Logo
image

৩১ ডিচেম্বৰৰ নিষেধাজ্ঞা

প্ৰতিবছৰে ৩১ ডিচেম্বৰ আহে আৰু পুৰণিক বিদায় দি নতুন বছৰক আদৰাৰ আনন্দত আপোন পাহৰা হয় একাংশ লোক৷ ৰাতি দোভাগলৈ পাৰ্টীত মচগুল হৈ ঘৰলৈ ঘূৰাৰ পৰত দুৰ্ঘটনাত পতিত হৈ অনেকে অকাল মৃত্যুক সাবটি লয়৷ এই কথাষাৰলৈকে আঙুলিয়াই অসমৰ মুখ্যমন্ত্ৰীয়ে এইবাৰ কিছু আগতীয়া নিয়ন্ত্ৰণমূলক ব্যৱস্থা লোৱাৰ কথা কৈছে৷ মুখ্যমন্ত্ৰীৰ ভাষাত ‘এইবাৰ কাকো মৰিবলৈ দিয়া নহ’ব৷’ যিসকলে সুৰাপান কৰি গাড়ী চলাব, সেইসকলক সেই নিশাৰ বাবে থানাৰ আলহী সজোৱা হ’ব৷ অৱশ্যে, পাৰ্টী কৰি সুৰামত্ত হৈ গাড়ীৰ আৰোহী হ’লে চৰকাৰ-প্ৰশাসনে কোনো বাধা নিদিয়ে, কেৱল গাড়ীৰ চালক হ’লেহে বিপদ-ঘণ্টা বাজিব৷ পৰিৱেশ-পৰিস্থিতিলৈ চাই মুখ্যমন্ত্ৰীয়ে সঠিক ব্যৱস্থাই গ্ৰহণ কৰিছে৷ এতিয়া পুলিচ-প্ৰশাসনে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ কিমান কঠোৰভাৱে পালন কৰে, সেয়া হ’ব লক্ষণীয়৷ আন এটা মন কৰিবলগীয়া কথা হৈছে এয়ে যে যিবোৰ সভ্য দেশত সুৰাপান কৰাটো মুক্তভাৱে গ্ৰহণ কৰা হয়, কোনো লুক-ঢাক নাথাকে, সেইবোৰৰ গাড়ীচালকে সুৰাপান কৰাটো নিষিদ্ধ৷ অৰ্থাৎ, সুৰাপান কৰি কোনেও গাড়ী চলাব নোৱাৰে আৰু চলালে আইন মতে দণ্ডনীয়৷ ইউৰোপৰ বিভিন্ন দেশত মাজে-সময়ে এই নিয়ম ভংগ কৰি ‘চেলিব্ৰেটী’সকলৰো দুই-এজন ৰঙাঘৰৰ আলহী হোৱাৰ বাতৰি পোৱা যায়৷ এইবোৰ বছৰটোৰ প্ৰতিদিনেই লাগু হোৱা নিয়ম, কেৱল এদিনৰ বাবে নহয়৷ আমাৰ ইয়াতো চৰকাৰে কথাষাৰ স্থায়ীভাৱে এটা নিয়ম বন্ধাৰ বাবে বিবেচনা কৰিব লাগে৷ ল’ৰাবোৰ ৩১ ডিচেম্বৰত নমৰক, বাকী দিনবোৰত মৰিলেও মৰক, এনে নিয়ম হ’ব নালাগে৷ সুৰাপান কৰি গাড়ী নচলোৱাটো যেতিয়া আইন প্ৰণয়ন কৰি হ’লেও নিয়ন্ত্ৰণ কৰা হ’ব, তেতিয়া মানুহৰ ই এক অভ্যাসত পৰিৱৰ্তিত হ’ব আৰু পথ-দুৰ্ঘটনা তথা অকাল মৃত্যুৰ হাৰ স্বাভাৱিকভাৱেই কমি আহিব৷ ৩১ ডিচেম্বৰ অথবা উৰুকাৰ ভোজ অথবা বিয়াৰ পাৰ্টীৰ নামত সংঘটিত অবাঞ্ছিত  ঘটনাবোৰো কমি আহিব আৰু চৰকাৰেও হঠাৎ এদিনৰ বাবে কঠোৰ নিয়ম বান্ধি দি হুলস্থূল নকৰিলেও হ’ব৷ সম্প্ৰতি, কেৱল অসমতেই নহয় দেশৰ আন ঠাইতো বৰদিন তথা ৩১ ডিচেম্বৰৰ উৎসৱ পালনৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে৷ মহাৰাষ্ট্ৰত চলিত ক’ভিড পৰিস্থিতিৰ প্ৰেক্ষাপটত অধিক সংক্ৰমণ নহ’বৰ বাবে ‘ৰূফ-টপ’ পাৰ্টী অথবা সাগৰীয় উপকূলত পতা পাৰ্টী সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে৷ বিধিসন্মতভাৱে কেবিনেটত সিদ্ধান্ত লৈ এই নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ কৰ্ণাটক চৰকাৰেও একেৰাহে দ্বিতীয়বাৰৰ বাবে ৩১ মাৰ্চ তথা নৱবৰ্ষ উদ্‌যাপন সমাৰোহৰ ক্ষেত্ৰত বাধা-নিষেধ আৰোপ কৰি জাননী জাৰি কৰিছে৷ দেশৰ বাহিৰেও বিদেশতো ডিচেম্বৰৰ মাজভাগৰ পৰাই জানুৱাৰীৰ মাজভাগলৈ বাণিজ্যিক প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিছে৷ এই সকলোৰ উদ্দেশ্য হৈছে উৎসৱৰ সুৰুঙা লৈ বৃদ্ধি পাব পৰা ক’ভিডক বাধা প্ৰদান কৰা৷ অসমত যদিও মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত বিবৃতিহে দিছে, তাত ক’ভিডৰ প্ৰসংগ অনা হোৱা নাই৷ বৰঞ্চ স্থানান্তৰত, ক’ভিডৰ সৈতেই সহবাস কৰি চলিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে৷ কিন্তু সহবাস কৰি থাকিবলৈকেইতো ক’ভিড সতৰ্কতাসমূহ পালন কৰিব লাগিব৷ অসমত বজাৰ-হাটে, বাটে-পথে, উৎসৱ উদ্‌যাপনৰ মাজত কিন্তু এনে বাধা-নিষেধসমূহ কটকটীয়াকৈ পালন কৰা পৰিলক্ষিত হোৱা নাই৷ পিকনিক্‌, নৱবৰ্ষ, উৰুকা, মাঘবিহু আদি এটাৰ পাছত আন এটা উপলক্ষই শাৰী পাতি ৰৈ আছে৷ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত হাঁহি হাঁহি সদৰী কৰা সতৰ্ক-বাণীয়ে এইবোৰ উপলক্ষকো সামৰি লওক, লগত থাকক ক’ভিড বিধি পালনৰ ‘ছিৰিয়াছ’ নিৰ্দেশনা, যাতে কোনেও ‘চৰকাৰী ঘৰৰ আলহী’ হোৱাৰ আশাত মুখ্যমন্ত্ৰীৰ কথাবোৰ ‘লাইট্‌লী’ নলয়৷