Logo
image

শোৱাৰ সময়ত তুলীৰ তলত নেমু ৰাখিলে পোৱা যায় এইবোৰ উপকাৰ

নেমু যে স্বাস্থ্যৰ বাবে উপকাৰী সেয়া সকলোৱে জানে৷ ইয়াৰ ৰসত প্ৰচুৰ পৰিমাণে থাকে পুষ্টিকৰ উপাদান আৰু ভিটামিন৷ তদুপৰি নেমু ফাইবাৰ, পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম, ফলিক এছিড আৰু বিটাকেৰোটিনৰ দুৰ্দান্ত উৎস৷ নিশা শোৱাৰ সময়ত বিছনাৰ তুলীৰ তলত কটা নেমু ৰাখিলে উপকাৰ পোৱা যায়৷ শুনিবলৈ আচহুৱা যেন লাগিলেও গৱেষকসকলৰ মতেও কটা নেমু শোৱাৰ সময়ত কাষত ৰাখিলে স্বাস্থ্যৰ উপকাৰ হয়৷ উল্লেখ কৰা হ’ল শোৱাৰ সময়ত কাষত কটা নেমু ৰাখিলে পাব পৰা উপকাৰসমূহ–

[১] বন্ধ নাক খোল খায়ঃ ঠাণ্ডা লগাৰ ফলত যদি নাক বন্ধ হৈ পৰিছে তেন্তে শোৱাৰ সময়ত বিছনাৰ তুলীৰ তলত কটা নেমু ৰাখক৷ ইয়াৰ ফলত বন্ধ নাক খোল খায় আৰু টোপনিত ব্যাঘাত নজন্মে৷

[২] টোপনি ভাল হয়ঃ মানসিক চাপে মানুহৰ শাৰীৰিক আৰু মানসিক দিশত প্ৰভাৱ পেলায়৷ এই সমস্যাৰ বাবে পৰৱৰ্তী সময়ত মাৰাত্মক ৰোগো হ’ব পাৰে৷ সেয়ে আপুনি যদি দিনটো মানসিক চাপত ভুগিছে তেন্তে শোৱাৰ সময়ত বিছনাৰ কাষত এটুকুৰা নেমু ৰাখক৷ নেমুৰ গোন্ধে মস্তিষ্কত ইতিবাচক প্ৰভাৱ পেলায়৷ তদুপৰি ই মন শান্ত কৰি ৰাখে আৰু টোপনিত সহায় কৰে৷

[৩] পোক-পৰুৱা আঁতৰেঃ নেমুৰ গোন্ধ পৰুৱা-মকৰাই সহ্য কৰিব নোৱাৰে৷ সেয়ে শোৱাৰ সময়ত পৰুৱা বা মকৰাৰ পৰা হাত সাৰিবলৈ এটুকুৰা নেমু বিছনাৰ তলত ৰাখিব পাৰে৷ এই ক্ষেত্ৰত কটা নেমুৰ সৈতে লঙো ব্যৱহাৰ কৰিব পাৰে৷

[৪] ৰক্তচাপ নিয়ন্ত্ৰণ কৰেঃ উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে নেমুৱে৷ ই তেজৰ সৰবৰাহ বঢ়ায়৷ অৱশ্যে নিম্ন ৰক্তচাপত ভোগা সকলে যদি নিশা শোৱাৰ সময়ত বিছনাৰ কাষত এটুকুৰা নেমু ৰাখে তেন্তে পুৱা মন সতেজ হয়৷

[৫] ঘৰ সতেজ কৰি ৰাখেঃ আপুনি শোৱনি কোঠাটো যদি সতেজ কৰি ৰাখিবলৈ বিচাৰিছে তেন্তে  কোঠালিটোৰ এচুকত এটুকুৰা নেমু ৰাখক৷

[৬] শ্বাস-প্ৰশ্বাসত সহায় কৰেঃ নেমু এণ্টিবেক্টেৰিয়েল উপাদানযুক্ত ফল হোৱাৰ লগতে ই এণ্টিঅক্সিডেণ্ট সমৃদ্ধ৷ হাঁপানি বা সঘনাই পানীলগা সমস্যাত ভুগিলে বিছনাৰ কাষত নেমু কাটি ৰাখক৷ নেমুৱে শ্বাস-প্ৰশ্বাসৰ সমস্যা আঁতৰায়৷