Logo
image

যোগাসনৰ জৰিয়তেও চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি

যোগাসনৰ অভ্যাসে মানুহৰ দেহ-মন সুস্থ কৰি ৰাখে৷ কিন্তু যোগাসনৰ জৰিয়তেও যে চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায় সেয়া বহুতেই নাজানে৷ সাস্তাংগাসন আৰু শীৰ্ষাসন নামৰ আসনদুবিধে চুলি সৰা বন্ধ কৰে৷ তদুপৰি এই দুবিধ আসনে থাইৰয়েড আৰু পেৰাথাইৰয়েড গ্ৰন্থিসমূহত তেজৰ সৰবৰাহ বৃদ্ধি কৰে৷ তদুপৰি এই আসনবিধে হৰমনৰ নিঃসৰণ নিয়ন্ত্ৰণ কৰে৷

সাস্তাংগাসন কৰিবলৈ হ’লে এইকেইটা নিয়ম মানিব লাগিব–

[১] প্ৰথমতে মেৰুদণ্ড পোন কৰি থিয় হওক৷ দীঘলকৈ উশাহ লওক৷

[২] লাহে লাহে সন্মুখৰ পিনে হাউলি হাতেৰে গোৰোহা স্পৰ্শ কৰাৰ চেষ্টা কৰক৷ প্ৰথম অৱস্থাত কেইছেকেণ্ডমানৰ বাবে এনেদৰে থাকি লাহে লাহে সময় বঢ়াওক৷

শীৰ্ষাসন হৈছে এটা নিম্নগামী অৱস্থান৷ এই আসনে মূৰৰ ছালত তেজৰ সৰবৰাহ বঢ়াই চুলিৰ বৃদ্ধিত সহায় কৰে৷ এই আসনবিধে মানসিক চাপ মুক্ত কৰে৷ শীৰ্ষাসন কৰিবলৈ হ’লে তলত উল্লেখ কৰা নিয়মকেইটা মানিব লাগিব–

যিসকলৰ যোগাসন কৰা অভ্যাস নাই, তেওঁলোকৰ বাবে শীৰ্ষাসন অতি কঠিন৷ সেয়ে এইবিধ আসন কৰাৰ সময়ত বেৰ বা প্ৰাচীৰৰ সহায় ল’ব পাৰে৷ এই আসনবিধে কান্ধ, ডিঙিৰ মূল পেশীসমূহৰ ওপৰত চাপৰ সৃষ্টি কৰে৷

[১] শীৰ্ষাসন কৰিবলৈ আপোনাৰ হাত আৰু আঁঠুৰ ওপৰত ভেজা দিয়ক৷ সন্মুখৰ পিনে হাউলি দুই বাহু মজিয়াত ৰাখক৷

[২] লাহে লাহে মূৰটো তললৈ নমাওক আৰু এটা সময়ত মূৰেৰে মজিয়া স্পৰ্শ কৰক৷ এইবাৰ ভৰি দুখন ওপৰলৈ তোলাৰ চেষ্টা কৰক৷ এনেদৰে উলম্ব অৱস্থাত থাকক৷ প্ৰথম অৱস্থাত এনেদৰে কেইছেকেণ্ডমান থকাৰ চেষ্টা কৰক৷ লাহে লাহে সময় বৃদ্ধি কৰক৷

এই দুবিধ আসনেৰে চুলি সৰা সমস্যাৰ পৰা বহুতেই উপকৃত হ’ব পাৰিছে বুলি যোগবিদসকলে প্ৰমাণ লাভ কৰিছে৷