Logo
image

স্বাধীন ভাৰতত দলিত উৎপীড়ন

স্বাধীন ভাৰতত প্ৰতি ১৫ মিনিটৰ অন্তৰে অন্তৰে দলিতসকলৰ ওপৰত অত্যাচাৰ-উৎপীড়ন চলোৱা হয়৷ প্ৰতিদিনে ৬গৰাকীকৈ দলিত মহিলা ধৰ্ষিতা হয়৷ ভাৰতে স্বাধীনতা লাভ কৰাৰে পৰা আজিলৈকে উচ্ছ শ্ৰেণীৰ লোকসকলে দলিতসকলৰ ওপৰত কৰা এইধৰণৰ অত্যাচাৰ-ধৰ্ষণ-নিপীড়নৰ ঘটনা হাজাৰ বিজাৰ আছে৷ ২০০৭-২০১৭ চনৰ ভিতৰত দলিতসকলৰ ওপৰত অত্যাচাৰ-উৎপীড়ন ৬৬ শতাংশলৈ বৃদ্ধি পায়৷ নেশ্বনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ মতে ২০০৬ চনত দলিতৰ বিৰুদ্ধে হোৱা অপৰাধৰ সংখ্যা আছিল ২৭,০৭০টা৷ ২০১৪ চনত সি ৪৭,০৬৪টালৈ বৃদ্ধি পালে৷ 

২০১৪-১৬ চনৰ ভিতৰত ৰাজি্যক ভিত্তিত অনুসূচিত জাতিৰ বিৰুদ্ধে কৰা অপৰাধ আৰু উৎপীড়ন চলোৱা ৰাজ্যসমূহক আমি চাৰিটা শ্ৰেণীত ভগাব পাৰোঁঃ ১] সৰ্বাধিক পৰিমাণে নিপীড়ন চলোৱা ৰাজ্যসমূহ হৈছে একাদিক্ৰমে– উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, ওড়িশা, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট আৰু তামিলনাডু৷ ২] বেছি পৰিমাণে নিপীড়ন চলোৱা ৰাজ্যসমূহ হৈছে একাদিক্ৰমে– কেৰালা, হাৰিয়ানা, ঝাৰখণ্ড, চত্তীশগড়, পাঞ্জাব, পশ্চিমবংগ আৰু হিমাচল প্ৰদেশ৷ ৩] দলিত শ্ৰেণীয়ে কম পৰিমাণে নিপীড়ন হোৱা ৰাজ্যযসংযুক্ত ৰাজ্যসমূহ হৈছে  উত্তৰাখণ্ড, দিল্লী, গোৱা, অসম, পণ্ডুচেৰী, মণিপুৰ, জম্মু আৰু কাশ্মীৰ, ছিকিম, চণ্ডীগড়, ত্ৰিপুৰা, দমন আৰু ডিউ৷ ৪] চতুৰ্থ শ্ৰেণীত আছে দলিত শ্ৰেণীয়ে একেবাৰে নিপীড়িত নোহোৱা ৰাজ্যযসংযুক্ত ৰাজ্যসমূহ৷ ইয়াৰ ভিতৰত আছে– অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, দাদৰা আৰু নগৰ হাভেলি৷ অৱশ্যে ইয়াৰে বহুকেইখন ৰাজ্যতেই অনুসূচিত জাতিৰ লোক নাই৷

আনহাতে, ২০১৪-১৬ চনৰ ভিতৰত অনুসূচিত জনজাতিসকলক শোষণ-নিপীড়ন চলোৱা ৰাজ্যসমূহকো চাৰিটা শ্ৰেণীত চিনাক্ত কৰিব পৰা যায়৷ ১] সৰ্বাধিক পৰিমাণে নিপীড়ন চলোৱা ৰাজ্যসমূহৰ ভিতৰত আছে– মধ্যপ্ৰদেশ আৰু ৰাজস্থান৷ ২] বেছি পৰিমাণে উৎপীড়ন চলোৱা ৰাজ্যসমূহৰ ভিতৰত আছে– ওড়িশা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, চত্তীশগড়, তেলেংগানা, কৰ্ণাটক, গুজৰাট, ঝাৰখণ্ড, কেৰালা আৰু পশ্চিমবংগ৷ ৩] কম পৰিমাণে নিপীড়ন চলোৱা ৰাজ্য/সংযুক্ত ৰাজ্যসমূহৰ ভিতৰত আছে– বিহাৰ, গোৱা, তামিলনাডু, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, উত্তৰ প্ৰদেশ, ত্ৰিপুৰা, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, পাঞ্জাব, দাদৰা নগৰ আৰু হাভেলি, দিল্লী আৰু অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, লাক্ষাদ্বীপ, পণ্ডুচেৰী আৰু ছিকিম৷ ৪] অনুসূচিত জনজাতি একেবাৰে নিপীড়িত নোহোৱা ৰাজ্যযসংযুক্ত ৰাজ্যসমূহ হ’ল– হাৰিয়ানা, জম্মু আৰু কাশ্মীৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, চণ্ডীগড়, দমন আৰু দিউ৷

দলিত নাৰীসকল জাত, শ্ৰেণী আৰু লিংগ– এই তিনিধৰণৰ শোষণেৰে নিৰ্যাতিত হোৱা দেখা যায়৷ বহু দলিত মহিলাক বেশ্যাবৃত্তি গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা হৈছে বা চহৰৰ গণিকালয়ত বিক্ৰী কৰি দিয়া হৈছে৷ দলিত মহিলাসকলক কৰা গণ-ধৰ্ষণ, উলংগকৰণ আৰু উলংগ মহিলাক ৰাজহুৱাভাৱে ৰাস্তাত ‘পেৰেড’ কৰোৱা তথা বলপূৰ্বকভাৱে বিষ্ঠা খুওৱা আদি অপৰাধমূলক ঘটনা আজি স্বাধীন ভাৰতত চিৰপৰিচিত ঘটনা হৈ পৰিছে৷ সৌ সিদিনা যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশত দলিত যুৱতীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা আৰু পৰিয়ালৰ অলক্ষিতে আদিত্যনাথৰ পুলিচ প্ৰশাসনে পুৰি পেলোৱা কাৰ্যই সমগ্ৰ দেশ কঁপাই তুলিছে৷ এয়াই হ’ল বিজেপিপ্ৰধান তথাকথিত ৰামৰাজ্যৰ মহান কীৰ্তি! অতি পৰিতাপৰ বিষয় যে ভাৰতৰ কোনো কোনো ৰাজ্যত আজিও বৰ্ণহিন্দুৰ প্ৰতাপত দলিত পুৰুষে দীঘলকৈ মোচ ৰাখিব নোৱাৰে, ঘোঁৰাত উঠি কইনা ঘৰলৈ যাব নোৱাৰে বা জাকজমকতাৰে বিয়াও পাতিব নোৱাৰে৷ 

সম্প্ৰতি বিজেপিপ্ৰধান ৰাজ্যসমূহত সংখ্যালঘু সম্প্ৰদায় আৰু দলিত সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত চৰকাৰে নানা বাধা-নিষেধ আৰোপ কৰা দেখা গৈছে৷ গো-বধ বা গো-মাংস নিষেধকৰণ, চামৰাৰ ব্যৱসায় নিষেধকৰণ আদিৰে এই দৰিদ্ৰ লোকসকলৰ জীৱিকাৰ বাট বন্ধ কৰি দিবলৈ চেষ্টা কৰা হৈছে৷ যুগ যুগ ধৰি হিন্দু ধৰ্মই বা  ব্ৰাহ্মণ্যবাদে দলিত শ্ৰেণীসমূহক অত্যাচাৰ-উৎপীড়ন কৰি আহিছে৷ যি ধৰ্মই তেওঁলোকৰ জীৱন-যাত্ৰাক অসহনীয় কৰি তুলিছে, সেই হিন্দু ধৰ্মৰ প্ৰতি দলিতসকলে বিতৃষ্ণা প্ৰকাশ কৰাটোৱেই স্বাভাৱিক৷ দলিত বুদ্ধিজীৱী তথা নেতা ড॰ ভীমৰাও আম্বেদকাৰে সেয়েহে হিন্দু ধৰ্ম ত্যাগ কৰি দলে-বলে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি হিন্দুধৰ্মৰ প্ৰতি বিদ্ৰোহ ঘোষণা কৰিছিল৷ আজিও বহু দলিতে হিন্দুধৰ্মক বৰ্বৰতম, নিকৃষ্টতম ধৰ্ম বুলি গণ্য কৰি বৌদ্ধ বা আন ধৰ্মলৈ ধৰ্মান্তৰিত হৈ থকা দেখিবলৈ পাওঁ৷ যেতিয়ালৈকে ভাৰতত জাত-বৰ্ণৰ প্ৰভাৱ সক্ৰিয় হৈ থাকিব আৰু আধুনিক ধনতন্ত্ৰবাদে শোষণ-লুণ্ঠনৰ স্বাৰ্থত ইয়াক ৰক্ষণাবেক্ষণ দি থাকিব, তেতিয়ালৈকে উচ্ছবৰ্ণ বা উচ্ছ শ্ৰেণীৰ লোকসকলে দলিতসকলৰ ওপৰত উৎপীড়ন আৰু নিৰ্যাতন চলায়েই থাকিব৷ ভাৰতত হিন্দুত্ববাদী বিজেপি চৰকাৰ অহাৰ পাছৰেপৰা দলিতসকলৰ ওপৰত উচ্ছবৰ্ণৰ অত্যাচাৰ-উৎপীড়নে সীমা চেৰাই গৈছে৷ স্বাধীন ভাৰত আৰু স্বাধীন নাগৰিকৰ বাবে ই এক চৰম লজ্জাজনক আৰু পীড়াদায়ক কথা৷ সমাজ-সচেতন ভাৰতীয় জনগণে শ্ৰীমুখী, সৃষ্টিমুখী তথা প্ৰগতিমুখী শক্তিৰ বিপৰীতে থকা এই ববৰ্ৰ হিন্দুত্ববাদীসকলক যথাসময়ত প্ৰতিহত কৰিব নোৱাৰিলে, অকল দলিতসকলেই নহয় সমগ্ৰ দেশেই অৱধাৰিতভাৱে অন্ধকাৰ দিশলৈ গতি কৰিব৷