Logo
image

নৱবৰ্ষতহে কাৰ্যালয়ত বহিব মুখ্যমন্ত্ৰী

৩১ ডিচেম্বৰত পাবহি অসম

আমাৰ অসম, ৩০ ডিচেম্বৰঃ এইবছৰ ডিচেম্বৰ আৰু নিজৰ দিছপুৰলৈ নাহে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ তিনি দিনৰ কাৰ্যসূচীৰে দিল্লীলৈ যোৱা মুখ্যমন্ত্ৰী শৰ্মাই ৩১ ডিচেম্বৰতহে আহি পাব গুৱাহাটী৷ নতুন বছৰতহে দিছপুৰলৈ আহিব মুখ্যমন্ত্ৰী শৰ্মা৷ ২০২২ বৰ্ষৰ পহিলা দিন শনিবাৰেহে তেওঁ দিছপুৰৰ কাৰ্যালয়ত বহিব৷ ২৫ ডিচেম্বৰত দিল্লীলৈ গৈছিল মুখ্যমন্ত্ৰী শৰ্মা৷ দিল্লীৰ পৰা পোনে পোনে তেওঁ বিমানযোগে যাত্ৰা কৰিছিল ডেৰাডুন অভিমুখে৷ সম্পূৰ্ণ ব্যক্তিগত ভ্ৰমণসূচীৰে আৰু তিনিদিনৰ কাৰ্যসূচীৰে ডেৰাডুনলৈ যাত্ৰা কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰমতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৩১ ডিচেম্বৰত গুৱাহাটী পাব৷ গতিকে তেওঁ ২০২১ বৰ্ষত কাৰ্যালয়ত যে উপস্থিত থাকিব নোৱাৰে সেই কথা স্পষ্ট হৈ পৰিছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বুধবাৰে অসম গ্ৰন্থমেলা মুকলি কৰাৰ কথা আছিল৷ কেৱল সেয়াই নহয়, অসম গ্ৰন্থমেলাত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা-২০২১ প্ৰদান কৰাৰ কথাও আছিল৷ ৩১ ডিচেম্বৰ পৰ্যন্ত অসমত মুখ্যমন্ত্ৰীৰ আন কাৰ্যসূচীও বাতিল কৰা হৈছে৷ বুধবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অনুপস্থিতিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসম গ্ৰন্থমেলা মুকলি কৰাৰ লগতে প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২১ প্ৰদান কৰে৷