Logo
image

শীতকালত ওজন কমাবলৈ এই খাদ্যাভ্যাস কৰক

গ্ৰীষ্মকালৰ তুলনাত শীতকালত খোৱাৰ পৰিমাণ সাধাৰণতে বৃদ্ধি পায়৷ যিহেতু শীতকালৰ সময়ছোৱাত বজাৰত বিভিন্ন ধৰণৰ শাক-পাচলি, ফলমূল উভৈনদী হৈ পৰে৷ যাৰ বাবে খোৱাৰ পৰিমাণো বৃদ্ধি পায়৷ ঠাণ্ডাৰ পৰা উপশম পোৱাৰ বাবে ভজা-পোৰা খাদ্যৰ প্ৰতি মানুহ আকৰ্ষিত হৈ পৰে৷ এইদৰে ক’ব নোৱাৰাকৈয়ে খোৱাৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত শৰীৰৰ ওজনো বৃদ্ধি পায়৷ এই সময়ছোৱাত শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাৰ বাবে সজাগ হোৱাৰ প্ৰয়োজন৷

◾শৰীৰৰ ওজন নিয়ন্ত্ৰণৰ বাবে চৰ্বিহীন বা কম চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে৷ এই ক্ষেত্ৰত দৈ, বাদাম, কণী, মটৰ বা কম পৰিমাণৰ চৰ্বিযুক্ত মাংস খালে শৰীৰে শক্তি পোৱাৰ উপৰি শীতকালত ওজন বঢ়াৰ সম্ভাৱনা হ্ৰাস পায়৷ আনহাতে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাৰ বাবে একেবাৰতে বেছি খাদ্য গ্ৰহণ কৰাতকৈ তিনি-চাৰি ঘণ্টাৰ মূৰে মূৰে কম পৰিমাণৰ খাদ্য খোৱাৰ অভ্যাস কৰিব লাগে৷

◾শীতকালত সাধাৰণতে পানী খোৱাৰ পৰিমাণ কমি যায়৷ যাৰ ফলত পানীৰ পৰিমাণতকৈ অন্য খাদ্য গ্ৰহণৰ পৰিমাণ বাঢ়ি যায়৷ সেইবাবে পুৱাতেই পানী খোৱাৰ অভ্যাস বাদ দিব নালাগে৷ আনহাতে কম ফেটযুক্ত দুগ্ধজাত খাদ্য আৰু ফল খালে বেছি উপকাৰ পোৱা যায়৷ ইয়াৰ ফলত শৰীৰৰ ওজনো নিয়ন্ত্ৰণত থাকে৷ 

◾শীতকালৰ সময়ছোৱাত বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰোতে বেছি সময় ব্যয় কৰা হয়৷ এইদৰে ৰন্ধনত বেছি সময় লোৱাৰ ফলত খোৱাৰ পৰিমাণো বৃদ্ধি পায়৷ বহুতৰ এটা অভ্যাস আছে যে যিকোনো খাদ্য ৰান্ধি থাকোতেই তাৰ স্বাদ লৈ থাকে৷ এইদৰে খোৱাৰ ফলতো শীতকালত শৰীৰৰ ওজন বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে৷ সেয়েহে শীতকালৰ সময়ছোৱাত খাদ্য গ্ৰহণ কৰোতে সততে সাৱধান হোৱা উচিত৷ নহ’লে ই আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে৷

◾খাদ্য গ্ৰহণৰ সময়ত পৰাপক্ষত সৰু বাচন ব্যৱহাৰ কৰিব লাগে৷ ডাঙৰ বাছনত খাদ্য গ্ৰহণ কৰিলে অতিৰিক্ত খাদ্য গ্ৰহণৰ সম্ভাৱনা থাকে৷

◾মাখন, চেনিৰ পৰিৱৰ্তে বাদাম, সতেজ নেমু, মৌচুমী ফলৰ ৰস খালে শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে৷ 

◾গাখীৰ, ক্ৰীম আদিৰ পৰিৱৰ্তে কম ফেটযুক্ত গাখীৰৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰিলে ওজন নিয়ন্ত্ৰণত থাকিব৷