Logo
image

কেন্দ্ৰ চৰকাৰৰ প্ৰায়বোৰ প্ৰতিবেদনতে উন্মোচিত অসমৰ আৰ্থ-সামাজিক দৃশ্যপট


’৮০১ দশকৰ পৰা অসমৰ লগতে সমীপৱৰ্তী উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত সন্ত্ৰাসবাদ, উগ্ৰবাদে গা-কৰি উঠাৰ ফলত আইন-শৃংখলাজনিত পৰিস্থিতিৰ যথেষ্ট অৱনতি ঘটিছিল৷ আলফা, এন ডি এফ বি-কে মুখ্য কৰি  বহুকেইটা উগ্ৰপন্থী সংগঠনৰ কূটাঘাটী কাৰ্যকলাপৰ ফলত অসমৰ পৰিস্থিতি যথেষ্ট উত্তপ্ত আছিল প্ৰায় এক দশকমানৰ আগলৈকে৷ ক্ৰমান্বয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত প্ৰায়বোৰ উগ্ৰবাদী, বিচ্ছিন্নতাবাদী সংগঠনে অস্ত্ৰ সম্বৰণ কৰি আলোচনাৰ মেজলৈ অহাৰ বাবে পূৰ্বৰ পৰিস্থিতি বহু পৰিমাণে নিয়ন্ত্ৰিত হ’ল৷ আলোচনাৰ ফলাফল কি হ’ল সেয়া সুকীয়া কথা; কিন্তু সন্ত্ৰাস, প্ৰতিসন্ত্ৰাসৰ ফলত সৃষ্ট বিভীষিকাময় পৰিৱেশৰ পৰা অসম বহু পৰিমাণে মুক্ত হ’ল৷ কোৱা বাহুল্য সঘন গুলীয়াগুলী, বোমা বিস্ফোৰণ, অপহৰণ, মুক্তিপণ দাবী, গুপ্তহত্যা আদি ঘটনাসমূহৰ বাবে ৰাজ্যখনৰ শৈক্ষিক, আৰ্থ-সামাজিক পৰিস্থিতিৰো যথেষ্ট অৱনতি ঘটিছিল৷ ’৯০ দশকৰ প্ৰায় মাজভাগৰ পৰা দেশৰ বিভিন্ন ৰাজ্যত ৰাষ্ট্ৰীয়, বহুৰাষ্ট্ৰীয় উদ্যোগ প্ৰতিষ্ঠানসমূহে বৃহৎ বৃহৎ বিনিয়োগ কৰাৰ বিপৰীতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ সেই ক্ষেত্ৰত বহু পিছ পৰি আছিল৷ কোৱা হৈছিল যে মানৱতাৰ বধ্যভূমি স্বৰূপ অঞ্চলত উদ্যোগীৰ দ্বাৰা বিনিয়োগ সম্ভৱ নহয়৷ উল্লেখ্য উগ্ৰপন্থী সক্ৰিয় হৈ থকাৰ সময়ত গ্ৰীটচাংকো ছাৰ্গে, সঞ্জয় ঘোষ, অ’এনজিচিৰ শীৰ্ষ বিষয়াকে ধৰি বহু ব্যক্তিৰ হত্যা, অপহৰণে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো খলকনি তুলিছিল৷ অসমৰ অৰ্থনৈতিক প্ৰগতিৰ অন্তৰায় ৰূপে এক প্ৰকাৰ চিহ্নিত কৰা হৈছিল উগ্ৰপন্থী সংগঠনৰ কূটাঘাটী কাৰ্য আৰু কেইবাটাও ছাত্ৰ সংগঠনৰ উদ্যোগত হোৱা গণ-আন্দোলনসমূহক৷ সমকালীন চৰকাৰসমূহৰ পৰা এতিয়াৰ চৰকাৰলৈকে অসমৰ অৰ্থনৈতিক দুৰৱস্থাৰ বাবে উপৰিউক্ত কাৰ্যসমূহক অধিক জগৰীয়া কৰি থকা হৈছে৷ কিন্তু সেই দুঃসময়ৰ বহু পৰিমাণে অৱসান ঘটাৰ পাছতো অসম কিয় আগবাঢ়ি যাব পৰা নাই সেই সম্পৰ্কে সঠিক চিন্তা-চৰ্চা, পৰ্যালোচনা আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণ হৈছেনে? নিটি আয়োগ, মানৱ সম্পদ উন্নয়ন সূচাংক, কেগ আদি কেন্দ্ৰ চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগ, প্ৰতিষ্ঠানৰ প্ৰতিবেদনত বাৰে বাৰে উন্মোচিত হৈছে আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যখনৰ পুতৌজনক দৃশ্যপট৷ বিগত বৰ্ষৰ ২৫ ডিচেম্বৰত সুশাসন দিৱস উপলক্ষে ভাৰত চৰকাৰে প্ৰকাশ কৰা ২০২১ বৰ্ষৰ সূচীৰ সুশাসনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্য আৰু পাহাৰীয়া ৰাজ্য হিমাচল, উত্তৰাখণ্ড, জম্মু-কাশ্মীৰসহ মুঠ ২১খন ৰাজ্যৰ ভিতৰত অসমে লাভ কৰিছে সপ্তম স্থানক্ক কৃষি আৰু সহযোগী ক্ষেত্ৰ, বাণিজ্য আৰু উদ্যোগ, মানৱ সম্পদ বিকাশ, জনস্বাস্থ্য, ৰাজহুৱা আন্তঃগাঁথনি, অৰ্থনৈতিক ব্যৱস্থা, সমাজ কল্যাণ, ন্যায় ব্যৱস্থা, পৰিৱেশ-নগৰকেন্দ্ৰিক সেৱা আদি জনজীৱনৰ সৈতে ১০টা খণ্ডৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল কেন্দ্ৰীয় চৰকাৰৰ সু-শাসনৰ জৰীপ৷ সু-শাসনৰ সূচীত শীৰ্ষস্থান গুজৰাটে লাভ কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰ দ্বিতীয় আৰু গোৱাই তৃতীয় স্থান লাভ কৰিছে৷ কৃষিপ্ৰধান ৰাজ্য অসমত কৃষি আৰু সহযোগী ক্ষেত্ৰসমূহত পূৰ্বৰ তুলনাত অৱনতি ঘটিছে, বিদ্যুৎ পৰিস্থিতি, উৎপাদনৰ ক্ষেত্ৰত অসমে শোচনীয় প্ৰদৰ্শন কৰিছে, বাণিজ্য-উদ্যোগ শিতানত আশাপ্ৰদ অগ্ৰগতি নাই– মুঠতে জনজীৱনৰ সৈতে জড়িত সেৱাৰ ক্ষেত্ৰত অসমে লাভ কৰা স্ক’ৰ হৈছে মাত্ৰ ৪.০৪৷ অৱশ্যে গ্ৰাম্য এলেকাৰ সৈতে যোগাযোগ, স্বাস্থ্যকেন্দ্ৰত চিকিৎসকৰ উপস্থিতি, নিজস্ব ৰাজহ বৃদ্ধি আদিৰ ক্ষেত্ৰত অসমে পূৰ্বৰ তুলনাত ভাল ফলাফল প্ৰদৰ্শন কৰিছে৷ তাৎপৰ্যৰ বিষয় কেন্দ্ৰ চৰকাৰৰ অধীনস্থ বিভিন্ন সংস্থাৰ প্ৰতিবেদনমতে দেশী-বিদেশী বিনিয়োগ দুয়োটাৰে ক্ষেত্ৰত অসম বহু পিছপৰি আছে৷ কেন্দ্ৰ চৰকাৰৰ তথ্যমতে অসমত ২০০০ চনৰ পৰা ২০২১ চনলৈকে প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে মাত্ৰ ৭৪৩ কোটি টকা৷ ইয়াৰ তুলনাত মহাৰাষ্ট্ৰত এই সময়ছোৱাত প্ৰায় চাৰে ন লাখ কোটি টকা বিদেশী বিনিয়োগ হৈছে, দিল্লী, হাৰিয়ানা, কৰ্ণাটক, গুজৰাট, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আদি প্ৰতিখন ৰাজ্যতে লাখ লাখ কোটি টকা প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে৷ লক্ষণীয় বিষয় এই যে অসমত বিনিয়োগ হোৱা ৭৪৩ কোটি টকাৰো এক বুজন অংশ গৈছে চুবুৰীয়া ৰাজ্যকেইখনলৈ৷ কিয়নো গুৱাহাটীক কেন্দ্ৰ কৰি এই বিনিয়োগ প্ৰদৰ্শন কৰা হৈছে আৰু এই বিনিয়োগৰ অংশ বাকী পাহাৰীয়া ৰাজ্যকেইখনেও পাইছে৷ উগ্ৰপন্থী কাৰ্যকলাপৰ প্ৰায় অৱসান ঘটাৰ পাছতো ৰাজ্যখনত জনজীৱনৰ লগত জড়িত দিশসমূহৰ পৰিৱৰ্তন ঘটাবলৈ ব্যৰ্থতাৰ বাবে মূল জগৰীয়া চৰকাৰসমূহ৷ ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে শেহতীয়াকৈ বহুকেইটা সাহসিক পদক্ষেপ গ্ৰহণ কৰিছে যদিও সু-শাসন প্ৰতিষ্ঠাৰ বাবে প্ৰয়োজনীয় দিশসমূহৰ বহুকেইটা এতিয়াও পয়ালগা অৱস্থাতে আছে৷ বিষয়া-কৰ্মচাৰীক জবাবদিহি কৰাটো, দায়বদ্ধতা বৃদ্ধি কৰাৰো আৱশ্যকতা আছে৷ কিন্তু, বহুমন্ত্ৰীয়ে নিজৰ বিভাগটোৰ কাম-কাজ সঠিকভাৱে চলাব নোৱাৰাৰ বাবেই সু-শাসনৰ ক্ষেত্ৰত অসমে নিম্নস্থান লাভ কৰিছে৷ ৰাজ্যখনৰ প্ৰশাসনৰ অভিকেন্দ্ৰ সচিবালয়ৰ কাম-কাজ স্বচ্ছ, নিকা, দক্ষ, গতিশীল কৰিব পাৰিলে বহু কথাই সহজ হৈ পৰিব৷ মন্ত্ৰী, বিষয়া, কৰ্মচাৰীলৈকে সকলোৰে দায়বদ্ধতাৰ যোগেদিহে সু-শাসন সম্ভৱ হৈ উঠিব৷