Logo
image

ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ

প্ৰদূষণে পিষ্ট কৰা গুৱাহাটী মহানগৰীত বিশুদ্ধ বতাহ অকল সেৱনৰ এক সুৰুঙা মুকলি হৈছে চৰকাৰী প্ৰয়াসত৷ নাম হৈছে ‘মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ’৷ নদী, পাহাৰ, টিলা, বিল, পুখুৰী আৰু গছ-গছনিৰ সেউজীয়াৰে অপৰূপা গুৱাহাটী আধুনিকতা আৰু তথাকথিত উন্নয়নৰ দৈত্যৰ গ্ৰাসত ইতিমধ্যেই মলিন হৈ পৰিছে৷ অ’ত-ত’ত ‘পাৰ্ক’কেইখনমান গঢ়ি তোলা হৈছে যদিও তাত মুকলিকৈ উশাহ লোৱাৰ অৱকাশেই নাই৷ জ্যেষ্ঠজন আৰু কণ কণ শিশুহঁতৰ বিনোদনৰ সুবিধাযুক্ত ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰে যেন এইকণ সুবিধা আনি দিলে৷ পুৰণি ডিচি বাংলোৰ এই নতুন ৰূপ ৰাইজৰ বাবে মুকলি কৰা হৈছিল  অক্টোবৰ মাহৰ তিনি তাৰিখে৷ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে শুভ উদ্বোধন কৰিছিল৷ ঐতিহ্যমণ্ডিত এই টিলা এতিয়া সংগ্ৰহালয়লৈ ৰূপান্তৰিত হ’ল৷ সোতৰ শতিকাত, আহোমৰ ৰাজত্ব কালত এয়াই আছিল সৈনিক ঘাটি, য’ৰ পৰা ১৬৭১ চনত বীৰ সেনাপতি লাচিত বৰফুকনে প্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধত মোগলক খেদিছিল৷ বুৰঞ্জীসমৃদ্ধ এই ‘বৰফুকনৰ টিলা’ ব্ৰিটিছৰ দিনত উপায়ুক্তৰ কাৰ্যালয়লৈ পৰ্যবসিত হৈছিল আৰু ২০১১ চনত ডি চি বাংলোৰূপেই জনাজাত হৈছিল৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভাৰ সমীপত আহোম-ব্ৰিটিছ সবাৰো কাহিনী কোৱা এই টিলাক এতিয়া সুন্দৰ এক সংগ্ৰহালয় তথা অৱসৰ-বিনোদন কেন্দ্ৰলৈ ৰূপান্তৰ কৰি প্ৰশাসনে প্ৰশংসাৰ যোগ্য কাম কৰিছে৷ কলাকাৰ নুৰুদ্দিন আহমেদৰ লগতে কেইবাজনো অভিযন্তা-ডিজাইনাৰ, ফটোগ্ৰাফাৰ আদিৰ সুচিন্তিত, পৰিকল্পিত কাৰুকাৰ্যই হেৰিটেজ চেণ্টাৰক পৰ্যটনসুলভ মৰ্যাদা প্ৰদান কৰিছে৷ প্ৰতিমাহে একোজন শিল্পীৰ শিল্প প্ৰদৰ্শনৰ ব্যৱস্থা ৰখা আছে৷ পাণবজাৰৰ ঐতিহাসিক ‘পানী টেংকী’ক ‘দ্য হেৰিটেজ আল্পনা’ নাম দি এক সুকুমাৰ ৰূপ প্ৰদান কৰা হৈছে৷ সৰুকৈ সভা পাতিবৰ বাবে এখন আটকধুনীয়া মঞ্চৰো ব্যৱস্থা আছে৷ নদীপৰীয়া জীৱন, মাজুলী, অসমৰ পাট-মুগাকে ধৰি হস্ততাঁত, হস্তশিল্প, নাও আৰু মাছ মৰা সঁজুলি আদিৰ প্ৰদৰ্শন হৈছে সংগ্ৰহালয়টোত৷ কেন্দ্ৰটোত কেতবোৰ বস্তু নিষিদ্ধ কৰি অতি উত্তম কাম কৰিছে৷ বাহিৰৰ পৰা অনা কোনো খাদ্য তথা এলকহল, পাণ-তামোল, গুট্‌খা, চিগাৰেট আদি নিষিদ্ধ কৰি দিয়া হৈছে আৰু কোনোৱে তাক ভংগ কৰিলে জৰিমনা বিহাৰো ব্যৱস্থা ৰাখিছে৷ খোৱা-পানী তথা প্ৰস্ৰাৱ-পায়খানাৰ সু-বন্দৱস্ত আছে যদিও তিনিমাহ পাৰ নৌহওঁতেই বাথৰূমৰ ফ্লাছ, টে’প আদিত পানী নহাৰ অভিযোগ দৰ্শনাৰ্থীসকলৰ পৰা পোৱা গৈছে; ইয়ে সমস্ত প্ৰয়াসটোতে এক কলংক সানে৷ প্ৰস্ৰাৱঘৰ-পায়খানা পৰিষ্কাৰ আৰু সুচল কৰি নৰখাটোৱেই যেন আমাৰ ‘পৰম্পৰা’! কতৃৰ্পক্ষই এই কথাষাৰলৈ মন কৰা উচিত৷ বিশাল ব্ৰহ্মপুত্ৰ আৰু প্ৰখ্যাত ‘পানী টেংকি’ৰ সমীপত যদি পানীৰ ব্যৱস্থা অব্যাহত নাথাকে, তাতোকৈ লাজ আৰু পৰিতাপৰ কথা কি হ’ব পাৰেক্ক তদুপৰি, এশ-দুশ টকীয়া চাহ-কফীৰ ৰেডিছন ব্লুৰ বিপণীৰ লগতে অসমৰ চাহ [বিভিন্ন ফ্লেভাৰযুক্ত] গ্ৰহণযোগ্য দামত [পিঠা-পনা, নাৰিকল লাড়ুৰ সৈতে] বিক্ৰী কৰা থলুৱা-বিপণী এখন যুক্ত হ’লে সকলো শ্ৰেণীৰ পৰ্যটকৰ বাবে সুবিধা হ’ব৷ এইখিনিৰ পাছতো মহানগৰীৰ ভিন্ন বয়সৰ মানুহক এক শান্ত-নিৰিবিলি তথা ব্ৰহ্মপুত্ৰৰ অপৰূপ দৃশ্যসমৃদ্ধ পৰিৱেশত সুখকৰ সময় কটোৱাৰ সুবিধা দিয়া বাবে চৰকাৰ-প্ৰশাসন ধন্যবাদৰ পাত্ৰ!