Logo
image

নখ চায়েই ক’ব পাৰি আপুনি কি ৰোগত আক্ৰান্ত

আমাৰ অসম, ০৯ অক্টোবৰঃ নখে মানুহৰ স্বাস্থ্য সম্পৰ্কে বিভিন্ন ধৰণৰ ইংগিত দিব পাৰে৷ অৰ্থাৎ মানুহ এজন কেনেধৰণৰ ৰোগত আক্ৰান্ত সেই সম্পৰ্কে নখে সাৱধান কৰি দিব পাৰে৷ এই ক্ষেত্ৰত বুঢ়া আঙুলিয়ে সকলোতকৈ বেছি ইংগিত বহন কৰে৷ ভালদৰে লক্ষ্য কৰিলে দেখিব নখৰ গুৰিত থাকে অৰ্ধ চন্দ্ৰাকৃতি৷ এই অৰ্ধ চন্দ্ৰই নখ ভাল কৰি ৰখাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ নখৰ এই অৰ্ধ চন্দ্ৰ যদি কোনো কাৰণত ক্ষতিগ্ৰস্ত তেতিয়া আপোনাৰ নখৰ বৃদ্ধি চিৰদিনৰ বাবে ৰুদ্ধ হৈ যাব পাৰে৷ অৰ্ধ চন্দ্ৰ নখৰ অতি সংবেদনশীল অংশ৷ নখৰ এই অৰ্ধ চন্দ্ৰই স্বাস্থ্য সম্পৰ্কত কি কি ইংগিত দিয়ে সেয়া জানিলে আপুনি আচৰিত হ’ব৷

  • সাধাৰণতে নখৰ অৰ্ধ চন্দ্ৰ যদি চুটি হয় তেতিয়া ব্যক্তিজন অপুষ্টিত ভোগা বুলি নিশ্চিত হ’ব পাৰি৷ আনহাতে ইয়াৰ ফলত মানুহজন সহজতে ভাগৰুৱা হোৱাৰ উপৰি বদহজমজনিত ৰোগত ভুগিব পাৰে৷
  • কেতিয়াবা নখৰ অৰ্ধ চন্দ্ৰৰ ৰঙো সামান্য সাল-সলনি হয়৷ অৰ্ধ চন্দ্ৰৰ ৰং যদি সামান্য নীলা ৰঙৰ হয় তেতিয়া ডায়েবেটিছজনিত ৰোগত আক্ৰান্ত হ’ব পাৰে৷ যদি কেতিয়াবা ইয়াৰ বৰণ সামান্য ৰঙচুৱা হয় যেতিয়া হৃদৰোগত ভুগি থকাৰ আশংকা থাকে৷
  • নখৰ অৰ্ধ চন্দ্ৰৰ আকৃতি, বৰণ আদি নিৰীক্ষণ কৰি কোনো এজন লোকৰ ৰোগ নিৰ্ণয় কৰিব পাৰি৷ এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অতি জৰুৰী৷