ মাজৰ গুৰুত্বপূৰ্ণ ব্যৱধান মচি পেলাব নেকি? কৃষক মুক্তিয়ে কি তাৰ প্ৰগতিশীল, বৈপ্লৱিক উপাদানবোৰ এৰি, তাৰ বুনিয়াদী জনতাভিত্তিক ৰাজনীতি বিসৰ্জন দি, আছুৱে প্ৰতিনিধিত্ব কৰা মধ্যবিত্তীয় জাতীয়তাবাদত জাহ যাব? কোনোবাই ক’ব পাৰে– দলহে এটা হ’ব, কিন্তু সংগঠন দুটাই থাকিব, সাংগঠনিক ব্যৱধান আগৰ দৰেই থাকিব৷ কিন্তু, অসমত আজি যি পৰিৱেশ তাত সংগঠনতকৈ দলৰ বল বেছি হয় আৰু দলীয় ক্ষমতাই সংগঠনৰ তুলনাত অধিক আকৰ্ষণ কৰে৷ আমি নিশ্চিত যে দল গঠিত হৈ কৃতকাৰ্যতাৰ মুখ দেখিলে কৃষক মুক্তিৰ সংগঠন দলৰ তুলনাত দুৰ্বল হৈ পৰিব৷অতএব, অখিল গগৈয়ে আহবান দিব লাগিছিল ‘ঐক্যবদ্ধতা’ৰ, ‘একীভূত’ বা ‘একাকাৰ’ হোৱাৰ আহবান বিভ্ৰান্তিকৰ৷ ‘এক দল, এক পতাকা, এক প্ৰতীক’ৰ ৰেটৰিক ভ্ৰমাত্মক আৰু কৃষক মুক্তিৰ বাবে বিনাশৰ বাট৷ বিজেপিক পৰাভূত কৰিবলৈ সকলো সংগঠনেই নিজ নিজ বৈশিষ্ট্য অটুত ৰাখিও ঐক্যবদ্ধ হ’ব পাৰে আৰু তেনেকৈয়ে হোৱা উচিত৷ এক উমৈহতীয়া নূ্ন্যতম কাৰ্যসূচী প্ৰস্তুত কৰি ভিন ভিন মতাদৰ্শৰ সংগঠনসমূহ ঐক্যবদ্ধ হৈ এক শক্তিশালী মঞ্চ গঢ়িও বিজেপিক পৰাভূত কৰাৰ আৰু অসমীয়া জাতিক ৰক্ষা কৰাৰ ফলপ্ৰসূ আঁচনি কৰিব পাৰে৷ অখিল গগৈয়ে কোৱা দ্বিতীয় কথাটোও কম বিভ্ৰান্তিকৰ নহয়৷ তেওঁ ঐক্যবদ্ধ [একাকাৰ!] আঞ্চলিক শক্তিৰে বিজেপি, কংগ্ৰেছ, এ আই ইউ ডি এফ সকলোকে পৰাভূত কৰাৰ কথা পাঙিছে৷ [‘কা’বিৰোধী আন্দোলনত ঐকান্তিকতাৰে অংশ লোৱা বাঁও দল-সংগঠনৰ সৈতে ঐক্য গঢ়াৰ কথা তেওঁ আৰু তেওঁৰ সংগঠনে কিয় নকয়, সেয়া এক সাঁথৰ!] এইটো গছত গৰু উঠা আৰু হোলোঙাৰে কাণ খজুওৱা কথা এইবাবেই যে প্ৰস্তাৱিত আঞ্চলিক দলে ঘাইকৈ অসমীয়াভাষী মানুহৰেই ভোট আশা কৰিব পাৰে আৰু এই মু্‌হূৰ্তত অসমত অসমীয়াভাষী আছে মুঠে ৪৮ শতাংশ৷ আকৌ, এই ৪৮ শতাংশ মানুহৰ মাজত আছে দুই বৃহৎ সম্প্ৰদায়– মিঞাসকল আৰু চাহ জনগোষ্ঠীৰ লোকসকল৷ এই দুই জন-সম্প্ৰদায়ৰ মাজত বিজেপি-কংগ্ৰেছ-এ আই ইউ ডি এফৰ যি বিস্তৰ প্ৰভাৱ, তাক কেইমাহমানৰ ভিতৰতে এক নৱগঠিত আঞ্চলিক, জাতীয়তাবাদী দলে শূন্যলৈ নমাই আনিব নোৱাৰে৷ অসমৰ আন ক্ষুদ্ৰ জনগোষ্ঠীৰ মাজতো ধনাঢ্য বিজেপিৰ ব্যাপক প্ৰভাৱ এই নতুন দলে ইমান কম সময়তে নাইকিয়া কৰিব নোৱাৰে৷ইয়াৰ পোনপটীয়া অৰ্থ এয়ে যে সমাগত নিৰ্বাচনত বিজেপি-কংগ্ৰেছ-এ আই ইউ ডি এফ সকলোকে একেলগে পৰাভূত কৰিব খোজাটো এক আত্ম-প্ৰৱঞ্চনা মাত্ৰ৷ আমাৰো আপত্তি নাই যদি এক নতুন, ঐক্যবদ্ধ, আঞ্চলিক-স্বাৰ্থৰক্ষক আৰু প্ৰগতিশীল দলে এদনীয়াকৈ অসম শাসন কৰি অসম-অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰে আৰু বিজেপি-কংগ্ৰেছ-এ আই ইউ ডি এফ আদি দলক অসমত নিশ্চিহ্ন কৰিব পাৰে৷ পিছে ২০২১ চনৰ নিৰ্বাচনত সেই কাম সম্ভৱ নহ’ব৷ এই নিৰ্বাচনত কৃষক মুক্তি, আছু, এ জে ৱাই চি পিকে ধৰি সমূহ জাতীয় সংগঠনৰ মূল লক্ষ্য দুটা হোৱা উচিত বুলি আমি ভাবোঁ– [১] অসমৰ ভৱিষ্যৎ ৰাজনীতি এদনীয়াকৈ কুক্ষিগত কৰাৰ উদ্দেশ্যে ২০২১ৰ নিৰ্বাচনত নিজৰ বাবে এক যথাসম্ভৱ শক্তিশালী স্থিতি গঢ়ি তোলা – আন দলৰ সৈতে ৰাজনৈতিক বুজাবুজি কৰি হ’লেও৷ [২] ‘কা’সহ অনেক জাতিবিৰোধী কাৰ্যৰ পৌৰোহিত্য কৰা বিজেপিক এই নিৰ্বাচনত যেনে-তেনে পৰাভূত কৰা৷ কোৱা বাহুল্য, বিজেপি-কংগ্ৰেছ-এ আই ইউ ডি এফ সকলোকে এই নিৰ্বাচনতে একেলগে পৰাস্ত কৰাৰ দিবাস্বপ্ন আত্মঘাতী নহৈ নোৱাৰে৷অৱশ্যে অখিল গগৈয়ে আলোচ্য কথাখিনি কৌশলগত কাৰণতো ক’ব পাৰে৷ কি কৌশল? [১] অসমত দল সৃষ্টিৰ যি ধুম উঠিছে, সেইটো ৰাইজৰ বহুতেই বিচৰা নাই৷ আলোচ্য ভাষ্যৰ জৰিয়তে গগৈয়ে তেওঁ আৰু তেওঁৰ সংগঠন যে ক্ষমতালোভী নহয়, অকলেই দল গঢ়াৰ ইচ্ছা যে তেওঁলোকৰ নাই, আৰু একান্তই অসমৰ স্বাৰ্থতেই যে দল গঢ়িব লগা হৈছে, সেই সংবাদ ৰাইজৰ ওচৰলৈ নিব পাৰিব৷ [২] আছু-এ জে ৱাই চি পিয়ে তেওঁৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে কৃষক মুক্তিৰ ফালৰপৰা দল গঠন কাৰ্যক ৰাইজে আৰু বেয়া চকুৰে নাচাব বুলি তেওঁ ভাবিব পাৰে৷ [৩] আছুৱে যিহেতু কৃষক মুক্তিৰ সৈতে ‘একাকাৰ’ বাদেই, ‘ঐক্যবদ্ধ’ হোৱাৰো আগ্ৰহ দেখুওৱা নাই, সেয়ে এখোপ আগবাঢ়ি ‘এক দল, এক পতাকা, এক প্ৰতীক’ৰ কথা কৈ তেওঁ আছু আৰু এ জে ৱাই চি পিৰ ওপৰত চাপ সৃষ্টি কৰাৰ কথা ভাবিব পাৰে৷ ‘অখিলে অসমৰ স্বাৰ্থত তোমালোকৰ সৈতে একাকাৰ হ’বলৈও প্ৰস্তুত, তোমালোকেতো অন্ততঃ ঐক্যবদ্ধ হোৱাৰ কথাটো ভাবা’ –ৰাইজৰ এনে হেঁচা আছু-এ জে ৱাই চি পিৰ ওপৰত পৰিব বুলি তেওঁ হয়তো আশা কৰিছে৷ [৪] কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ প্ৰতি আছুকে ধৰি নানা সংগঠন আৰু মূলসুঁতিৰ বহু অসমীয়াৰ মনোভাব অতি প্ৰতিকূল বাবেও চাগৈ গগৈয়েও এই মিত্ৰপক্ষৰ বিৰুদ্ধেও হুংকাৰ দিছে৷কিন্তু, ‘কৌশল’ৰ স্বাৰ্থতেই জনতাক ভুল ৰাজনৈতিক চেতনাৰ পাঠ দিয়া কাম কৃষক মুক্তিৰ দৰে সংগঠনে কৰা উচিত নহয়৷ ইমেইলঃ shivajitdutta@gmail.com