Logo
image

সেমেকি গৈছে জীৱন-জীৱিকা

 ক’ভিড কালত ক্ষুদ্ৰ ব্যৱসায়ী, নিবনুৱা, শিল্পী, কলা-কুশলী গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত

আমাৰ অসম,৯ জানুৱাৰীঃ এটাৰ পাছত আন এটা ঢৌ৷ অচিন ভাইৰাছৰ অদৃশ্য আক্ৰমণত বহু দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ সপোন চূৰমাৰ৷ যোৱা দুবছৰৰো অধিক সময় ক’ভিড নামৰ ভাইৰাছটোৰ বিভিন্ন ভেৰিয়েণ্টৰ আতংকত স্তব্ধ হৈ গৈছে সাধাৰণ মানুহৰ জীৱন-জীৱিকা৷ চৰকাৰে যিদৰে ভেক্‌চিনৰ ব্যৱস্থা কৰিছে, সেইদৰে বিভিন্ন সময়ত এছঅ’পি প্ৰকাশ কৰি বাধা-নিষেধ কাৰ্যকৰী কৰিছে৷ কিন্তু সেই এছঅ’পিয়ে জীৱন ৰক্ষা কৰিলেও জীৱিকা থানবান কৰি পেলাইছে৷ জীৱনৰ বহু দুৰ্মূল্য সময় নষ্ট হৈছে শিক্ষাৰ্থীসকলৰ৷ বহু ক্ষুদ্ৰ ব্যৱসায়ী, নিবনুৱা অন্তহীন হাহাকাৰৰ সন্মুখীন হৈছে৷ ভীষণ ক্ষতিগ্ৰস্ত হৈছে ৰেস্তোৰাঁ, সৰু-মজলীয়া হোটেল উদ্যোগ, পৰ্যটন, শিল্পী, কলা-কুশলীসকল৷ এই দুৰ্যোগৰ কেতিয়া ওৰ পৰিব, ইয়েই আজি কোটিটকীয়া প্ৰশ্ন৷ ক’ভিডত ইতিমধ্যে জুৰুলা হৈছে অসমসহ দেশৰ প্ৰায় প্ৰতিখন ৰাজ্য৷ প্ৰায় দুবছৰ জোৰা কৰ’নাসৃষ্ট লকডাউন, অৰ্ধ-লকডাউনত কাবু হৈছে ৰাজ্যৰ প্ৰায় প্ৰতিটো পৰ্যায়ৰ লোক৷ দিন ভিক্ষা প্ৰাণৰক্ষা কৰি চলা সকলে এই কালচোৱাত দেখিছে সৰিয়হৰ ফুল৷ সাধাৰণ ব্যৱসায় কৰা, ৰিক্সা-ঠেলা চলাই জীৱন-যাপন কৰা, হোটেল-ৰেস্তেঁাৰাৰ কৰ্মৰত কৰ্মচাৰী-মালিক, নাপিত, পানদোকানী, পদপথৰ ব্যৱসায়ীৰ অৱস্থা হৈ পৰিছিল অবৰ্ণনীয়৷ কেইবাজনো লোকে আত্মহত্যা কৰিবলগীয়া হৈছে৷ কৰ’নাসৃষ্ট পৰিস্থিতি স্বাভাৱিক হৈ অহাত জীয়াই থকাৰ বাবে আশাৰ ৰেঙণি দেখিলে এইসকল লোক৷ আকস্মিকভাৱে কৰ’নাৰ শেহতীয়া ৰূপ অমিক্ৰনৰ ভয়ংকৰ সংক্ৰমণৰ হোৱাৰ পৰিপ্ৰেক্ষিত ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে এছ অ’ পি৷ ঘূৰা-ফুৰা, বজাৰ-সমাৰ প্ৰায় ইতিমধ্যে ক্ষেত্ৰতে বাধা নিষেধ আৰোপ কৰি এছ অ’ পি প্ৰকাশ কৰাৰ পাছত শৰগ ভাগি পৰিছে ৰিক্সাৱালা, ঠেলাৱালা, পদপথৰ ব্যৱসায়ী, ক্ষুদ্ৰ হোটেল-ৰেস্তেঁাৰা ব্যৱসায়ী৷ হতাশা নমাই আনিছে ক্ষুদ্ৰ ব্যৱসায়, নিবনুৱা যুৱক-যুৱতীলৈ৷ ৰাজ্য চৰকাৰে শেহতীয়াভাৱে ক’ভিড নিয়ন্ত্ৰণৰ বাবে এছ অ’ পি প্ৰকাশ কৰাৰ পাছতে মেজি-ভেলাঘৰ সাজি থকা উদ্যমী যুৱক-কিশোৰৰ মাজত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আটক ধুনীয়া ভেলাঘৰক লৈ গাঁৱত হা-হতাশা৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা এছ অ’ পি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ খৰি হোটেল-ৰেস্তেঁাৰা ব্যৱসায়ী বিমল শৰ্মাই কয়–  কালিৰ ক’ভিডৰ নতুন এছ অ’ পি প্ৰকাশৰ পাছত ব্যৱসায়ীসকল বাৰুকৈয়ে বিমোৰত পৰিছে৷ সুদীৰ্ঘ দুই বছৰ জীৱন-মৰণৰ পৰা কথমপি উশাহ লৈ বৰ্তি থকাৰ পিছত আকৌ নতুন এছ অ’ পিয়ে যে আমাৰ দৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ অৱস্থা পানীত হাঁহ নচৰা কৰিব সেয়া নিশ্চিত ব্যৱসায়ী প্ৰতিস্থানৰ কৰ্মচাৰীসকলৰ জীৱন তথা পৰিয়াললৈ অমানিশা নামি আহিছে৷ ব্যৱসায়ীসকলক ক’ভিড নামৰ বৰ ভূতটোৱে কোঙা কৰি পেলাইছে৷ চৰকাৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলক কিছু-পৰিমাণে সাহায্য দি হ’লেও মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ অন্তত একোটি পৰিয়াল ৰক্ষা কৰিবলৈ অন্তত একোটি পৰিয়াল ৰক্ষা পৰিব৷ চৰকাৰে চাকৰিয়াল সকলৰ লগতে ব্যৱসায়ী সকলকো বৰ্তি থকাৰ ব্যৱস্থা কৰিব লাগে৷ ক’ভিড সৃষ্টি পৰিস্থিতিত প্ৰকাশ কৰা এছ অ’ পি প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক্ষুদ্ৰ ছপাশালৰ ব্যৱসায়ী কুশল কুমাৰ দত্তই কয়– চৰকাৰে জাৰি কৰা এছ অ’ পিৰ ফলত এচাম লোক যথেষ্ট অসুবিধাত পৰিব৷ নতুন এছ অ’ পি জাৰি কৰাৰ পৰা বজাৰ-সমাৰত ইতিমধ্যে মানুহৰ সমাগম যথেষ্ট সীমিত হৈছে, তাৰ ফলত সৰু-সুৰা ব্যৱসায়ীসকল ক্ষতিগ্ৰস্ত হৈছে৷ ৰাজ্য চৰকাৰে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক ভলণ্টিয়াৰ হিচাপে অস্থায়ীভাৱে নিয়োগ কৰি ৰাইক সতৰ্ক কৰি ৰাখিব পৰাকৈ ব্যৱস্থা কৰিব পাৰে, যাতে ‘কাৰ্ফিউ’ বা ‘লকডাউন’ নিদিয়াকৈয়ে সামাজিক দূৰত্ব ৰক্ষা কৰা, সকলোৱে সকলো সময়তে ভালদৰে মাস্ক পৰিধান কৰা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা ইত্যাদি সতৰ্কতামূলক ব্যৱস্থা কৰিব পৰা যায়৷ এছ অ’ পিক লৈ ক্ষুদ্ৰ ৰেষ্টোৰাঁ ব্যৱসায়ী কৰিশ্মা বেগমে কয়– কৰ’নাৰ বাতৰিয়ে পুনৰ সকলোৰে মনবোৰ চেপি খুন্দি আনিছে৷ বিশ-একৈশ চনৰে পুনৰাবৃত্তি হোৱাৰ উপক্ৰম হৈছে৷ কথমপি ব্যৱসায়ীসকলে উশাহ লৈছিলহে৷ ইমান কম দিনৰ ভিতৰত বাৰে বাৰে ব্যৱসায়ৰ নামত মুখ ঠেকেচা খোৱা ব্যৱসায়ীসকলৰ বাবে অসম্ভৱ হৈ পৰিছে জীৱন জীয়াবলৈ৷ বিশেষকৈ চেলুন বা বিউটী পাৰ্লাৰ, ৰেষ্টোৰাঁ আদি দুবছৰ ক’ভিডৰ নামত গৈ আমিবোৰ জীৱনত বহু পিছুৱালোৱেই৷ বেমাৰ আজাৰ আহিবই সমাজলৈ এইয়া কোনো নতুন কথা নহয়৷ পূৰ্বতেও আহিছিল৷ কিন্তু বৰ্তমান চিকিৎসালয়বোৰত কোটি কোটি টকা খৰচ কৰি পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা থকাৰ পিছতো এনেদৰে ৰাইজক টকা উপাৰ্জনৰ ক্ষেত্ৰত বাৰে বাৰে বাধা প্ৰদান কৰাৰ বিষয়টো চিন্তনীয়৷ অন্ততঃ নিশা দহ বজালৈ খোলা ৰখাৰ ব্যৱস্থা কৰিলে ব্যৱসায়ীসকলে অলপ হ’লেও সকাহ পাব৷ তদুপৰি বছেৰেকৰ বিহুৰ উৰুকা নিশাৰ লগে ভাগে ভাত সাঁজনো আঠ ন বজাতেই কেনেকৈ খাব তাকো লগ ভাগ নোহোৱাকৈ/ ইপিনে, ক’ভিডৰ এছ অ’ পিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিবনুৱা যুৱক অসীম কলিতায়ো৷ তেওঁ কয়– কৰ’না পৰিস্থিতি স্বাভাৱিক হ’বলৈ ধৰাত কিছু পোহৰৰ বাট দেখিছিলোঁ৷ চাকৰি নাপাই কিবা ব্যৱসায়ত হাত দিম বুলি সাঁজু হৈছিলোঁ মাথোঁ৷ নতুন এছ অ’ পিয়ে সকলো পানী কৰি দিলে৷ সেমেকি গৈছে জীৱন-জীৱিকা৷ এছ অ’ পি প্ৰসংগত সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ সভাপতি ভাস্কৰজ্যোতি তালুকদাৰে কয়– ‘চৰকাৰে ক’ভিডক লৈ নতুন এছ অ’ পি দিছে, আমি মানিব লাগিব৷ কিন্তু গুৱাহাটী মহানগৰীত থকা প্ৰায় ১৪১ পৰা ১৬ হাজাৰ কেব চালকৰ কথা চৰকাৰে কোনো দিনে চিন্তা কৰা নাই৷ বিগত দুবছৰ ধৰি আমি পেটৰ ভাতৰ মুঠি যোগাৰ কৰিবলৈ নানা সংগ্ৰাম কৰিবলগীয়া হৈছে৷ মাইক্ৰ’ফাইনেন্সৰ ঋণৰ চিন্তা, ল’ৰা-ছোৱালীৰ স্কুল-কলেজৰ চিন্তা, ঘৰ ভাড়াৰ চিন্তা, দুবেলা দুমুঠিৰ চিন্তাত আমি দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ এতিয়া যদি পূৰ্বৰ দৰে পৰিস্থিতি হয় তেন্তে আমি আত্মহত্যা কৰাৰ বাহিৰে আন কোনো উপায় বিচাৰি নাপাম৷’ এই সম্পৰ্কে অল আছাম চিনেমা হল অনাৰ্চ এছ’চিয়েশ্বনৰ সভাপতি চিন্ময় শৰ্মাই কয়– ‘আমি ৫০ শতাংশ দৰ্শকৰ উপস্থিতিৰে ছবিগৃহ খুলি আছোঁ৷ বিগত সময়ছোৱাত আমি বহু লোকচানৰ সন্মুখীন হৈছোঁ৷ কিন্তু উপায় নাই৷ আমাৰ ছবিগৃহৰ উদ্যোগত ক’ভিড পৰিস্থিতিৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে৷ উপায় নোহোৱাৰ বাবে লোকচানৰ মাজেৰেও আমি উদ্যোগটো জীয়াই ৰাখিছোঁ৷ আমি এতিয়া মাথোঁ ভাল দিনৰ অপেক্ষা কৰিছোঁ৷’ এই সম্পৰ্কে সদৌ অসম কেব মজদুৰ সংঘৰ মুখপাত্ৰ ধ্ৰুৱৰাজ অসমে কয়– ‘আমাৰ শিক্ষিত যুৱপ্ৰজন্মই চৰকাৰী চাকৰিৰ আশা এৰি নিজ ব্যৱসায় আৰম্ভ কৰিছিলোঁ৷ কিন্তু আমি এতিয়া এশ এবুৰি সমস্যাৰ মাজেৰে দিন কটাবলগীয়া হৈছে৷ পেট্ৰ’ল, ডিজেলৰ এফালে মূল্যবৃদ্ধি, আনফালে ক’ভিডৰ বাবে চৰকাৰী এছ অ’ পি৷ আমি এতিয়া দৈনিক মজুৰিখিনি লাভৰ পৰাও বঞ্চিত৷ গতিকে চৰকাৰে আমাৰ দৰে শিক্ষিত নিবনুৱাসকলৰ কথা চিন্তা কৰক৷’ এছ অ’ পি প্ৰকাশ সন্দৰ্ভত সদৌ গুৱাহাটী ব্যৱসায় সন্থাৰ সাধাৰণ সম্পাদক প্ৰাণতোষ ৰয়ে কয়– ‘ৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলে ২০২০ চনৰ পৰা বাৰুকৈয়ে লোকচানৰ সন্মুখীন হৈছে৷ এতিয়া আকৌ অমিক্ৰনৰ আতংকত ভুগিছে৷ ৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলে আজি পৰ্যন্ত চৰকাৰৰ পৰা কোনো সহায়-সহযোগিতা বা অনুদান লাভ কৰা নাই৷ তেওঁলোকে মূলধন ভাঙি ব্যৱসায় চলাই সৰ্বস্বান্ত হ’বলগীয়া হৈছে৷ সমগ্ৰ অসমত প্ৰায় ৫ লাখ আৰু গুৱাহাটীত প্ৰায় ৬০ হাজাৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী আছে৷ ইতিমধ্যে অসমত ২০১ পৰা ২৫ শতাংশ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় বন্ধ হৈ গৈছে৷ গতিকে আমাৰ প্ৰতি চৰকাৰৰ সু-দৃষ্টি দিবলৈ চৰকাৰক আহ্বান জনালোঁ৷’ ক্ষুদ্ৰ ব্যৱসায়ী বাবুল বসুনিয়াই কয়– ‘আমি খাটি খোৱা লোক৷ বিগত দুবছৰ ধৰি আমি নানা কষ্টৰে দিন অতিবাহিত কৰিছোঁ৷ ক’ভিড মহামাৰী আমাৰ বাবে অভিশাপস্বৰূপ৷ এতিয়া আকৌ ক’ভিডৰ আতংক বৃদ্ধি হৈছে৷ এনেদৰে পৰিস্থিতি ভয়াৱহ হৈ থাকিলে আমি লঘোণে মৰিব লাগিব৷ গতিকে চৰকাৰে আমাৰ কথাও এবাৰ চিন্তা কৰক৷’ প্ৰকাশ অনুভৱ পৰাশৰে কয়– ‘পুনৰ ক’ভিডৰ আতংক বৃদ্ধি হৈছে৷ ইয়াৰ ফলত গ্ৰন্থ উদ্যোগত বিশেষকৈ শিশুসকলৰ মাজত গ্ৰন্থ অধ্যয়নৰ যি আগ্ৰহ বৃদ্ধি হৈছিল তাতো প্ৰভাৱ পৰিব৷ গ্ৰন্থ কিনাৰ এটা পৰিৱেশ গঢ় লৈছিল মাত্ৰ৷ সেই সময়তে দেশ তথা ৰাজ্যত ক’ভিডৰ ফলত জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত চৰকাৰী পুঁথিভৰাঁললৈ কোটি কোটি টকাৰ গ্ৰন্থ ক্ৰয় কৰিলে, কিন্তু আজিলৈকে প্ৰকাশকসকলে প্ৰাপ্য ধনখিনি পোৱা নাই৷ গতিকে এনে জটিল পৰিস্থিতিত গ্ৰন্থ উদ্যোগৰ সৈতে জড়িত হাজাৰ হাজাৰ লোকৰ কথা চৰকাৰে চিন্তা কৰক৷’ নাগাৰা নামৰ শিল্পী অৰূপ কলিতাই কয়– ‘আমি বিগত দুবছৰ ধৰি নানা সমস্যাৰ সন্মুখীন হৈছোঁ৷ আমাৰ দৰে শিল্পীসকলে অনুষ্ঠান কৰিবলৈ নিমন্ত্ৰণ নাপালে পৰিয়াল পোহপাল দিয়া কঠিন হৈ পৰে৷ আমাৰ অধীনত অন্তৰ্ভুক্ত ৪২জন শিল্পী আছে৷ ইতিমধ্যে আমাৰ কেইবাজনো শিল্পীয়ে শাক-পাচলিৰ ব্যৱসায় আৰম্ভ কৰিছে৷ গতিকে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ যাতে আমাৰ দৰে দুখীয়া শিল্পীসকলক জীয়াই থাকিবলৈ এটা পৰিৱেশ দিয়ে৷’ ঢুলীয়া শিল্পী ভূপেন ৰয়, সূৰ্যকান্ত দাসে কয়– ‘ক’ভিড পৰিস্থিতিৰ বাবে ৰাজ্যৰ ঢুলীয়া দলসমূহৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে৷ আমি বিগত দুবছৰ ধৰি কোনো এটা অনুষ্ঠানতে অংশগ্ৰহণ কৰিব পৰা নাই৷ ক’ভিড মহামাৰীৰ বাবে আমাৰ শিল্পকলা হেৰাই যোৱাৰ পথত৷ পেটৰ ভাতমুঠিৰ বাবে আমি এতিয়া বিকল্প চিন্তা কৰিবলগীয়া হৈছে৷ গতিকে চৰকাৰে পূৰ্বৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ পূৰ্বে আমাৰ দৰে খাটি খোৱা শিল্পীসকলৰ কথা এবাৰ চিন্তা কৰক৷

২৪ ঘণ্টাত অসমত আক্ৰান্ত ৰ,২৫৪জন

আমাৰ অসমঃ অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহুৰ প্ৰাকমুহূৰ্তত ক’ভিডৰ ধুমুহাই ত্ৰাসৰ সৃষ্টি কৰিছে৷ বৃদ্ধ-বণিতা, ডেকা-জীয়ৰীৰ পৰা আৰম্ভ কৰি শিশু-কিশোৰসকলো দ্ৰুত হাৰত ক’ভিড আক্ৰান্ত হৈছে৷ অস্বাভাৱিকভাৱে ৰাজ্যত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত স্বাস্থ্য বিভাগৰ অসহায় স্বৰূপ উন্মোচন হৈছে৷ এতিয়াৰে পৰা সকলো ক’ভিড আক্ৰান্তকে অমিক্ৰন পজিটিভ হিচাপে ধৰি লৈ চিকিৎসা প্ৰদানৰ কথা ঘোষণা কৰিলেও চৰকাৰে সাধাৰণ লোকৰ ক’ভিড চিকিৎসা বিনামূলীয়া নহয় বুলি স্পষ্ট কৰিছে৷ ক’ভিড পৰিস্থিতি এনে পৰ্যায়লৈ গতি কৰিছে যে বিহুৰ পাছতেই ৰাজ্যত দৈনিক আক্ৰান্তৰ সংখ্যাই ১০-১২ হাজাৰৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা প্ৰকাশ পাইছে স্বাস্থ্য বিভাগৰ সমীক্ষাত৷ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ক’ভিড ৰোগীক চৰকাৰী খৰচত চিকিৎসা সেৱাত চৰকাৰে হাত দাঙি দি হোম কোৱাৰেণ্টিনত গুৰুত্ব আৰোপ কৰিছে৷ স্বাস্থ্য বিভাগৰ বুলেটিনত প্ৰকাশ পোৱা অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ১২৫৪জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ইয়াৰ ভিতৰত গুৱাহাটীতে সৰ্বাধিক ৪৭২জন লোকৰ দেহত পজিটিভ ধৰা পৰিছে৷ শুকুৰবাৰে ৰাজ্যত পজিটিভিটীৰ হাৰ ৩.৩২ শতাংশ আছিল যদিও শুকুৰবাৰে ইয়াৰ হাৰ ৩.৭৩ শতাংশলৈ বৃদ্ধি পাইছে৷ গুৱাহাটী মহানগৰী এতিয়া ক’ভিড অভিকেন্দ্ৰত পৰিণত হৈছে৷ মাঘ বিহুত গুৱাহাটীৰ পৰা আন জিলালৈ যোৱা লোকসকলে গাঁৱে-ভূঞে ভাইৰাছ বিয়পাই থৈ অহাৰো আশংকা কৰিছে চিকিৎসক-বিশেষজ্ঞসকলে৷ চৰকাৰে আজিৰে পৰা নতুন এছ অ’ পি কাৰ্যকৰি কৰাৰ ফলত সমাগত ভোগালী বিহু সেমেকি উঠাই নহয়, ক’ভিডসৃষ্ট পৰিস্থিতিয়ে সেমেকাই তুলিব বহুতৰে জীৱন-জীৱিকা৷ কঠোৰ ক’ভিড বিধি, কাৰ্ফিউ, লকডাউনৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ী, নিবনুৱা, শিল্পী, কলা-কুশলী, বাণিজ্যিক বাহনৰ মালিক-কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি দিন হাজিৰা কৰা লোকসকলে ভয়ংকৰ দুৰ্যোগৰ মুখামুখি হোৱাটো নিশ্চিত হৈ পৰিছে৷ ক’ভিডৰ দ্বিতীয় ঢৌৰ সন্ত্ৰাসৰ পাছত কোনোমতে মূৰ দাঙি উঠা ক্ষুদ্ৰ ব্যৱসায়ীসকলে যেন এক অন্ধকাৰ ভৱিষ্যতৰ দিশে আগবাঢ়িছে৷ কৰ’না কালৰ বাস্তৱ পৰিণতি কি হ’ব সেয়া এতিয়া সময়ৰ অপেক্ষাত৷

কাছাৰত ক’ভিডত দুজনৰ মৃত্যু

আমাৰ অসমঃ কাছাৰ জিলাত ক’ভিডত ভুগি থকা দুজন ৰোগীৰ মৃত্যু হৈছে৷  কাছাৰ জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই এই তথ্য সদৰি কৰিছে৷ ইয়াৰ উপৰিও, ৭৫জন লোক ক’ভিড পজিটিভ হৈছে৷ জিলাখনত এতিয়ালৈকে ক’ভিড সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৯২জন৷ ইয়াৰ ভিতৰত ১২৫জন চিকিৎসালয়ত আৰু ৬৭জন হোম আইছ’লেছনত  আছে৷ ইফালে, শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ক’ভিড সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩১ জন৷