Logo
image

ৰাতি নে দিনত? কোন সময়ত ভাত খোৱাটো উপকাৰী

ভাত খোৱাৰ সম্পৰ্কে ভিন্ন জেন ভিন্ন মত পোষণ কৰা দেখা যায়৷ অনেক লোকে ভাবে যে ভাত খালে শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ কোন সময়ত কিমান ভাত খাব লাগে তাক লৈয়ো বিভিন্ন প্ৰশ্ন উত্থাপন হয়৷ অনেকেই মন্তব্য কৰে যে ৰাতি ভাত খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক আৰু এই কাৰণেই একাংশ লোকে ৰাতি ভাত খোৱাৰ পৰা বিৰত থাকে৷ ইফালে বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে ৰাতি ভাত খোৱাটো স্বাস্থ্যৰ কাৰণে খুব উপকাৰী৷ জানো আহক ৰাতি ভাত খোৱাৰ বাবে কি কি উপকাৰ হয়৷

◾ৰাতি কম পৰিমাণে মচুৰ দাইল আৰু ভাত খালে হাৰ্ট আৰু ব্লাডছুগাৰ সঠিক হৈ থাকে৷ 

◾ভাতে শৰীৰৰ অন্ত্ৰক শক্তিশালী কৰি ৰাখে আৰু কৌষ্ঠকাঠিন্যৰ পৰা মুক্তি পোৱাত সহায় কৰে৷ 

◾ভাত হজম কৰা সহজ৷ ভাতে ৰাতি টোপনি অহাত ব্যাঘাট নজন্মায়৷ বৰঞ্চ ভাতে টোপনি অহাত বিশেষভাৱে সহায়হে কৰে৷ 

◾ভাতত কম চৰ্বিযুক্ত উপাদান থাকে আৰু ই কলেষ্ট’ৰেল মুক্ত কৰে৷ ভাতত আটাতকৈ কম পৰিমাণে কেলৰি থাকে৷ 

◾ৰাতি খাই-বৈ ৰাহি হোৱা ভাতখিনি পেলাই নিদি তাত পানী দি পইতা ভাত হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ পাছদিনা পুৱা  সেই পানী দিয়া ভাত অৰ্থাৎ পইতা ভাত ব্ৰেকফাষ্ট হিচাপে গ্ৰহণ কৰিব পাৰি৷ পইতা ভাতৰ লগত কেঁচা পিঁয়াজ খাব পাৰে৷ পইতা ভাতে মানুহৰ শৰীৰৰ  তাপমাত্ৰা নিয়ন্ত্ৰণত ৰখাত বিশেষভাৱে সহায় কৰে৷ কিন্তু চৰ্দি বা জ্বৰ থাকিলে পইতা ভাত খাব নালাগে৷ 

◾শৰীৰত ৰোগ থাকিলেও ৰাতি ভাত খোৱাত কোনো সমস্যা নাই৷ শৰীৰৰ ওজন বেছি হ’লে পাছবেলা ভাত খোৱাটো ভাল৷ কাৰণ হজম প্ৰক্ৰিয়া পাছবেলা ভালদৰে হয়৷

◾ভাতত প্ৰচুৰ পৰিমাণে শৰ্কৰা থাকে৷ যি ওজন বৃদ্ধিৰ সৈতে  চিৰাচৰিত সম্পৰ্ক আছে৷ ভাতত থকা শৰ্কৰাৰ পৰা শৰীৰে প্ৰচুৰ পৰিমাণে শক্তি পায়৷ অৱশ্যে যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে সেইসকলে কম পৰিমাণে ভাত খোৱাটো ভাল৷ 

◾ভাতে লিভাৰৰ পৰা বিষাক্ত পদাৰ্থসমূহ দূৰ কৰাত সহায় কৰে৷ ভাত খালে ত্বকৰ উজ্জ্বলতাও বৃদ্ধি পায়৷