Logo
image

আকৌ আহিছে ক’ভিড এনেবোৰ খাদ্য গ্ৰহণ কৰক

অতিমাৰীয়ে বিশ্বজুৰি সৃষ্টি কৰা ভয়াৱহতাৰ সময়ত স্বাভাৱিক জীৱনযাত্ৰালৈ আহিছে নানা পৰিৱৰ্তন৷ ক’ভিডৰ পাছত অমিক্ৰনৰ আশংকাত ভূগিছে সমগ্ৰ বিশ্ব৷ এই সময়ছোৱাত সাধাৰণ স্বাস্থ্যবিধি মানি চলাৰ উপৰি খাদ্যাভাস¸ৰো পৰিৱৰ্তন ঘটিছে৷ কেতিয়াবা প্ৰকাশ্যে অতিমাৰীৰ লক্ষণে দেখা দিয়াৰ বিপৰীতে কেতিয়াবা নীৰৱে অতিমাৰীৰ উপসৰ্গ আপুনি কঢ়িয়াই ফুৰিছে৷ এনে এক সময়ত কেনেধৰণৰ খাদ্যাভাস¸ গঢ়ি তোলা উচিত সেই সম্পৰ্কত চিকিৎসা বিশেষজ্ঞসকলেও বিভিন্ন পৰামৰ্শ আগবঢ়াইছে৷ বিশেষকৈ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো এই সময়ত অত্যন্ত জৰুৰী৷ 

১/ এই সময়ত চেনিৰ পৰিৱৰ্তে খেজুৰ খোৱাৰ অভ্যাস কৰিব পাৰে৷ তদুপৰি মৌচুমী ফলৰ ৰস খোৱাটো স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়৷

২/ দিনে দুবাৰতকৈ বেছি চাহ খোৱাটো সেই সময়ত স্বাস্থ্যৰ বাবে ভাল নহয়৷ অত্যধিক পৰিমাণে চাহ পান কৰিলে শৰীৰত পানীৰ পৰিমাণ হ্ৰাস পায়৷ সাধাৰণ চাহৰ পৰিৱৰ্তে এইক্ষেত্ৰত গ্ৰীণ টিৰ উপকাৰিতা বেছি৷

৩/ খাদ্য তালিকাত আপুনি গাখীৰ অন্তৰ্ভুক্ত কৰিব পাৰে৷ এই ক্ষেত্ৰত গাখীৰতকৈ টেঙা দৈ খালে বেছি ভাল ফল পাব পাৰি৷ গাখীৰত থকা পুষ্টিকৰ উপাদানে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷

৪/ ক’ভিড বা অমিক্ৰনৰ সংক্ৰমণৰ সময়ত পি এইচ যুক্ত খাদ্য  খোৱা উচিত৷ শৰীৰত পি এইচৰ পৰিমাণ কম থাকিলে সংক্ৰমণজনিত ৰোগত সহজে আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ মৌচুমী, নেমু, পকা অমিতা, আনাৰস আদিত প্ৰচুৰ পৰিমাণে পি এইচ থাকে৷ 

৫/ আদা, নহৰু, পিঁয়াজ, হালধি খাদ্য তালিকাত প্ৰতিদিনে ৰাখক৷ আদা, নহৰু, পিঁয়াজ, হালধি আদিত ভিটামিন ‘চি’, ছালফাৰ জিংক, ছেলেনিয়াম প্ৰচুৰ পৰিমাণে থাকে৷ যি ৰোগ প্ৰতিৰোধত সহায়ক হৈ পৰে৷

৬/ এই সময়ছোৱাত ঠাণ্ডা পানী পৰিহাৰ কৰি চলা উচিত৷ গৰম পানী খোৱাৰ লগতে স্নান কৰোতেও ব্যৱহাৰ কৰিব লাগে৷

৭/ খাদ্য তালিকাত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰক৷