Logo
image

কোন দিশে ধাৱমান আভিযান্ত্ৰিক শিক্ষা

ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০১ যোগেদি দেশৰ শিক্ষা ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন ঘটাই ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে দেশত জ্ঞানভিত্তিক সমাজ গঢ়ি তোলা আৰু ভাৰতবৰ্ষক পুনৰ বিশ্বগুৰুৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে সপোন ৰচা হৈছে৷ কিন্তু সাম্প্ৰতিক সময়ছোৱাত দেশৰ যি সামগ্ৰিক শৈক্ষিক দৃশ্যপট– সেই দিশৰ পৰা এই লক্ষ্য বাস্তৱায়িত হোৱাটো যে সহজ নহ’ব সেয়া জল্‌জল্‌ পট্‌পট্‌ হৈ পৰিছে৷ গোলকীকৰণ, মুক্ত অৰ্থনীতি, উদাৰীকৰণ প্ৰক্ৰিয়া তৰান্বিত হোৱাৰ সুবাদত ২১ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাৰ পৰা ভাৰতবৰ্ষতো ব্যক্তিগত খণ্ড, বহুজাতিক গোষ্ঠীৰ বিনিয়োগ হৈছিল৷ তথ্য-প্ৰযুক্তিৰ অভাৱনীয় উত্থানৰ বাবেও বিভিন্ন প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল দেশৰ প্ৰায়বোৰ নগৰ-মহানগৰত৷ ঔদ্যোগীকৰণ বহু পৰিমাণে ঠন ধৰাৰ বাবে দেশৰ প্ৰান্তে প্ৰান্তে গঢ় লৈ উঠিছিল আভিযান্ত্ৰিক মহাবিদ্যালয়সমূহ৷ বেংগালুৰু, চেন্নাই, পুনে, দিল্লীৰ পৰা দেশৰ প্ৰায়বোৰ মহানগৰৰ লগতে তুলনামূলকভাৱে সৰু নগৰতো গঢ় লৈ উঠিছিল ব্যক্তিগত খণ্ডৰ আভিযান্ত্ৰিক মহাবিদ্যালয়৷ ব্যাপক পৰিমাণৰ নামভৰ্তিৰ ফীজ সংগ্ৰহৰ যোগেদি আভিযান্ত্ৰিক শিক্ষা এক লাভজনক ব্যৱসায়লৈ পৰিণত হোৱাৰ বাবে খুউব কম সময়ৰ ভিতৰতে দেশত বৃদ্ধি পাইছিল আভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহ৷ কিন্তু ক্ৰমান্বয়ে গোলকীয় অৰ্থনীতিৰ উত্থান-পতন, অৰ্থনৈতিক মহামন্দা আদিৰ বাবে সমগ্ৰ বিশ্বতে অৰ্থনৈতিক পৰিস্থিতিৰ অৱনতি ঘটিবলৈ আৰম্ভ হয়৷ ৰাতিটোৰ ভিতৰতে দেউলীয়া হয় বহু প্ৰখ্যাত বিত্তীয় প্ৰতিষ্ঠান, উদ্যোগ ইত্যাদি৷ উল্লেখ্য আন্তঃৰাষ্ট্ৰীয় বজাৰৰ অৱনমনৰ ফলত নিয়োগ সংস্থানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা তৈল উদ্যোগসমূহৰ অৱস্থাও বেয়াৰ ফালে ধাৱমান হয়৷ আমেৰিকা, ইউৰোপীয় ৰাষ্ট্ৰসমূহতো বহু লোকে চাকৰি হেৰুৱায়৷ এক দোদুল্যমান অৰ্থনৈতিক গতিধাৰা চলি থকাৰ সময়তে বিগত দুটা বছৰৰো অধিক কাল ক’ভিড-১৯ অতিমাৰীয়ে সমগ্ৰ বিশ্বৰে উদ্যোগিক পৰিস্থিতিক অধিক শোচনীয় কৰি তোলে৷ নিৰ্মাণ খণ্ড, সেৱা খণ্ড, পৰ্যটন উদ্যোগ, কৃষিখণ্ড সকলোতে ক’ভিড-১৯ অতিমাৰীয়ে নেতিবাচক প্ৰভাৱ পেলোৱাৰ ফলত বহু লোকে কৰ্মসংস্থান হেৰুৱাই নিবনুৱা হৈ পৰিছে৷ ক’ভিডৰ দ্বিতীয় ঢৌ কিছু পৰিমাণে শাম কাটিছে যদিও পুনৰ অমিক্ৰনে মূৰ দাঙি উঠাৰ বাবে ভৱিষ্যতৰ দিনবোৰ যে সোনকালে ভাললৈ আহিব তাক দৃঢ়তাৰে ক’ব নোৱাৰি৷ যিহেতু আভিযান্ত্ৰিক শিক্ষাৰ লগত ঔদ্যোগীকৰণৰ এক পোনপটীয়া সম্পৰ্ক আছে সেয়েহে সাম্প্ৰতিক সময়ত আভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহো সংকটৰ দিশে গতি কৰিছে৷ অলপতে এআইচিটিইৰ অধ্যক্ষ অনিল দত্তাত্ৰেয় সহস্ৰবুধেই সংবাদ মাধ্যমত প্ৰকাশ কৰা তথ্যমতে দেশত থকা আভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ ভিতৰত মাত্ৰ ৫০ শতাংশৰহে প্ৰয়োজন৷ দেশৰ কাৰিকৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত গঠন কৰা বিশেষজ্ঞ সমিতিৰ অনুমোদন মৰ্মে দেশৰ আভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত বৰ্তমান ৫০ শতাংশৰো অধিক ছীট খালী থকাৰ বাবে ২০২৪ চনলৈকে নতুন কোনো আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰয়োজন নাই৷ লক্ষণীয় কথা এই যে যি সময়ত এআইচিটি ইৰ অধ্যক্ষই আভিযান্ত্ৰিক শিক্ষাৰ দুৰৱস্থাৰ কথা চৰকাৰীভাৱে প্ৰকাশ কৰিছে সেই সময়ত অসমৰ দৰে ৰাজ্যত চৰকাৰী খণ্ডত এখনৰ পাছত এখনকৈ আভিযান্ত্ৰিক কলেজ, পলিটেকনিক আদি প্ৰতিষ্ঠা কৰা হৈছে৷ তাৎপৰ্যৰ বিষয় আভিযান্ত্ৰিক শিক্ষাৰ সুদিনৰ সময়তো ৰাজ্য চৰকাৰৰ অধীনস্থ অসম আভিযান্ত্ৰিক মহাবিদ্যালয়, যোৰহাট আভিযান্ত্ৰিক মহাবিদ্যালয়, জিষ্ট, কোকৰাঝাৰ বিনেশ্বৰ ব্ৰহ্ম আভিযান্ত্ৰিক মহাবিদ্যালয় আদিত শতাধিক অধ্যাপকৰ পদ খালী হৈ আছিল, যি আজিও পূৰণ হোৱা নাই৷ আনহাতে এই আভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনিও তথৈবচ৷ অসমৰ আভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ প্ৰায়বোৰ বিভাগেই নেশ্যনেল ব’ৰ্ড অৱ এক্ৰিডিটেþচন [এন বি এ]ৰ দ্বাৰা স্বীকৃতি লাভ কৰাত ব্যৰ্থ হৈছে৷ এনে এক সময়তে ২০১৭ চনৰ পৰা পাঠদান আৰম্ভ হোৱা বৰাক উপত্যকা আভিযান্ত্ৰিক মহাবিদ্যালয়, ২০১৮ চনত পাঠদান আৰম্ভ হোৱা গোলাঘাট আভিযান্ত্ৰিক মহাবিদ্যালয় আৰু ২০২০ চনত আৰম্ভ হোৱা ধেমাজি আভিযান্ত্ৰিক মহাবিদ্যালয়ত এজনো স্থায়ী শিক্ষকৰ নিযুক্তি হোৱা নাই৷ অংশকালীন শিক্ষকৰে চলি আছে এই আভিযান্ত্ৰিক মহাবিদ্যালয়সমূহ৷ আনহাতে ৰাজ্যৰ চ্ছখন পলিটেকনিক শিক্ষানুষ্ঠানৰ ভিতৰত ১৬খনেই সামান্য শিক্ষক-কৰ্মচাৰীৰে চলি আছে৷ এফালে আভিযান্ত্ৰিক শিক্ষা সম্পূৰ্ণ কৰিও ভৱিষ্যতৰ কোনো নিৰাপত্তা নাই, আনহাতে যিসকল উত্তীৰ্ণ হৈছে তেওঁলোককো গুণগত শিক্ষা প্ৰদানত ব্যৰ্থ হৈছে চৰকাৰৰ শিক্ষা বিভাগ৷ নিয়োগ সংস্থানৰ সম্ভাৱনীয়তাৰ ওপৰত নিৰ্ভৰ কৰিহে আভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহ উপযুক্তভাৱে গঢ় দিয়াটো প্ৰয়োজন আছিল যদিও চৰকাৰে সেই দিশলৈ কৰ্ণপাত কৰা নাই৷ তাৎপৰ্যপূৰ্ণভাৱে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দক্ষতাকেন্দ্ৰিক  শিক্ষাত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু সেই মৰ্মে তেনে কাৰিকৰী অনুষ্ঠানহে ৰাজ্যখনৰ বাবে অতি প্ৰয়োজন৷ কাৰিকৰী শিক্ষাৰ যোগেদি কেৱল চাকৰিমুখী নহৈ স্ব-নিয়োজনৰ বাবে নতুন প্ৰজন্মক উৎসাহিত কৰাৰ যি ব্যৱস্থা থাকিব লাগিছিল সেই পদক্ষেপসমূহো অসমত লোৱা হোৱা নাই৷ এনে হোৱাৰ বাবে অসমত দিনে দিনে বৃদ্ধি পাইছে আভিযান্ত্ৰিক শিক্ষাৰে শিক্ষিত স্নাতক, ডিগ্ৰীধাৰীৰ সংখ্যা৷