শিক্ষানুষ্ঠানৰ নিৰ্বাচন আৰু হিংসা
ক’লৈ গৈছে অসমৰ ছাত্ৰ আন্দোলনৰ গতিধাৰা, অসমৰ যি ছাত্ৰ আন্দোলনত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছিল, যি ছাত্ৰ আন্দোলনে অসমৰ জাতীয় জীৱনৰ প্ৰাণ উজ্জীৱিত কৰিছিল, নতুন দিনৰ আশাত সকলো আন্দোলিত হৈছিল, সেই ছাত্ৰ আন্দোলন এতিয়া কোন দিশে? বিগত তিনিটা দশকত অসমৰ ছাত্ৰ ৰাজনীতিয়ে স্বতন্ত্ৰতা হেৰুৱাই পেলাইছে নেকি? কোনো অদৃশ্য শক্তিয়ে ছাত্ৰ ৰাজনীতি পৰিচালনা কৰে নেকি? এনে বহু প্ৰশ্নৰ অৱতাৰণা আজি দীৰ্ঘদিন ধৰি হৈ আহিছে৷ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে চৌহদসমূহত এক গণতান্ত্ৰিক বাতাৱৰণ গঢ়ি তুলিবলৈ আৰু ভৱিষ্যৎ প্ৰজন্মক ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি আস্থাভাজন কৰাৰ লক্ষ্যৰে গঠন হোৱা ছাত্ৰ একতা সভাসমূহৰ নিৰ্বাচনত বৰ্তমান পৰিস্থিতিত ঘটা ব্যাপক হিংসাত্মক ঘটনাই বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ শেহতীয়াকৈ ডিব্ৰু মহাবিদ্যালয়ৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই কটন বিশ্ববিদ্যালয়তো ছাত্ৰসকল হিংসাত্মক আক্ৰমণত নামি পৰা ঘটনাই অসমৰ শৈক্ষিক তথা বৌদ্ধিক মহলক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে৷ যি গণতন্ত্ৰ ৰক্ষাৰ বাবে ছাত্ৰসকলক প্ৰশিক্ষিত কৰাৰ উদ্দেশ্যে চৌহদৰ সমস্যাসমূহৰ লগত পৰিচিত হৈ সেইসমূহ গণতান্ত্ৰিক পদ্ধতিৰে কতৃৰ্পক্ষৰ লগত আলাপ-আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ বাবে ছাত্ৰ একতা সভাসমূহ গঠন কৰা হয়, সেই গণতন্ত্ৰৰ প্ৰতিয়েই যেন এতিয়া ছাত্ৰসমাজৰ আস্থা-বিশ্বাস হেৰাই গৈছে৷ সেয়ে গণতান্ত্ৰিক নিৰ্বাচনৰ জড়িয়তে নিৰ্বাচিত হোৱাৰ পাছতো পৰাজিত হোৱা পক্ষই প্ৰত্যক্ষ আক্ৰমণত নামি পৰাৰ দৰে নিকৃষ্ট ঘটনা সংঘটিত হৈছে৷ ছাত্ৰ সমাজৰ মাজত যেন মাফিয়াগিৰিৰে ক্ষমতা দখলৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ অসমৰ ছাত্ৰ আন্দোলনৰ এক স্বকীয় বৈশিষ্ট্য আছিল৷ স্থিতাৱস্থাৰ বিপৰীতে নতুনত্বৰ দিশত ছাত্ৰসমাজক আগবঢ়াই নিয়াৰ মানসিকতাৰে সমাজৰ সকলো সমস্যাক সমাধান কৰাৰ বাবে ছাত্ৰসকলে আন্দোলন কৰি আহিছিল৷ কিন্তু শেহতীয়াকৈ বহুকেইটা সমস্যাৰ ক্ষেত্ৰত আপোচকামিতাৰ আশ্ৰয় লোৱাত গৰিষ্ঠসংখ্যক ছাত্ৰই সদৌ অসম ছাত্ৰ সন্থাক একাষৰীয়া কৰি নতুন সংগঠনৰ সন্ধান কৰি অহা দেখা গৈছে৷ এইক্ষেত্ৰত নিশ্চিতভাৱে ৰাজনৈতিক দলসমূহৰ, বিশেষকৈ আঞ্চলিক শক্তিয়ে গুৰুত্ব লাভ কৰিছে৷ সেয়া কৃষক মুক্তিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তিয়েই হওক বা অগপৰ অসম ছাত্ৰ পৰিষদেই হওক৷ কটনৰ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দেখুওৱা ফলাফলত বাকী সংগঠনসমূহ যেন ক্ষুব্ধ হৈ পৰিছে৷ এনে হোৱাৰ কাৰণ কেৱল চৌহদৰ ৰাজনীতি নহয়, ভৱিষ্যৎ অসমৰ ৰাজনীতি বা ছাত্ৰ আন্দোলনত থাকি শাসকীয় ৰাজনীতিৰ সুযোগ-সুবিধা লাভৰ আকাংক্ষাই এইসকলক উদ্বাউল কৰা যেন লাগে৷ সেয়ে ডিব্ৰু মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি কটন বিশ্ববিদ্যালয়লৈকে হিংসাত্মক ঘটনাত জড়িত হৈ পৰে৷ অসমত ঘটা এই ঘটনাই বিগত বৰ্ষত ভাৰতৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ঘটা ঘটনাপ্ৰৱাহলৈ মনত পেলাই দিয়ে৷ জে এন ইউতো শাসকীয় দলৰ ছাত্ৰ সংগঠনৰ কৰ্মীয়ে সাধাৰণ ছাত্ৰৰ ওপৰত আক্ৰমণ নমাইছিল৷ কটনৰ ঘটনাতো শাসকপক্ষই জড়িত থকাৰ অভিযোগ উঠিছে৷ এনেধৰণৰ ঘটনা ঘটিব পাৰে বুলি বিজয়ী পক্ষই কতৃৰ্পক্ষক অৱগত কৰিছিল যদিও বিশেষ সাৱধানতা অৱলম্বন নকৰাৰ পৰিণতিতেই ছাত্ৰ আহত হৈহ্ল চিকিৎসাধীন হ’ব লগা হৈছে বুলি চৰ্চা হৈছে৷ সেইবোৰ যিয়েই নহওক, অসমৰ ছাত্ৰ আন্দোলনৰ ৰাজনীতিত এনে প্ৰৱণতাই গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াই আনিছে৷ এফালে সদৌ অসম ছাত্ৰ সন্থাই নিজৰ ভুলৰ বাবেই নেতৃত্ব হেৰুৱাইছে, আনফালে শাসক পক্ষই নেতৃত্ব প্ৰদানৰ আশাত দিকভ্ৰান্ত হৈ পৰিছে৷ এনে পৰিস্থিতিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰ্ধিত জনপ্ৰিয়তাই অসমৰ ভৱিষ্যৎ ৰাজনীতিৰ এক নতুন দিশ উন্মোচিত কৰিছে৷ সেয়া যি হ’লেও অসমৰ ছাত্ৰ আন্দোলনৰ স্বকীয়তা বজাই ৰাখি শোষক আৰু শাসকৰ কবলৰ পৰা ছাত্ৰসমাজক উদ্ধাৰ কৰি প্ৰকৃত পক্ষ ছাত্ৰসমাজৰ সমস্যাসমূহৰ লগতে শিক্ষানুষ্ঠানৰ চৌহদৰ সমস্যাসমূহো সমাধান কৰাৰ বাবে সংগঠিত হ’ব লাগিব৷ এক গণতান্ত্ৰিক, প্ৰগতিশীল আৰু আপোচহীন সত্তাৰে আগুৱাই গৈ অনাগত দিনত যিকোনো প্ৰলোভনৰ ৰাজনীতিৰ পৰা আঁতৰি আহি বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহৰ স্বতন্ত্ৰতা অক্ষুণ্ণ ৰাখিব লাগিব৷ এইক্ষেত্ৰত গণতান্ত্ৰিক ছাত্ৰসমাজে নিজৰে চেতনাৰে উদ্বুদ্ধ হৈ আগবঢ়াটোৱেই হ’ব সময়ৰ আহ৩ান আৰু তেতিয়াই প্ৰতিক্ৰিয়াশীল অংশ আঁতৰি যাবলৈ বাধ্য হ’ব৷






