Logo
image

বিশ্বগুৰু হোৱাৰ সম্ভাৱনা আৰু দুৰ্ভাৱনা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হোৱাৰে পৰা ভাৰতবৰ্ষক বিশ্বগুৰু ৰূপে প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে৷ ভাৰতবৰ্ষৰ পূৰ্বৰ ঐতিহ্যময় জ্ঞান-পৰম্পৰাৰ ধাৰা, জ্ঞান-বিজ্ঞান, সাহিত্য, কলা আদিত বহু মণিষী, পণ্ডিত, বিজ্ঞানী, সাহিত্যিকৰ অৱদান আদিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেনে এক বৰ্ণময় সময় পুনৰ সৃষ্টি কৰি দেশক পুনৰবাৰ আৰ্থ-সামাজিক, সামৰিক, বিজ্ঞান-প্ৰযুক্তি আদি সকলো দিশত বিশ্বক নেতৃত্ব দিয়াৰ বিষয়ে দেশবাসীক আহ্বান জনোৱাটো বহুবাৰ পৰিলক্ষিত হৈছে৷ বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৮ শতাংশ লোকে বসবাস কৰা ভাৰতবৰ্ষ বৰ্তমান যুৱশক্তিৰে পৰিপূৰ্ণ এক বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ৷ ইয়াৰ বিপৰীতে ইউৰোপ, আমেৰিকাৰ লগতে জাপানৰ দৰে ৰাষ্ট্ৰসমূহ হৈ পৰিছে বয়স্ক মানুহৰ দেশ৷ নতুন প্ৰজন্মৰ অৰ্থাৎ প্ৰায় ৩৫ বছৰীয়া পৰ্যন্ত দেশৰ অগণন লোকৰ উদ্ভাৱনী, সৃষ্টিশীলতাৰ চিন্তাৰে সমৃদ্ধ কৰি যদি বিভিন্ন কৰ্মত নিয়োজিত কৰা যায় তেন্তে ভাৰতবৰ্ষই বিশ্বগুৰুৰ মৰ্যাদা পাওক নাপাওক সেয়া পিছৰ কথা কিন্তু দেশখনে সকলো দিশৰে পৰা নিজকে শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰাৰ পথ সুগম হ’ব৷ কোৱা বাহুল্য, ভাৰতবৰ্ষই সৃষ্টি কৰা মানৱ সম্পদৰে সাম্প্ৰতিক সময়ত আমেৰিকা, ইংলণ্ড, জাৰ্মানী, ফ্ৰান্স আদি বহুকেইখন ইউৰোপীয় ৰাষ্ট্ৰৰ লগতে আৰৱীয় ৰাষ্ট্ৰই বিভিন্ন ক্ষেত্ৰত নিজৰ স্থিতি সৱল কৰিবলৈ সক্ষম হৈছে৷ এনে বহু লোকে বিজ্ঞান-প্ৰযুক্তি, অৰ্থনীতি, মেনেজমেণ্ট, উদ্যোগীকৰণ আদিৰ ক্ষেত্ৰত সংশ্লিষ্ট লোকসকলে অৰিহণা যোগোৱাৰ লগতে সেই দেশসমূহৰ নাগৰিকত্ব লাভ কৰি তাৰ ৰাজনীতিত অংশ গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ পদবী লাভ কৰিছে৷ ভাৰতীয় লোক বা ভাৰতীয় মূলৰ লোকে বিশ্বৰ প্ৰান্তে প্ৰান্তে গৈ নিজৰ স্থিতি সৱল কৰি ৰখাটো ভাৰতৰ বাবে এক গৌৰৱৰ বিষয়৷ কিন্তু বৰ্তমান সময়ৰ দেশৰ আৰ্থ-সামাজিক দৃশ্যপটৰ যদি এক বিশ্লেষণ কৰা যায় যে তেন্তে দেখা যায় যে বিশ্বগুৰু হোৱাটো বাদেই অবিশ্বাস্য হাৰত নিবনুৱাৰ বৃদ্ধি, ক্ষুধাতুৰ লোকৰ সংখ্যা বৃদ্ধিকে ধৰি বহু সমস্যাই জৰ্জৰিত কৰা দেশখনৰ এক শোচনীয় ছবিহে প্ৰতিফলিত হৈছে৷ কৰ’নাৰ দ্বিতীয় ঢৌৰ পাছত দেশৰ অৰ্থনীতিৰ পুনৰ উদ্ধাৰ আৰম্ভ হৈছে যদিও নিয়োগহীনতাই এক জটিল ৰূপ ধাৰণ কৰিছে৷ অৰ্থনৈতিক সমীক্ষাকাৰী সংস্থা চি এম আই ই-য়ে অলপতে প্ৰকাশ কৰা তথ্যমতে শেহতীয়া চাৰি মাহত দেশৰ নিবনুৱাৰ হাৰ সৰ্বাধিক হৈছে৷ অক্টোবৰত এই হাৰ ৭.৭৫ শতাংশ, নৱেম্বৰত ৭ শতাংশৰ বিপৰীতে বিগত ডিচেম্বৰ মাহত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে ৭.৯১ শতাংশলৈ৷ ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়তে মোদী চৰকাৰে ‘আত্মনিৰ্ভৰ ভাৰত’ যোজনাৰ দৰে অভিলাসী আঁচনি গ্ৰহণ কৰি ২০২০-২৩ বৰ্ষৰ সময়ছোৱাত ২২,৮১০ কোটি টকা ব্যয়ৰ লক্ষ্য স্থিৰ কৰিছিল৷ কিন্তু দেশত বিভিন্ন ৰাজ্যই ইয়াক সময়মতে কাৰ্যকৰীকৰণত ব্যৰ্থতা প্ৰদৰ্শন কৰাৰ লগতে কেন্দ্ৰ চৰকাৰৰ বহু ভুলৰ বাবে এই অভিলাসী আঁচনিখনে আশাপ্ৰদভাৱে অগ্ৰসৰ হোৱা নাই৷ ইফালে অৰ্থনৈতিক স্থবিৰতা, মুদ্ৰাস্ফীতি বৃদ্ধিৰ বাবেও নিবনুৱাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ চৰকাৰ নিয়ন্ত্ৰিত ৰাজহুৱা খণ্ডৰ বহুকেইটা লাভজনক প্ৰতিষ্ঠানক কৰ্মদক্ষ, গতিশীল কৰি তোলাৰ বিপৰীতে এটাৰ পাছত এটাকৈ তুলি দিয়া হৈছে পুঁজিপতি গোষ্ঠী বা ব্যক্তিগত খণ্ডক৷ ক্ৰণী কেপিটেলিজিমে গ্ৰাস কৰাৰ বাবে মুষ্টিমেয় কেইজনমান ব্যক্তি ধনী হৈছে কিন্তু দুখীয়াবোৰ অধিক দুখীয়া হৈছে৷ বয়-বস্তু, সা-সামগ্ৰীৰ অত্যধিক কৰ-কাটলৰ বাবে সকলোবোৰ বস্তুৰে মূল্যবৃদ্ধি পোৱাৰ বাবে মধ্যবিত্তৰো অৱস্থা এতিয়া দেশত থৰক-বৰকক্ক দেশত দীৰ্ঘদিন ধৰি চলা কৃষক আন্দোলনক প্ৰথমে কেন্দ্ৰ চৰকাৰে কেৰেপ কৰা নাছিল যদিও শেষত উপায়হীন হৈ প্ৰধানমন্ত্ৰী মোদীয়ে আন্দোলনকাৰীৰ সকলোবোৰ দাবীকে মানি ল’বলৈ বাধ্য হ’ল৷ এনে এক জটিল সময়তে দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন৷ বিশেষকৈ দেশৰ সৰ্ববৃহৎ জনসংখ্যাৰ ৰাজ্য উত্তৰ প্ৰদেশৰ নিৰ্বাচন কেন্দ্ৰ চৰকাৰৰ বাবে হ’ব এক অগ্নিপৰীক্ষা৷ ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়তো কেইবাখনো ৰাজ্যত অনুষ্ঠিত হৈছিল নিৰ্বাচন৷ কুম্ভমেলাৰো বিশাল আয়োজন কৰা হৈছিল৷ নিৰ্বাচন, কুম্ভমেলাত সমবেত হোৱা লক্ষ লক্ষ লোকে ক’ভিডৰ দ্বিতীয় ঢৌক অধিক মাৰাত্মক কৰি তুলিলে৷ দেশৰ প্ৰায়বোৰ ৰাজ্যতে অক্সিজেনৰ অভাৱত, উপযুক্ত চিকিৎসাৰ অভাৱত তিলতিলকৈ মৃত্যুৰ মুখত পৰিল সহস্ৰজনে৷ দ্বিতীয় ঢৌ প্ৰশমিত হোৱাৰ পাছত ৰাইজ কিছু আশ্বস্ত হৈছিল যদিও পুনৰ ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে৷ এফালে অৰ্থনীতিৰ দুৰাৱস্থা আনহাতে ক’ভিডৰ পুনৰ আগ্ৰাসন– এনে এক সময়ত যদি কেন্দ্ৰ চৰকাৰকে মুখ্য কৰি ৰাজ্য চৰকাৰসমূহে সঠিক পদক্ষেপ গ্ৰহণ নকৰে তেন্তে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ সম্ভাৱনা আছে৷ কৰ’না প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ ভিতৰতে এক উল্লেখনীয় সফলতা অৰ্জন কৰাটো আশাৰ বতৰা৷ কিন্তু ইয়াক লৈ আত্মতুষ্টিত ভোগাটোও শুভলক্ষণ নহ’ব৷ কিয়নো আমেৰিকা, ফ্ৰান্স, ইংলেণ্ড আদি দেশত প্ৰয়োজনীয় ভেকচিন লোৱাৰ পাছতো লক্ষ লক্ষ লোক আক্ৰান্ত হৈছে৷ নতুন নতুন ক’ভিডৰ উৎপৰিৱৰ্তিত ৰূপে বিশ্বৰ প্ৰায় সকলো স্থানতে আতংকৰ সৃষ্টি কৰিছে৷ ভাৰতৰ দৰে এখন বৃহৎ জনসংখ্যাৰ ৰাষ্ট্ৰত এফালে বহু সম্ভাৱনাও থাকে বহু দুৰ্ভাৱনাও থাকে৷ বিশ্বগুৰু হ’বলৈ হ’লে সম্ভাৱনা, দুৰ্ভাৱনাবোৰ শাসকগোষ্ঠীয়ে ভালদৰে উপলব্ধি কৰা উচিত৷