গ্ৰন্থ উৎসৱ
নজনাক জনাৰ হেঁপাহ প্ৰতিজন লোকৰে আছে৷ জ্ঞান অন্বেষণৰ জিজ্ঞাসাই মানৱ সমাজক প্ৰগতিৰ পথত আগবঢ়াই নিছে৷ পৃথিৱীত মানৱ সভ্যতাৰ বিকাশত যিসমূহ কাৰকে অনুঘটকৰ কাম কৰিছে, সেইসমূহ কাৰকৰ ভিতৰত অন্যতম হ’ল গ্ৰন্থ৷ কাগজ আৱিষ্কাৰ হোৱাৰ পাছৰে পৰাই গ্ৰন্থ হৈ পৰিছে ‘থূপাই থোৱা ধন’ৰ লেখীয়া৷ বি:ান আৰু প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে ছপা যন্ত্ৰৰো আমূল পৰিৱৰ্তন সাধন হৈছে৷ সম্প্ৰতি ছপা কিতাপৰ অস্তিত্বক লৈও বহুতে সংশয় প্ৰকাশ কৰিছে৷ মূলতঃ স্মাৰ্টফোন বা কম্পিউটাৰ-লেপটপত সহজে উপলব্ধ হোৱা ইণ্টাৰনেট সেৱাই সকলো তথ্য যোগান ধৰাৰ উপৰি বিনোদনৰ বিভিন্ন সমল যোগান ধৰাত প্ৰায়বোৰ লোকেই প্ৰযুক্তিৰ প্ৰতি আসক্ত হৈ পৰিছে৷ ছপা গ্ৰন্থৰ পৰিৱৰ্তে এতিয়া বহুতে ই-বুক অধ্যয়নত মনোনিৱেশ কৰিছে৷ সেইবাবেই হয়তো ই-বুক, ই-আলোচনী আদি প্ৰকাশ পাইছে৷ আনকি সামাজিক মাধ্যমযোগেও বহু লেখকে সাহিত্যচৰ্চা কৰি আহিছে৷ ইণ্টাৰনেট ব্যৱস্থাত উপলব্ধ এনে উপাদানসমূহৰ বাবে ছপা গ্ৰন্থৰ আদৰ কমি অহা বুলিও সৰৱ চৰ্চা হৈছে৷ কিন্তু বি:ান-প্ৰযুক্তিৰ এই চমকপ্ৰদ উন্নয়নৰ যুগতো ছপা গ্ৰন্থই স্ব-মহিমাৰে নিজৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে৷ প্ৰতিবছৰে বিভিন্ন ঠাইত অনুষ্ঠিত গ্ৰন্থমেলাই প্ৰমাণ কৰে যে ছপা গ্ৰন্থৰ আদৰ আছিল, আজিও আছে আৰু আগলৈও থাকিব৷ ছপা গ্ৰন্থ এখন হাতত তুলি ল’লে যি অনুভৱ হয়, সেই অনুভৱ ই-বুকে দিব নোৱাৰে৷ যদিহে ছপা গ্ৰন্থৰ আদৰ নাথাকিলেহেঁতেন, তেন্তে প্ৰতিবছৰে নতুন নতুন গ্ৰন্থ প্ৰকাশ নাপালেহেঁতেন৷ অৱশ্যে, সকলো গ্ৰন্থই পাঠকৰ সহানুভূতি লাভ নকৰে৷ বি:াপন আৰু প্ৰচাৰসৰ্বস্ব যুগত বহু ভাল গ্ৰন্থয়ো প্ৰচাৰৰ অভাৱত পাঠকৰ সঁহাৰি লাভ কৰাত ব্যৰ্থ হয়৷ আজিৰ যুগত প্ৰতিজন লেখক, প্ৰকাশকে সেয়ে প্ৰচাৰ বিচাৰে, যাতে নিজৰ গ্ৰন্থই পাঠকৰ আদৰ লাভ কৰে৷ গ্ৰন্থমেলাই সেই সুবিধা লেখক-প্ৰকাশকক দিয়াৰ লগতে পাঠককো অধিক গ্ৰন্থৰ মাজৰ পৰা পছন্দৰ গ্ৰন্থ ক্ৰয় কৰাৰ সুবিধা দিয়ে৷ তদুপৰি গ্ৰন্থমেলাই লেখক-প্ৰকাশক আৰু পাঠকৰ মাজত মত বিনিময়ৰো সুবিধা দিয়ে৷ সেয়ে গ্ৰন্থমেলাক সমন্বয়ৰ থলী বুলিও ক’ব পাৰি৷ কৰ’না মহামাৰীয়ে বিগত প্ৰায় দুটা বছৰে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ ফলত গ্ৰন্থ উদ্যোগটোও বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে৷ সম্প্ৰতি ক’ভিড ভাইৰাছৰ সংক্ৰমণৰ শংকা আঁতৰা নাই যদিও এইবেলি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত বুধবাৰৰ পৰা জ্ঝ জানুৱাৰী ২০২২লৈ আৰম্ভ হৈছে অসম গ্ৰন্থমেলা৷ গ্ৰন্থমেলা উপলক্ষে তিনি শতাধিক নতুন কিতাপ প্ৰকাশ পোৱা বুলিও প্ৰকাশ কৰিছে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই৷ কাৰ্যতঃ বুধবাৰৰ পৰাই জীপাল হৈ উঠিছে চানমাৰীৰ গ্ৰন্থমেলাথলী৷ যিহেতু গ্ৰন্থ উদ্যোগটোৰ লগত লেখক, বিক্ৰেতা, প্ৰকাশক আৰু ছপাৰ লগত জড়িত বহু লোকৰ জীৱন-জীৱিকা নিৰ্ভৰ কৰে, সেয়ে এই উদ্যোগটো জীয়াই থাকিলে এইসকল লোকৰ জীৱিকাৰ উপায়ো ওলাব৷ ইতিমধ্যে বহু ঠাইত কিতাপৰ বিপণী পাঠকৰ অভাৱৰ বাবেই বন্ধ হৈ পৰিছে৷ এসময়ত গ্ৰন্থৰ সুবাসত প্ৰাণৱন্ত হৈ থকা পাণবজাৰত নাই আগৰ সেই পৰিৱেশ৷ অৱশ্যে, পাঠকৰ ৰুচি অনুসৰি লেখক-প্ৰকাশকেও উৎকৃষ্ট লেখা প্ৰকাশ কৰিব লাগিব৷ ভাল গ্ৰন্থৰ চাহিদা কোনোকালে কমা নাই বুলি সময়ে সময়ে প্ৰমাণ পোৱা যায়৷ অসমীয়া ভাষা-সাহিত্যৰ সংকট কালত প্ৰতিজন অসমীয়াই নিজৰ ভাষাটোত প্ৰকাশিত মানবিশিষ্ট গ্ৰন্থ অধ্যয়ন কৰা উচিত৷ তদুপৰি প্ৰকাশকে কালজয়ী আৰু বিশ্বৰ মহৎ গ্ৰন্থৰ অনূদিত ৰূপ অসমীয়াত প্ৰকাশৰ ব্যৱস্থা কৰাৰ উপৰি উৎকৃষ্ট অসমীয়া গ্ৰন্থকো ইংৰাজী, হিন্দী আদি ভাষালৈ অনূদিত কৰাৰ ব্যৱস্থা কৰিব লাগে৷ ইতিমধ্যে, এনে বহু গ্ৰন্থ অনূদিত হৈছে যদিও যিবিলাকৰ এতিয়াও অনূদিত ৰূপ প্ৰকাশ হোৱা নাই, তেনে গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰিব লাগে৷ জনসাধাৰণে বিভিন্ন উপলক্ষত গ্ৰন্থ উপহাৰ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে শিশু-কিশোৰক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰাব পাৰিলে গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰসাৰ নিশ্চয় বাঢ়িব৷






