Logo
image

কৰ’নাৰ গণসংক্ৰমণৰ আশংকা

২০২০ চনৰ পৰা সমগ্ৰ বিশ্বতে ক’ভিডে যি ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছিল, সেই অৱস্থাৰ কিছু উন্নতি হৈছিল যদিও পুনৰ কৰ’না ভাইৰাছৰ নতুন নতুন প্ৰজাতিয়ে বিশ্বৰ বহু ঠাইত সংহাৰী ৰূপ ধাৰণ কৰিছে৷ ইতিমধ্যে ব্ৰিটেইনত অমিক্ৰনৰ সংক্ৰমণৰ বাবে চিকিৎসালয়ত চিকিৎসাকৰ্মীৰ অভাৱ হৈছে৷ কৰ’নাৰ নতুন নতুন প্ৰজাতিয়ে বনজুইৰ দৰে সমগ্ৰ বিশ্ব ক্ৰমে ছানি ধৰিছে৷ অমিক্ৰনৰ সংক্ৰমণ ডেল্টা প্ৰজাতিৰ সংক্ৰমণতকৈ অধিক যদিও এই প্ৰজাতিত মৃত্যু হোৱা লোকৰ সংখ্যা কম৷ কিন্তু একে সময়ত অধিক লোক আক্ৰান্ত হ’লে পূৰ্বে জটিল ৰোগত আক্ৰান্ত লোকসকলৰ জীৱনলৈ চিকিৎসাৰ অভাৱত সংশয় আহিব পাৰে৷ ইতিমধ্যে কৰ’নাৰ নতুন নতুন প্ৰজাতিৰ সংক্ৰমণৰ বাবে বহু দেশে সতৰ্কতামূলক ব্যৱস্থা হিচাপে অঞ্চলবিশেষে লকডাউন নাইবা কাৰ্ফিউ দিবলগীয়া হৈছে৷ ভাৰতৰো কেইবাখনো ৰাজ্যত ইতিমধ্যে সপ্তাহান্তিক লকডাউন আৰু কাৰ্ফিউ দিবলগীয়া হৈছে৷ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিবলগীয়া হৈছে৷ অসমতো নিশা এঘাৰ বজাৰ পৰা পুৱা প্ত বজালৈ সান্ধ্য আইন ইতিমধ্যে ঘোষণা কৰিছে, যদিও বহুক্ষেত্ৰত শিথিলতা গ্ৰহণ কৰিছে৷ কিন্তু এতিয়া অসমত অমিক্ৰন সংক্ৰমিত লোকৰ উপস্থিতি ধৰা পৰাৰ পাছত চৰকাৰ-প্ৰশাসনৰ লগতে ৰাইজ সতৰ্ক হোৱা দৰকাৰ৷ বাতৰিত প্ৰকাশ পোৱা অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ দেহত অমিক্ৰনৰ উপস্থিতি ধৰা পৰিছে৷ ইফালে আই আই টি গুৱাহাটীতো বহুসংখ্যক শিক্ষাৰ্থীৰ লগতে শিক্ষক-কৰ্মচাৰীৰ দেহতো কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ এনে অৱস্থাত ৰাইজ ভীতিগ্ৰস্ত হৈ পৰিছে৷ যদিহে কৰ’নাৰ বাবে চৰকাৰ-প্ৰশাসনে পুনৰ লকডাউন নাইবা লকডাউনসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰে, তেন্তে সাধাৰণ লোকৰ অৱস্থা পানীত হাঁহ নচৰা হ’ব৷ ২০২০ বৰ্ষত দিয়া দীঘলীয়া লকডাউনৰ বাবে অধিকাংশ লোকৰ জীৱন দুৰ্বিষহ হৈছিল৷ ২০২১ বৰ্ষৰ মাজভাগৰ পৰা  জনসাধাৰণে পৰিস্থিতিৰ স’তে মোকাবিলা কৰি জীৱন-যুঁজত অগ্ৰসৰ হৈছিল যদিও পুনৰ যদি লকডাউনসদৃশ পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে দুখীয়া, নিম্ন মধ্যবিত্ত লোক কৰ’নাত নমৰিলেও খাদ্যৰ অভাৱতেই মৰিব৷ আনহাতে, বিভিন্ন ৰোগত আক্ৰান্ত লোকসকলে মানসিক চাপৰ বাবেই হয়তো অকাল মৃত্যুক সাবটি ল’ব৷ অৰ্থৰ জোৰা মাৰিব নোৱাৰি বহুজনে হয়তো আত্মহননৰ পথো বাছি ল’ব৷ এনে পৰিৱেশ-পৰিস্থিতি কেতিয়াও কাম্য নহয়৷ ২০২০ বৰ্ষত কৰ’না ভাইৰাছত যিমান লোকৰ মৃত্যু হৈছিল, তাতকৈ অধিক লোকে আত্মহনন কৰিছিল৷ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ তথ্য অনুসৰি ২০২০ বৰ্ষত ভাৰতত ৰ.৫৩ লাখতকৈও অধিক লোকে আত্মহনন কৰিছিল৷ বিপৰীতে উক্ত সময়ছোৱাত কৰ’না ভাইৰাছত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ৰ.৪৯ লাখ৷ পুনৰ যদি কৰ’নাৰ নতুন প্ৰজাতি অমিক্ৰন বা আই এইচ ইউৰ সংক্ৰমণৰ বাবে লকডাউনসদৃশ পৰিস্থিতিৰ বাবে উপাৰ্জনৰ পথ বন্ধ হৈ পৰে, তেন্তে আত্মহনন কৰা লোকৰ সংখ্যা পূৰ্বৰ সংখ্যাতকৈও অধিক হ’ব৷ তদুপৰি কৰ’না ভাইৰাছে শিক্ষাক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ বাবেই প্ৰায়বোৰ শিক্ষাৰ্থীকে পৰীক্ষা অবিহনে নাইবা অনলাইন পৰীক্ষা পাতি উত্তীৰ্ণ কৰাই দিছে যদিও শিক্ষাৰ্থীয়ে পাঠ্যক্ৰমৰ জ্ঞান আহৰণত ব্যৰ্থ হৈছে৷ এনে অৱস্থাত পুনৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ গ’লে ভৱিষ্যৎ প্ৰজন্ম বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব৷ সেয়ে ক’ভিডৰ পৰা হাত সাৰি থাকিবলৈ সকলোৱে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা উচিত৷ চৰকাৰেও ক’ভিড প্ৰতিষেধক ভেকচিন ক্ষিপ্ৰতৰ ব্যৱস্থাৰে প্ৰতিজন লোকক দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ ক’ভিডৰ গণসংক্ৰমণ যাতে নহয় তাৰ প্ৰতি চৰকাৰ-প্ৰশাসনৰ লগতে জনসাধাৰণো সতৰ্ক আৰু সজাগ হোৱা উচিত৷ কিয়নো সাৱধানতাই নিজৰ লগতে সমাজখনকো সুৰক্ষিত কৰিব ৰাখিব৷