Logo
image

অসমে আকাশ চুব!

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কৈছে যে তেওঁ ৰাতি দেখা সপোন দিনত বাস্তৱত ৰূপায়ণ কৰিব খোজে৷ তেওঁৰ সপোন হ’ল– ‘অসমে আকাশ চুব’৷ অধিক ঋণ লোৱা বিষয়ত বিৰোধী বিধায়কৰ সমালোচনাৰ প্ৰত্তু্যতৰত মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁৰ চৰকাৰে নিয়মৰ মাজতে ঋণ লৈছে আৰু অহা বছৰবোৰতো আৰু অধিক ঋণ ল’ব৷

মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিজৰ বক্তব্যৰ সমৰ্থনত স্বভাৱসিদ্ধভাৱে বহুত কথা কৈছে৷ মুখ্যমন্ত্ৰীয়ে ৰাতি দেখা সকলো সপোন বাস্তৱায়িত কৰিবলৈ হ’লে ৰাজ্যৰ জনগণে সেই সপোনবোৰৰ গুৰুত্ব বুজিব লাগিব৷ পিছে, দেখা গৈছে মুখ্যমন্ত্ৰীয়ে কোৱা প্ৰতিটো কথাই বিতৰ্কৰ মাজত সোমাই পৰিব ধৰিছে৷ 

বিতৰ্ক আৰু বিৰোধিতাৰ মাজতো অসমে আকাশ চুব লাগিলে মূলতঃ শিক্ষা আৰু অৰ্থনীতিৰ প্ৰতিটো দিশতে তীব্ৰগতিত আগবাঢ়িব লাগিব৷ শৈক্ষিক উৎকৰ্ষ আৰু অৰ্থনৈতিক প্ৰগতি সমানে আগুৱাই নিব লাগিব৷ 

অসমৰ শিক্ষাজগতত এতিয়া একপ্ৰকাৰ স্থবিৰতা চলি আছে৷ দীৰ্ঘদিনীয়া বিসংগতিৰ লগতে বিভিন্ন কাৰণত ৰাজ্যৰ শিক্ষাব্যৱস্থাত ঘুণে ধৰিছে৷ একপ্ৰকাৰ ভাগি পৰিছে চৰকাৰী শিক্ষাৰ কাঠামো৷ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত নাই শিক্ষাৰ উপযুক্ত পৰিৱেশ৷ বিদ্যাৰ্থীৰ অভাৱত ৰাজ্যৰ বহু বিদ্যালয় বন্ধ হোৱাৰ পথত৷ ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে বিধানসভাত ঘোষণা কৰিছে যে বন্ধ হোৱা বিদ্যালয়ৰ ঘৰ-বাৰীত অন্য বিভাগৰ কাৰ্যালয় পতা হ’ব৷ ৰাজ্য চৰকাৰে নিজেই প্ৰতিটো বিধানসভা সমষ্টিত কেন্দ্ৰীয় শিক্ষা ব’ৰ্ডৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ বাবে আগবাঢ়িছে৷ ৰাজ্যৰ মহাবিদ্যালয়সমূহ চলিছে গতানুগতিকভাৱে৷ কিছুমানৰ মতে, ৰাজ্যত কলেজীয়া শিক্ষাত শ্মশান যাত্ৰা চলি আছে৷ নতুন শিক্ষানীতিৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয় ব্যৱস্থালৈও আহিছে বৃহৎ প্ৰত্যাহ৩ান৷ অনেক পৰীক্ষা-নিৰীক্ষাৰ পাছতো শিক্ষা বিভাগক সঠিক পথলৈ আনিব পৰা নাই৷ চলি আছে ৰাজহুৱা শিক্ষাৰ মৃত্যুমুখী যাত্ৰা৷ দিল্লীত অৰবিন্দ কেজৰিয়াল চৰকাৰে মাত্ৰ পাঁচ বছৰতে চৰকাৰী শিক্ষাব্যৱস্থালৈ অভিনৱ পৰিৱৰ্তন আনিছে৷ তাৰ বিপৰীতে আমাৰ ৰাজ্যত দেখা গৈছে ওলোটা ছবি৷ চৰকাৰে আঁচনিৰ উপৰি আঁচনি ঘোষণা কৰি প্ৰচেষ্টা চলাই থকা অৱস্থাত চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহত বিৰাজ কৰিছে স্থবিৰতা৷ মুখ্যমন্ত্ৰীৰ ঘোষণা, শিক্ষামন্ত্ৰীৰ দৃঢ়তা আৰু উপদেষ্টাৰ পৰামৰ্শয়ো কাম নিদিয়া হৈছে৷

অৰ্থনৈতিক ক্ষেত্ৰত দেখা গৈছে হতাশাজনক পৰিৱেশ৷ কৃষিক্ষেত্ৰ আজিও অনাদৃত ক্ষেত্ৰ হৈ আছে৷ কৃষি উৎপাদন নিৰ্ভৰ কৰিছে বহিৰাগত শ্ৰমিকৰ শ্ৰমশক্তিৰ ওপৰত৷ থলুৱা উদ্যোগবোৰ ঠন ধৰি উঠিব পৰা নাই৷ কেইদিনমান আগতে চৰকাৰী উদ্যোগত অনুষ্ঠিত ‘নিয়োগ মেলা’ত দেখা পৰিৱেশে ৰাজ্যৰ নিবনুৱা সমস্যাৰ জটিলতা উদঙাই দিছে৷ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিয়ে অৰ্থনৈতিক দুৰৱস্থাৰ ইংগিত দিছে৷ কেৱল ৰাজনৈতিক শক্তি বৰ্তাই ৰাখিবলৈ  হিতাধিকাৰী সৃষ্টি আৰু হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ ঋণ ল’বলগীয়া পৰিস্থিতি হ’লে সৰ্বনাশ হ’ব! ৰাজ্যৰ অৰ্থনীতিবিদসকলৰ পৰামৰ্শ নোলোৱাকৈ কেৱল নিজৰ অংকত অভাৱনীয় হাৰত ঋণ লোৱাটো সমৰ্থনযোগ্য নহয়৷ দীৰ্ঘম্যাদী ঋণ লৈ সিবিলাক অৰ্থকৰী আৰু উৎপাদনমূলক কামত ব্যয় নকৰিলে ভৱিষ্যতে বহুত অসুবিধা হ’ব পাৰে! চৰকাৰৰ হাতত সংখ্যাৰ জোৰ আছে বা বিৰোধী যথেষ্ট দুৰ্বল বুলিয়ে জধে-মধে ঋণ লোৱাটো সমীচীন নহ’ব৷

অসমক ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ এখন কৰিবলৈ হ’লে, মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে অসমে আকাশ চুব লাগিলে ৰাজ্যৰ প্ৰতিজন নাগৰিক, বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ মনত এই সপোনৰ বীজ ৰোপণ কৰিব লাগিব৷ প্ৰতিজন ছাত্ৰ-ছাত্ৰীক :ান আৰু কৰ্মৰ সাধনাত নিয়োজিত কৰিব লাগিব৷ তাকে কৰিবলৈ হ’লে সমাজৰ আদৰ্শ বুলি ভবা শিক্ষকসকলক সময়মতে আৰু সঠিক ৰূপত কৰ্তব্য সম্পাদন কৰাৰ বাবে বাধ্য কৰাব লাগিব৷ বৰ্তমান চলি থকা পৰিৱেশ সম্পূৰ্ণ সলনি কৰিব লাগিব৷ নিবনুৱাসকলৰ শক্তিৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিকল্পনা যুগুত কৰিব লাগিব৷ প্ৰথমতে, ৰাজ্যখনত এক নতুন আৰু নীৰৱ কৰ্মসংস্কৃতি গঢ়ি তুলিব লাগিব৷ উন্নয়নৰ বিষয় জড়িত সকলো ক্ষেত্ৰতে বিভাগীয় মুৰব্বীসকলক দায়বদ্ধ কৰিব লাগিব৷ ৰাজনীতিৰ ঊধবৰ্ত উঠি উপযুক্ত ব্যক্তিসকলক শৈক্ষিক প্ৰতিষ্ঠানৰ মুৰব্বী পাতিব লাগিব৷ কৃষিকৰ্মক সমাজত সন্মানজনক বৃত্তি আৰু শিক্ষানুষ্ঠানসমূহক জীৱন্ত অনুষ্ঠান হিচাপে গঢ়ি তুলিব লাগিব৷ ‘অসমে আকাশ চুব’ এই সপোনটি শিক্ষানুষ্ঠানসমূহৰ দেৱালত খোদিত কৰি সকলোকে উদ্দেলিত কৰিব পাৰিব লাগিব৷