Logo
image

বনভোজস্থলী বনাম পৰ্যটনৰ কেন্দ্ৰবিন্দু

ক’ভিড অতিমাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ আনিবলৈ চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে প্ৰায় ডেৰ বছৰ খেল-ধেমালিৰ লগতে বিভিন্ন সামাজিক বিনোদন অনুষ্ঠান একপ্ৰকাৰ স্থবিৰ হৈ আছিল৷ এই সময়ত বনভোজস্থলীবোৰো হৈ আছিল জনসমাগমশূন্য৷ দেশৰ আন ঠাইৰ লগতে অসমতো ইয়াৰ ব্যতিক্ৰম নাছিল৷ ক’ভিডৰ সংক্ৰমণ অব্যাহত আছে যদিও চৰকাৰৰ পূৰ্বৰ নিষেধাজ্ঞা শিথিল হোৱাত বনভোজস্থলীবোৰো পুনৰ প্ৰাণ পাই উঠিছে৷ পূৰ্বৰ দৰে ভিৰ পৰিলক্ষিত নহ’লেও ডিচেম্বৰৰ শেষভাগৰ পৰা ৰাজ্যৰ বিভিন্ন বনভোজস্থলীলৈ বনভোজৰ দল যাবলৈ আৰম্ভ কৰিছে৷ দৈনন্দিন কৰ্মব্যস্ততাৰ পৰা আঁতৰি বন্ধৰ দিনত বিভিন্ন শ্ৰেণীৰ লোকৰ সমাগম হয় বনভোজস্থলীবোৰত৷ গতানুগতিকতাৰ পৰা আঁতৰি পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱৰ সৈতে অৱসৰ-বিনোদন আৰু আনন্দ উদ্‌যাপনৰ এক উত্তম মাধ্যম হৈছে বনভোজ৷ কিন্তু এই বনভোজক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা প্ৰায়েই সংবাদ মাধ্যমত প্ৰচাৰ হয়৷ এই অবাঞ্ছিত ঘটনাবোৰৰ মূল কাৰণ হৈছে সুৰাপান৷ আনন্দ উপভোগৰ নামত সুৰাপান কৰি সুস্থ পৰিৱেশ বিনষ্ট কৰাৰ লগতে নিচাসক্ত অৱস্থাত বাহন চলাই গাড়ীচালকে দুৰ্ঘটনা সংঘটিত কৰি বহুজনৰ প্ৰাণ হানি কৰাৰো বাতৰি পোৱা যায়৷ এইবাৰ অৱশ্যে ৰাজ্য চৰকাৰৰ ইতিবাচক পদক্ষেপৰ বাবে বনভোজকেন্দ্ৰিক দুৰ্ঘটনা বহুখিনি হ্ৰাস পাইছে৷ বছৰটোৰ প্ৰথমটো দেওবাৰে গুৱাহাটীৰ আশে-পাশে থকা বনভোজস্থলীবোৰত মহানগৰ আৰক্ষী, আবকাৰী বিভাগ আৰু পৰিবহণ বিভাগে সন্মিলিতভাৱে লৈছিল এক ব্যতিক্ৰমী পদক্ষেপ৷ বিভাগ তিনিটাই বনভোজস্থলীবোৰত অতৰ্কিতে অভিযান চলাই বনভোজৰ দলক কঢ়িয়াই নিয়া চালকসকলৰ  লগতে বনভোজলৈ যোৱা লোকসকলৰ ব্ৰেথ এনালাইজাৰৰ দ্বাৰা এলকহল টেষ্ট কৰিছিল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে, আৰক্ষী প্ৰশাসন কঠোৰ হোৱাৰ বাবে বিগত বছৰকেইটাৰ তুলনাত এইবাৰ বছৰটোৰ অন্তিমটো দিনত গুৱাহাটীত পথ দুৰ্ঘটনা বহুখিনি হ্ৰাস পাইছিল৷ কিন্তু বনভোজস্থলীবোৰত এদিন এনেধৰণৰ ব্যৱস্থা লৈ দুৰ্ঘটনা আৰু অবাঞ্ছিত ঘটনা ৰোধ কৰিব পৰা নাযাব৷ সঘনে এনেধৰণে অভিযান চলালেহে সুৰাপান কৰি উদ্ভণ্ডালি কৰাসকল সতৰ্ক হ’ব৷

বনভোজলৈ যোৱা লোকে য’তে-ত’তে পেলনীয়া সামগ্ৰী পেলাই সেই স্থানবোৰৰ পৰিৱেশ বিনষ্ট কৰাটো এক পৰিচিত দৃশ্য হৈ পৰিছে৷ গুৱাহাটীৰ আশে-পাশে থকা সংৰক্ষিত বনাঞ্চল আৰু আন বনভোজস্থলীবোৰৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিব পৰা কাৰ্য ৰোধ কৰাৰ বাবেই জিলা কতৃৰ্পক্ষই নীতি-নিৰ্দেশনা বান্ধি দিছে৷ কেৱল গুৱাহাটীয়েই নহয়, ৰাজ্যৰ আন বনভোজস্থলীতো এনেধৰণৰ ব্যৱস্থা কৰাৰ লগতে  নিয়ম ভংগকাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা থকা উচিত৷ বনভোজস্থলীবোৰ একো একোটা পৰ্যটনস্থলী হিচাপেও গঢ় দিব পৰা যায়৷ সেয়েহে এই স্থানবোৰ চাফ-চিকুণকৈ ৰখাটো সকলোৰে কৰ্তব্য৷ এইক্ষেত্ৰত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা শিকিবলগীয়া বহুখিনি আছে৷ বছৰটোৰ কেইটামান বিশেষ দিনত ৰাজ্যখনৰ পৰ্যটনস্থলীবোৰত সমাৱেশ হয় বিভিন্ন স্থানৰ লোকৰ৷ এই স্থানবোৰ পৰিষ্কাৰ কৰি ৰখা আৰু পৰিৱেশ সুৰক্ষাৰ দায়িত্ব লয় চৰকাৰৰ লগতে স্থানীয় আৱাসীৰ দ্বাৰা গঠিত একোখন কমিটীয়ে৷ অসমতো এই স্থানবোৰ চাফ-চিকুণকৈ ৰখাটো সকলোৰে কৰ্তব্য৷ অসমতো বনভোজস্থলীবোৰ চাফ-চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত চৰকাৰী প্ৰশাসনৰ লগতে ওচৰ-পাঁজৰৰ আৱাসীসকলৰো বহুখিনি কৰিবলগীয়া আছে৷ বনভোজস্থলীবোৰলৈ যোৱা দলবোৰৰ পৰা নূ্যনতম মাচুল লৈ সেই ধন অঞ্চলটো চাফ-চিকুণকৈ ৰখাত খৰচ কৰিব পৰা যায়৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশটোত গুৰুত্ব দি বনভোজস্থলীবোৰত অনাময় ব্যৱস্থা কৰিলে সকলো লোক উপকৃত হ’ব৷ গুৱাহাটীৰ আশে-পাশে থকা বনভোজস্থলীবোৰত স্থানীয় একাংশ লোকে লুকাই-চুৰকৈ দেশী-বিদেশী সুৰা বিক্ৰী কৰাও এটা সুলভ দৃশ্য হৈ পৰিছে৷ এনেদৰে অবৈধভাৱে সুৰাৰ বিক্ৰী বন্ধ কৰাটো স্থানীয় লোকৰে দায়িত্ব৷ সৰু ল’ৰা-ছোৱালীৰ লগতে পৰিয়ালৰ সকলো শ্ৰেণীৰ লোকে ভ্ৰমণ কৰে বনভোজস্থলীবোৰ৷ সেয়েহে বনভোজলৈ যোৱা দলবোৰৰ গতিবিধিৰ ওপৰত নজৰ ৰখাত চৰকাৰৰো দায়িত্ব আছে৷ বছৰটোৰ প্ৰথমটো দেওবাৰে আৰক্ষী, আবকাৰী আৰু যান-বাহন নিয়ন্ত্ৰণ বিভাগে লোৱা ব্যৱস্থা এদিনতে সামৰাৰ পৰিৱৰ্তে সঘনাই এই স্থানবাৰলৈ অহা-যোৱা কৰা লোকসকলৰ ওপৰত নজৰ ৰখাৰ ব্যৱস্থা কৰিলে বনভোজকেন্দ্ৰিক দুৰ্ঘটনা আৰু অপ্ৰীতিকৰ ঘটনা বহুখিনি হ্ৰাস পাব বুলি আশা কৰিব পাৰি৷