২০২২ত আমি পৰাস্ত কৰিম কৰ’নাক, যদি...
আমাৰ অসম, ২ জানুৱাৰীঃ ২০২২ চনত ক’ভিডক পৰাজিত কৰাৰ সংকল্প লৈছে ‘হু’ অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰছ এডানম গেব্ৰেয়েছুছুৱে এই দাবী কৰি কৈছে যদিহে সমগ্ৰ বিশ্ব একগোট হয় তেন্তে এই বছৰতে বিশ্ববাসীয়ে ক’ভিডক পৰাজিত কৰিবলৈ সক্ষম হ’ব৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীজনে এটা বিবৃতিত টিকাকৰণৰ ক্ষেত্ৰত বিশ্বৰ একাংশ ৰাষ্ট্ৰক ক্ষুদ্ৰ জাতীয়তাবাদ পৰিহাৰ কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে, ক’ভিডক পৰাজিত কৰিবৰ বাবে বিশ্বৰ সকলো ৰাষ্ট্ৰ একগোট হোৱাৰ বিকল্প নাই৷ উন্নত ৰাষ্ট্ৰই প্ৰতিষেধক প্ৰদান কৰি নিজৰ ৰাষ্ট্ৰৰ নাগৰিকসকলক সুৰক্ষিত কৰিব পাৰে ঠিকেই, কিন্তু ক’ভিডৰ নতুন নতুন ৰূপ অতি শক্তিশালীভাৱে আবিৰ্ভাৱ হৈ থকাৰ ফলত পুনৰ সেই উন্নত দেশলৈ ভাইৰাছৰ আগমন ঘটিব পাৰে৷ তেতিয়া টিকাকৰণ সম্পূৰ্ণ হৈ যোৱা দেশখনতো পুনৰ ক’ভিডৰ ঢৌ সৃষ্টি হ’ব পাৰে৷ এনে ক্ষেত্ৰত উন্নত ৰাষ্ট্ৰসমূহে ক’ভিডৰ প্ৰতিষেধক বিশ্বৰ অনুন্নত ৰাষ্ট্ৰসমূহতো যাতে সমভাৱে বিতৰণ আৰু প্ৰদান কৰা হয় সেই ক্ষেত্ৰত ক্ষুদ্ৰ জাতীয়তাবাদ পৰিহাৰ কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব লাগে৷ অৰ্থাৎ তেওঁ বিশ্বৰ সকলো দেশেই সমানে আৰু একেলগে ক’ভিডৰ প্ৰতিষেধক লাভ কৰাত গুৰুত্ব প্ৰদান কৰে৷ ‘হু’ৰ মুৰব্বীজনৰ মতে বিশ্বৰ সকলো ৰাষ্ট্ৰই একে সময়তে ক’ভিডৰ প্ৰতিষেধক লাভ কৰিলে বিশ্ববাসীয়ে ক’ভিডক পৰাজিত কৰিবলৈ সক্ষম হ’ব৷ এই লক্ষ্য সকলোকে জনাই দি ‘হু’ৰ মুৰব্বীজনে সেইবাবে ২০২২ চনত বিশ্ববাসীয়ে ক’ভিডক পৰাজিত কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰিছে৷ উল্লেখ্য, আমেৰিকা আৰু ইউৰোপৰ আগশাৰীৰ দেশৰ লগতে চীন তথা এছিয়াৰ উন্নত দেশসমূহে টিকাকৰণ প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ ফলত তেনে দেশত এতিয়া ক’ভিডৰ ভাইৰাছে পূৰ্বৰ দুবাৰৰ দৰে গা কৰি উঠিব পৰা নাই৷ ইয়াৰ বিপৰীতে উন্নয়নশীল আৰু অনুন্নত দেশসমূহত এতিয়াও টিকাকৰণ সম্পূৰ্ণ হোৱা দূৰৰে কথা, কোনোমতে একাংশ লোককহে কৰাটো সম্ভৱ হৈছে৷ তেনে দেশসমূহে ক’ভিডক পৰাজিত কৰাৰ ক্ষেত্ৰত বিশ্বৰ উন্নত ৰাষ্ট্ৰৰ পৰা প্ৰতিষেধক আৰু ঔষধ ইত্যাদিৰ ক্ষেত্ৰত সাহায্য পাবই লাগিব৷ অন্যথা ‘হু’ৰ মুৰব্বীয়ে কৰা দাবী সফল নহ’ব৷ উল্লেখ্য, ‘হু’য়ে ২০২২ চনত বিশ্বৰ সকলো দেশত ৭০ শতাংশ অথবা তাতকৈ অধিক লোকক টিকাকৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে৷ এই ক্ষেত্ৰত আমেৰিকা, ইউৰোপ আৰু এছিয়াৰ উন্নত দেশ কেইখনৰ অধিক দায়িত্ব আছে৷ কিয়নো আফ্ৰিকা, এছিয়া আৰু দক্ষিণ আমেৰিকাৰ দৰিদ্ৰ দেশসমূহৰ নাগৰিকে এতিয়াও প্ৰতিষেধক ব্যাপক হাৰত পোৱা নাই৷ তেওঁলোকক অবাধে ক’ভিডৰ প্ৰতিষেধক যদি যোগান ধৰা হয় তেন্তে অৱধাৰিতভাৱে ২০২২ চনত বিশ্বৰ মানৱৰ হাতত ক’ভিডৰ বিষাক্ত ভাইৰাছৰ পৰাজয় ঘটিব৷






