Logo
image

টুথপেষ্ট এইবোৰ কামতো ব্যৱহাৰ কৰিব পৰা যায়

টুথপেষ্ট সাধাৰণতে দাঁত পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হয়৷ কিন্তু দাঁত পৰিষ্কাৰৰ বাহিৰেও টুথপেষ্ট অন্যান্য কামতো ব্যৱহাৰ কৰিব পৰা যায়৷ উল্লেখ কৰা হ’ল টুথপেষ্ট কি কি কামত ব্যৱহাৰ কৰিব পাৰি– 

[১] জোতা মলিয়ন হ’লে টুথপেষ্টেৰে পৰিষ্কাৰ কৰিব পাৰি৷ এটুকুৰা শুকান কাপোৰত টুথপেষ্ট লগাই জোতাযোৰত ঘঁহিলে মুহূৰ্ততে মলিয়ন জোতাযোৰ পৰিষ্কাৰ হৈ পৰে৷ 

[২] শিশুৰ ফিডিং বটল অৰ্থাৎ গাখীৰ খুওৱা বটলত গোন্ধ ওলালে টুথপেষ্টৰ জৰিয়তে সেই গোন্ধ আঁতৰাব পৰা যায়৷ এই ক্ষেত্ৰত বটলটোত ব্ৰাছেৰে অকণমান টুথপেষ্ট লগাই উতলা পানীৰে ধুই ল’লেই হ’ল৷ দেখিব বটলৰ গোন্ধ নাইকিয়া হৈছে৷ 

[৩] শালমনৰ সমস্যা থাকিলে ৰাতি শোৱাৰ সময়ত ৰঙীন টুথপেষ্ট শালমনত লগাওক৷ পুৱাই দেখিব শালমন নাইকিয়া হ’বলৈ ধৰিছে৷ অৱশ্যে যি সকলৰ ছাল স্পৰ্শকাতৰ তেওঁলোকে এই কাম নকৰিব৷ 

[৪] শিশুৱে যদি ঘৰৰ দেৱালত অঁকা-আঁকি কৰি দেৱালখন নষ্ট কৰিছে তেন্তে কোমল কাপোৰ বা ব্ৰাছত ন-জেল টুথপেষ্ট লগাই দেৱালত লগাওক৷ কিছু সময় পাছত শুকান কাপোৰেৰে ঘঁহক৷ 

[৫] বহুতৰে ঘৰত চাহৰ পিয়লা বা মগ আদিত দাগ লগা দেখা যায়৷ চাহ বা কফিৰ এনে দাগ সহজে আঁতৰাব পৰা নাযায়৷ এই ক্ষেত্ৰত দাগ লগা পিয়লা বা মগটোত কিছুসময় টুথপেষ্ট লগাই ৰাখক৷ পোন্ধৰ-বিছ মিনিটৰ পাছত পিয়লা বা মগটো ভালদৰে ধুই লওক৷ দেখিব অকণমান আগতে দাগ লাগি থকা মগ বা পিয়লাটো নতুনৰ দৰে হৈ পৰিছে৷ 

[৬] টী টেবুল বা ডাইনিং টেবুলত মেট ব্যৱহাৰ নকৰিলে পানীৰ দাগ লাগি থাকে৷ এই দাগ টুথপেষ্টেৰে সহজে আঁতৰাব পৰা যায়৷ ইয়াৰে বাবে টেবুলৰ দাগ লগা অংশত সামান্য পৰিমাণৰ টুথপেষ্ট লগাই ৰাখক৷ কিছু সময় পাছত কোমল কাপোৰেৰে দাগ লগা অংশত ঘঁহিলে দাগ সহজে আঁতৰে৷ 

[৭] গহনা বা আ-অলংকাৰ লেতেৰা হ’লে টুথপেষ্টেৰে পৰিষ্কাৰ কৰিব পৰা যায়৷ 

[৮] বাথৰুমৰ বেছিন বা পাকঘৰৰ ছিংক পৰিষ্কাৰৰ বাবেও টুথপেষ্ট অতি কাৰ্যকৰী৷ লেতেৰা হৈ থকা বেছিন বা ছিংকত টুথপেষ্ট লগাই কাপোৰেৰে ঘঁহিলে মুহূৰ্ততে পৰিষ্কাৰ হয়৷

[৯] বাথৰুমৰ আইনাত পানীৰ দাগ লাগি থাকিলে সেই দাগো টুথপেষ্টেৰে আঁতৰাব পৰা যায়৷

[১০] ৰন্ধনকাৰ্যত লাগি থকাসকলৰ হাতত বহু সময়লৈকে পিয়াঁজ বা নহৰুৰ গোন্ধ লাগি থাকে৷ এই ক্ষেত্ৰত সামান্য টুথপেষ্ট হাতত লগাই ভালদৰে ধুই পেলাওক৷ দেখিব মুহূৰ্ততে হাতৰ পৰা নহৰু আৰু পিয়াঁজৰ গোন্ধ নাইকিয়া হৈছে৷