Logo
image

যান-বাহন নিয়ন্ত্ৰণ আইন আৰু পথ সুৰক্ষা


উৎসৱৰ সময়ত গুৱাহাটীত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাটো নতুন কথা নহয়৷ যান-বাহন আইন নমনা এচাম উদণ্ড চালকৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি পোৱা বুলি ক’লে ভুল কৰা নহ’ব৷ শেহতীয়াকৈ গুৱাহাটীত  পুলিচ প্ৰশাসন আৰু আৰক্ষী যথেষ্ট কঠোৰ হোৱা দেখা গৈছে৷ নৱবৰ্ষৰ প্ৰাকসন্ধ্যা হ’ব পৰা অবাঞ্ছিত ঘটনা ৰোধ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই কঠোৰ ব্যৱস্থা লোৱা হৈছে৷ জৰিমনাৰ লগতে আন শাস্তিৰ পৰা হাত সৰাৰ বাবে কেইদিনমানৰ পৰা বাহন চালকসকল কিছু সতৰ্ক হোৱাও দেখা গৈছে৷ নিঃসন্দেহে এয়া চৰকাৰৰ এক সঠিক সিদ্ধান্ত৷ কিন্তু প্ৰশ্ন হয়, ৩১ ডিচেম্বৰ পাৰ হৈ যোৱাৰ পাছত চৰকাৰৰ এই কঠোৰতা পুনৰ শিথিল হৈ পৰিব নেকি? কিছুদিনৰ পৰা সুৰাপান কৰি বাহন চলোৱা চালক আৰু হেলমেট নিপিন্ধা দুচকীয়া বাহন আৰোহীৰ জৰিমনাৰ ব্যৱস্থা কৰা হৈছে৷ যান-বাহন আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা সদায় থকা উচিত৷ অসমত যান-বাহন আইনৰ সুৰুঙা উলিয়াই এই আইন ভংগ কৰাটো এক নিয়মিত ঘটনাত পৰিণত হৈছে৷ পথ দুৰ্ঘটনাৰ যিমানবোৰ বাতৰি শুনিবলৈ পোৱা যায়, অধিকাংশই সংঘটিত হয় মূলতঃ চালকৰ ভুলৰ বাবে অথবা সুৰাপান কৰি বাহন চলোৱাৰ বাবে৷ চৰকাৰী তথ্য মতে, ২০২০ বৰ্ষত ৰাজ্যখনত ছহাজাৰ পাঁচশতকৈ অধিক পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু দুহাজাৰ ছশতকৈ অধিক লোকৰ দুৰ্ঘটনাত মৃত্যু হৈছে৷ পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ প্ৰায় পাঁচ শতাংশ লোক সুৰাৰ নিচাত থকাৰ তথ্য পোৱা গৈছে৷ তথ্য অনুসৰি পথ দুৰ্ঘটনাত অসমত যিমানসংখ্যক লোকৰ মৃত্যু হয়, সেই হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ অধিক৷ কেৱল গুৱাহাটীয়েই নহয়, ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত হৈ থকা পথ দুৰ্ঘটনাবোৰৰ মূল কাৰণ হৈছে ৰাজ্যখনত কঠোৰ যান-বাহন আইন নথকাটো৷ পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ হ’লে যান-বাহন আইন কঠোৰ হোৱাটো জৰুৰী৷ আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱা হ’লে ভৱিষ্যতলৈ এই লোকসকল অধিক সতৰ্ক হ’ব৷ কিন্তু অসমত আইন উলংঘাকাৰীয়ে সামান্য উৎকোচৰ বিনিময়ত শাস্তিৰ পৰা ৰেহাই পোৱাটো এটা সাধাৰণ কথা৷ এইক্ষেত্ৰত পৰিবহণ বিভাগ আৰু যান-বাহন নিয়ন্ত্ৰণ শাখা অধিক কঠোৰ হ’ব লাগিব৷

যান-বাহন আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱা হ’লে ভৱিষ্যতলৈ এই লোকসকল অধিক সতৰ্ক হ’ব৷ কিন্তু অসমত আইন উলংঘাকাৰীয়ে সামান্য উৎকোচৰ বিনিময়ত শাস্তিৰ পৰা ৰেহাই পোৱাটো এটা সাধাৰণ কথা৷ এইক্ষেত্ৰত পৰিবহণ বিভাগ আৰু যান-বাহন নিয়ন্ত্ৰণ শাখা অধিক কঠোৰ হ’ব লাগিব৷ বিগত কেইদিনমানৰ পৰা মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই পথ সুৰক্ষাৰ প্ৰতি সৰ্বসাধাৰণক সজাগ কৰাৰ বাবে বৈদ্যুতিন মাধ্যমযোগে আহ৩ান জনোৱা দেখা গৈছে৷ কিন্তু এনেধৰণৰ আহ্বানে জানো পথ দুৰ্ঘটনা ৰোধ কৰিব পাৰিব? গুৱাহাটীত নিশাৰ ভাগত একাংশ তীব্ৰ বেগত বাহন চলোৱা চালকৰ দৌৰাত্ম্যত সৰ্বসাধাৰণে দুভোৰ্গ ভোগ কৰিবলগীয়া হয়৷ এনে চালকৰ বিৰুদ্ধেও চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা উচিত৷ আইন উলংঘাকাৰীৰ  বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দৰে কঠোৰ ব্যৱস্থা লোৱা হ’লে ভৱিষ্যতলৈ এনে চালক সতৰ্ক হ’ব বুলি আশা কৰিব পাৰি৷ এটা সমীক্ষাৰ প্ৰতিবেদন অনুসৰি যোৱা বছৰটোত ৫০ শতাংশতকৈও অধিক পথ দুৰ্ঘটনা সংঘটিত হৈছিল  অত্যধিক গতিত যান-বাহন চলোৱাৰ বাবে৷ সমীক্ষাটোত লগতে কোৱা হৈছে যে শেহতীয়াভােৱ ভাৰতত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পঞ্চাছ শতাংশতকৈও অধিক লোকৰ বয়স ১৫১ পৰা ৩৫ বছৰ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমতেই পথ দুৰ্ঘটনাৰ সংখ্যা সবাতোকৈ বেছি৷ ইয়াৰ মূল কাৰণটো হৈছে বাহন চালকসকলৰ যান-বাহন আইন  সন্দৰ্ভত অজ্ঞতা অথবা যান-বাহন আইন উলংঘা কৰা৷ সেয়েহে কেইটামান দিনৰ বাবে যান-বাহন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হ’লেই সমস্যাৰ সমাধান নহয়৷ ৰাজ্যত পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ হ’লে যান-বাহন আইন কঠোৰভাৱে কাৰ্যকৰী কৰিব লাগিব৷ যান-বাহন আইনৰ সুৰুঙা উলিয়াই যাতে কোনোৱেই আইন ভংগ কৰিব নোৱাৰে, তাৰ বাবে  চৰকাৰৰ পৰিবহণ বিভাগ আৰু যান-বাহন নিয়ন্ত্ৰণ শাখা অধিক সক্ৰিয় হ’ব লাগিব৷ অভিজ্ঞ  আৰু উদ্যমী লোকক যান-বাহন নিয়ন্ত্ৰণৰ দায়িত্ব দিয়াৰ লগতে তেওঁলোকেও যাতে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰে, তাৰ প্ৰতিও নজৰ ৰাখিব লাগিব৷  নহ’লে প্ৰতি বছৰে পালন কৰি অহা পথ সুৰক্ষা সপ্তাহ কেৱল আনুষ্ঠানিকতাহে হৈ থাকিব৷