Logo
image

পানী কমকৈ খালে এইবোৰ সমস্যা হয়

দিনটোৰ ভিতৰত কিছু ক্ষণৰ অন্তৰে অন্তৰে পানী খাই থাকিলে মানুহৰ শৰীৰ সতেজ থাকে৷ শৰীৰক বহু দুষিত পদাৰ্থৰ পৰা মুক্তি পোৱাত সহায় কৰে পানীয়ে৷ কিন্তু এই কথা জানিও বহুতে প্ৰয়োজনীয় পানী নাখায়৷ কেতিয়াবা হয়তো কামৰ হেচাত পানী খাবলৈ পাহৰি যায়৷ কিছুমানে আৰু শৌচাগাৰ-বাথৰূমলৈ গৈ থকাৰ আশংকাত পৰ্যাপ্ত পানী নাখায়৷ যেতিয়া কণ্ঠ শুকাই যায় তেতিয়াহে পানী খায়৷ দিনৰ পাছত দিন ধৰি এনে কৰিলে কি হয় জানেনে? আমাৰ শৰীৰে পৰ্যাপ্ত পানী নাপালে আমাৰ শৰীৰৰ ভিতৰখন শুকাই যায়৷ তদুপৰি আন সমস্যাবোৰটো আছেই৷ 

পৰ্যাপ্ত পানী নাখালে মানুহৰ শৰীৰৰ ওজন বৃদ্ধি পোৱাৰ আশংকা আছে৷ পানীয়ে যিদৰে মানুহৰ দেহত কৰ্ম শক্তি যোগায় তেনেদৰে তাপমাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে৷ তদুপৰি পেটটো ভৰ্তি ৰখাত সহায় কৰে পানীয়ে৷ কিন্তু পানী কম খালে বেছি কেলৰিযুক্ত খাদ্য খোৱাৰ প্ৰবনতা বাঢ়ে৷ পানী কমকৈ খালে সোনকালে ভোক লাগে৷ শৰীৰৰ বাবে খাদ্যৰ যিমান প্ৰয়োজন তাতকৈ বেছি খাদ্য খালে মানুহৰ শৰীৰত ওজন বাঢ়ে৷ তদুপৰি অধিক কেলৰিৰ প্ৰয়োজন হৈ পৰে৷ পানী কমকৈ খালে শৰীৰে পানী সঞ্চয় কৰি ৰাখিব লগা হয়৷ ফলত আন খাদ্য খোৱাৰ পাছত হজম কমকৈ হয়৷ ফলস্বৰূপে মানুহৰ ওজন বৃদ্ধিৰ লগতে অন্যান্য সমস্যা বৃদ্ধি পায়৷ পানী কমকৈ খালে মানুহৰ কোষ্ঠকাঠিন্য, উচ্ছ ৰক্তচাপ, মধুমেহ আদি ৰোগ হয়৷ ডি হাইড্ৰেছনৰ মূল কাৰনেই হৈছে দেহত পানীৰ অভাব৷ এনে সমস্যাৰ পৰা মুক্তি পাবলৈ সঘনাই পানী খোৱাৰ অভ্যাস গঢ়ি তোলাক৷ ৰসাল ফল খায়ো মানুহৰ দেহত পানীৰ পৰিমান সঠিক কৰি ৰাখিব পাৰি৷