Logo
image

কণী খোৱাৰ পাছত ভুলতো নাখাব এইবোৰ খাদ্য

কণী স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ কণী অতি সহজলভ্য আৰু বিভিন্ন পুষ্টিগুণসম্পন্ন৷ পুৱাৰ আহাৰৰ সৈতে সিজোৱা কণী বা আমলেট খোৱাটো বহুতৰে অভ্যাস৷ কণীত প্ৰচুৰ পৰিমাণে থাকে কেল’ৰি, প্ৰ’টিন, ফেটছ, ভিটামিন-এ, ভিটামিন-বি ২, ছায়ানো কোবালামিন, ফছফৰাছ, মেগনেছিয়াম, কোলেষ্টেৰল, ছডিয়াম, কেলছিয়াম, জিংক, আইৰন আদি৷ কিন্তু জানি আচৰিত হ’ব যে অধিক পুষ্টিৰ উৎস এই কণীয়েই কিন্তু অজানিতে বিপদ মাতি আনিব পাৰে৷ নিজৰ ভুলৰ বাবে আহিপৰিব পাৰে ভয়ংকৰ বিপদ৷ এলাৰ্জিৰ সমস্যা নাথাকিলে কণী সম্পূৰ্ণ নিৰাপদ৷ কিন্তু কণী খোৱাৰ পাছত কিছুমান খাদ্য খালে বিপদ হোৱাটো নিশ্চিত৷ উল্লেখ কৰা হ’ল কোনবোৰ খাদ্য কণী খোৱাৰ পাছত ভুলতো খাব নালাগে– 

১৷ কণী খোৱাৰ পাছত কোনোধৰণৰ ক’ল্ডড্ৰিংকছ নাখাব৷ ক’ল্ডড্ৰিংকছত প্ৰচুৰ পৰিমাণে চেনি থাকে৷ সেয়ে কণী খোৱাৰ পাছত ক’ল্ডড্ৰিংকছ খালে পেটৰ অসুখ হ’ব পাৰে৷

২৷ সিজোৱা কণী খোৱাৰ পাছত কফী বা চাহ খালে বিপদৰ আশংকা নাই৷ কিন্তু ভজা কণী খোৱাৰ পাছত চাহ বা কফী নাখাব৷ অন্যথা হজম আৰু গেছৰ সমস্যা হ’ব পাৰে৷ তদুপৰি কোষ্ঠকাঠিন্যৰ সমস্যাই দেখা দিব পাৰে৷ 

৩৷ কণী খোৱাৰ পাছতে ভুলতো চেনি নাখাব৷ কণী আৰু চেনি একেলগে খালে ক্ষতিকাৰক এমিনো এচিডৰ সৃষ্টি হয়৷ এইবিধ এচিডে তেজৰ ক্ষতি সাধন কৰে৷ তদুপৰি ইয়াৰ ফলত হৃদৰোগৰ আশংকা বাঢ়ে৷ অৱশ্যে সামান্য পৰিমাণৰ চেনি খালে সমস্যা নাই৷ কিন্তু কণী খোৱাৰ সময়ত দুই বা তিনি চামুচ চেনি পেটত সোমালে বিপদ হোৱাটো প্ৰায় নিশ্চিত৷ 

৪৷  পুৱাৰ আহাৰ অৰ্থাৎ ব্ৰেকফাষ্টত কণীৰ সৈতে বহুতে ফলমূল ৰাখে৷ কিন্তু জানি থোৱা ভাল যে ব্ৰেকফাষ্টত কণী থাকিলে তৰমুজ ভুলতো নাখাব৷ তৰমুজ আৰু কণী একেলগে খালে পেট ফুলা আৰু বদহজম হোৱাৰ আশংকা বাঢ়ে৷ 

৫৷ ছয়ামিল্ক স্বাস্থ্যৰ বাবে অতি উপকাৰি৷ কিন্তু কণী খোৱাৰ পাছত ছয়ামিল্ক ভুলতো খোৱা উচিত নহয়৷ ছয়ামিল্কে কণীৰ পুষ্টিগুণ নাইকিয়া কৰে৷