বন্দনাৰ ছুটী আৰু ফটো
অসম চৰকাৰে কৰ্মচাৰীসকলক পিতৃ-মাতৃৰ ওচৰলৈ গৈ সময় কটাবৰ বাবে দুদিনৰ ছুটী মঞ্জুৰ কৰিছে৷ নিৰ্দিষ্ট এই দুদিনৰ পাছৰ দুদিনো বন্ধ হোৱাৰ সুবাদত মুঠতে চাৰিটা দিনৰ কৰ্মবিৰতি কৰ্মচাৰীসকলে লাভ কৰিবলৈ সক্ষম হৈছে৷ জীৱন আৰু জীৱিকাৰ দায়িত্বত বৃহৎসংখ্যক লোকেই পিতৃ-মাতৃৰ লগত একেলগে থাকিব নোৱাৰে৷ সেয়ে হ’লেও, বিহু-পূজাৰ বন্ধবোৰত বহুতেই গৈ আপোন মানুহৰ লগ লাগেগৈ৷ যি নহওক, চৰকাৰে এইবেলি এই দুদিনৰ [চাৰি দিনৰ] বন্ধ ঘোষণা কৰি পাৰিবাৰিক বান্ধোন কটকটীয়া কৰাৰ দিশত এক নতুনত্বৰ সংযোজন কৰিলে৷ কিন্তু, হয়তোবা কৰ্মচাৰীসকলৰ ওপৰত চৰকাৰৰ বিশ্বাস অলপ কম, সেয়েহে বন্ধৰ লগতে এক সকীয়নিও দিলে৷ সেইমতে এই দুটা দিন যে ছুটী লৈ কৰ্মচাৰীসকলে পিতৃ-মাতৃৰ [শহুৰ-শাহু] লগত কটাইছে, তাৰ ফটো চৰকাৰৰ ৱেবছাইটত আপলোড কৰিব লাগিব, অন্যথা, উক্ত দুদিনৰ ছুটী অন্যধৰণে বিবেচনা কৰা হ’ব৷ অৱশ্যে, ফটোবোৰত স্থান, কাল আদি যুক্ত ‘জিঅ’-টেগ’ থাকিব লাগিবনে নাই, সেই বিষয়ে একো খবৰ প্ৰকাশ হোৱা নাই৷ এই ফটোবোৰ কোনেনো পাছত পৰীক্ষা কৰিব, পিতৃ-মাতৃক কি ব্যৱস্থাৰে চিনাক্ত কৰিব, সেইবোৰৰ বিষয়েও বিতং তথ্য প্ৰকাশ কৰা হোৱা নাই৷ আধুনিক প্ৰযুক্তিৰ সহযোগত পিতৃ-মাতৃৰ কাষত থিয় হোৱা ফটো উলিওৱানো কি টান কথা বুলিও কোনো কোনোৱে ৰগৰ কৰিছে৷ কথাবোৰ ৰগৰ কৰি ক’লেও তৰল নহয়৷ এনেধৰণৰ ঠগ-বাজি চলাটোও অসত্য নহয়৷ চৰকাৰে হয়তো ধনাত্মক দৃষ্টিভংগীৰেই একো একোটা নিৰ্দেশনা জাৰি কৰে, কিন্তু বাস্তৱত সি ফলৱতী নহয়৷ বিগত সময়ত চৰকাৰে কেইবাবাৰো কলেজসমূহত এক নিৰ্দিষ্ট আয়তকৈ কম আয়ৰ পিতৃ-মাতৃৰ ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা দিছিল৷ চৰ্ত আছিল যে আয়ৰ প্ৰমাণপত্ৰৰ লগতে গছপুলি ৰোপণ কৰি থকাৰ [ঘৰত বা ৰাজহুৱা স্থানত] ফটো দেখুৱাব লাগিব৷ গছপুলি ৰোপণ কৰাটো যে অতি প্ৰয়োজনীয়, তাক প্ৰমাণ কৰাৰ প্ৰয়োজন নাই; কিন্তু, এই প্ৰেক্ষাপটত কেৱল ফটো দেখুৱাবলৈহে যে গছপুলি ৰোপণ কৰিলে, তাক বুজাই কোৱাৰো প্ৰয়োজন নাই৷ হাস্যস্পদ কথাটো হৈছে, এয়ে যে দ্বিতীয়বৰ্ষত নামভৰ্তি বিনামূলীয়া হ’বলৈ হ’লে এবছৰ পূৰ্বে ৰোপণ কৰা পুলিবোৰ কিমান ডাঙৰ হ’ল, তাৰ সৈতে ফটো দিব লাগিব৷ এতিয়া এই ফটোবোৰ মিলাই চাবলৈ সদাব্যস্ত কলেজবোৰত কাৰ কিমান সময় আছেক্ক এনেবোৰ নিৰ্দেশনা যিমানেই সাধুবাদ লৈ কৰা নহওক কিয়, বাস্তৱসন্মত তথা ফলপ্ৰসূ নহয়৷ সদ্যঘোষিত বন্ধৰ সৈতে সংযোজিত ফটো আপলোডৰ কাহিনীবোৰো একেই নহ’বনে? চৰকাৰী কাৰ্যালয়বোৰত বিভাগে বিভাগে অতি প্ৰয়োজনীয় ‘ফাইল’বোৰো দ’ম কৰি থোৱাৰ অভিযোগবোৰ যদি মিছা নহয়, তেন্তে এই ফটো মিলাই চোৱাৰ কামবোৰ কৰিবলৈ কাৰোবাৰ গৰজ পৰিবনে, যদিহে কোনোবাই কাৰোবাক ‘ফচাও’ বুলি নাভাবে? প্ৰকৃততে চাবলৈ গ’লে চৰকাৰী খণ্ডত বন্ধৰ সংখ্যা এনেয়েও বেছি, এই বন্ধবোৰতেই পিতৃ-মাতৃক ‘বন্দনা’ কৰাৰ সুবিধা উলিয়াই ল’ব পাৰি৷ আকৌ, বন্ধবোৰ যিটো উপলক্ষত দিয়া হয়, তাৰ প্ৰয়োগ কাচিৎহে উপযুক্তভাৱে কৰা হয়৷ উদাহৰণস্বৰূপে, বিগত কেইবছৰমানত স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত সকলো কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত থাকিবলৈ আৰু উপস্থিতিৰ স্বাক্ষৰ তথা ফটো চৰকাৰৰ ঘৰলৈ প্ৰেৰণ কৰাৰ বাবে নিৰ্দেশনা দি থকা হৈছে৷ তৎসত্ত্বেও উক্ত দিনবোৰত পঞ্চাছ শতাংশও উপস্থিত নাথাকে, আৰু সেইসকলৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা লোৱাৰ প্ৰমাণো দেখা নাযায়৷ তেন্তে, এই সকলোবোৰক ভেঁকো-ভাওনা বোলাটোৱেই উচিত নহ’বনে? চৰকাৰ, কৰ্মচাৰী– সকলোৱে কথাবোৰ উপলব্ধি কৰক আৰু ইতিবাচক সিদ্ধান্তহে গ্ৰহণ কৰক৷






