Logo
image

শংকাৰ ভোগালী

কৰ’না অতিমাৰীয়ে বিগত প্ৰায় দুটা বছৰ ৰাজ্যবাসীক বৰকৈ দুৰ্ভোগ ভোগালে৷ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ  চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে সেই সময়ছোৱাত উৎসৱ-পাৰ্বণ আদিও মনে বিচৰা ধৰণে উদ্‌যাপন কৰিব পৰা নাছিল অসমবাসীয়ে৷ দেশৰ ক’ভিড পৰিস্থিতি কিছু উন্নত হ’বলৈ ধৰাত  অসমবাসী ব্যস্ত হৈ পৰিছিল হেঁপাহৰ ভোগালী বিহু উদ্‌যাপনৰ প্ৰস্তুতিত৷ বিভিন্ন স্থানত আটকধুনীয়াকৈ ভেলাঘৰ, মেজি নিৰ্মাণৰ প্ৰস্তুতি চলি থকাৰ সময়তে  আহিল চৰকাৰৰ নতুন এছ অ’ পি৷ নিশা দহ বজাৰ পূৰ্বেই সামৰিব লাগিব উৰুকাৰ সকলো আনন্দ-ধেমালি৷ নিশা দহ বজাৰ পৰা পুৱা ছয় বজালৈ থাকিব নৈশ সান্ধ্য আইন৷ তাৰ অৰ্থ হৈছে মেজি জ্বলাবলৈও অপেক্ষা কৰিব লাগিব ছয় বজালৈ৷ হেঁপাহৰ ভোগালী বিহু উদ্‌যাপনৰ ক্ষেত্ৰতো ইমান বাধ্যবাধকতাক লৈ ৰাজ্যবাসীৰ মাজত অসন্তুষ্টি সৃষ্টি হোৱাটো তেনেই স্বাভাৱিক৷ কৰ’নাৰ নতুন প্ৰজাতি অমিক্ৰন দেশৰ আন বহু ঠাইৰ লগতে অসমতো সংক্ৰমিত হোৱা দেখা গৈছে৷ অসমত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণৰ হাৰ৷ বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে, কৰ’নাৰ নতুন প্ৰজাতিটো পূৰ্বতকৈ কিছু দুৰ্বল যদিও পূৰ্বতকৈ দ্ৰুতগতিত ই সংক্ৰমিত হ’ব পাৰে৷ সেয়েহে ইয়াক সহজভাৱে লোৱাটো ভুল হ’ব৷ কৰ’নাৰ তৃতীয়টো ঢৌৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই শেহতীয়াকৈ চৰকাৰে ঘোষণা কৰিছে নতুন এছ অ’ পি৷ কিন্তু তাৰ মাজতো সৰ্বসাধাৰণৰ মনত ক্ৰিয়া কৰা প্ৰশ্নটো হৈছে যে নিষেধাজ্ঞা কেৱল ভোগালী বিহুৰ উৰুকাৰ নিশা ভোজ-ভাত খোৱাৰ ক্ষেত্ৰতহে কিয়? উৰুকাৰ নিশা ভোজ-ভাত খালেহে ক’ভিডৰ সংক্ৰমণৰ ভয় থাকে নেকি? দিনত যে বিভিন্ন বনভোজস্থলীবোৰত বনভোজৰ দলবোৰে ভিৰ কৰে, তাৰ পৰা ক’ভিড সংক্ৰমিত হোৱাৰ আশংকা নাথাকে নেকি? আনহাতে, কেইদিনমান পূৰ্বে নৱবৰ্ষক আদৰাৰ নামত ৩১ ডিচেম্বৰৰ নিশা আনন্দ উল্লাসৰ সময়ত নাছিল চৰকাৰৰ কোনো নিষেধাজ্ঞা৷ আনকি, বিগত কেইটামান দিনতো নতুন বৰ্ষক আদৰাৰ নামত ৰাজ্যৰ বিভিন্ন স্থানত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হৈছিল ভোজ-ভাতৰ, য’ত জনপ্ৰতিনিধিসকলকো ভাগ লোৱা দেখা গৈছিল৷ সেই অনুষ্ঠানবোৰ আয়োজনৰ ক্ষেত্ৰতো নাছিল কোনো নিষেধাজ্ঞা৷ আইন-নিষেধাজ্ঞাবোৰ কেৱল সাধাৰণ মানুহৰ বাবেহে নেকি?

সৰ্বসাধাৰণৰ মনত উদয় হোৱা এনেবোৰ প্ৰশ্নৰ বাবেই  ৰাজ্য চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা নতুন এছ অ’ পিক লৈ যথেষ্ট সমালোচনাৰ সৃষ্টি হৈছে৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে৷ মাস্ক পৰিধান নকৰিলে এহাজাৰ টকাপৰ্যন্ত জৰিমনা বিহা হ’ব বুলিও ঘোষণা কৰা হৈছিল৷ কিন্তু এইবোৰ কেৱল ঘোষণাতে সীমাবদ্ধ থাকে৷ অসমৰ শেহতীয়া সংক্ৰমণৰ হাৰলৈ মন কৰিলে দেখা যায় যে সৰ্বাধিক সংক্ৰমণ হৈছে কামৰূপ মহানগৰ জিলাত৷ তথাপি তালৈ ভ্ৰূক্ষেপ নাই কাৰো৷ অধিকাংশ লোকৰ মুখতে দেখা নাযায় মাস্ক, সামাজিক দূৰত্বও কোনেও মানি নচলে৷ ভোগালী বিহুৰ নামত দোকান-বজাৰত উদ্বেগজনক ভিৰ৷ এইবোৰৰ প্ৰতিও নজৰ ৰখাটো চৰকাৰৰ দায়িত্ব নহয়নে? চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত সদ্যসমাপ্ত অসম গ্ৰন্থ উৎসৱতো দেখা গৈছিল এক চিন্তা উদ্ৰেককাৰী দৃশ্য৷ এইবাৰ গ্ৰন্থ উৎসৱত গ্ৰন্থপ্ৰেমীৰ উৎসাহজনক উপস্থিতি দেখা গৈছিল৷ চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যে গ্ৰন্থ উৎসৱত প্ৰৱেশ কৰিবলৈ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ কিন্তু প্ৰায় আশী শতাংশ লোকৰে মুখত নাছিল মাস্ক৷ ক’ভিডৰ তৃতীয়টো ঢৌ আৰম্ভ হোৱাৰ সময়ত গ্ৰন্থ উৎসৱৰ নামত ক’ভিড বিধি উলংঘা কৰি ইমানসংখ্যক লোক গোট খোৱাটো নি(য় সহজভাৱে লোৱা বিষয় নহয়৷ ক’ভিডৰ প্ৰথম আৰু দ্বিতীয়টো ঢৌৱে সকলো স্তৰৰ লোকক কেনেদৰে ক্ষতিগ্ৰস্ত কৰিলে, তাক আকৌ এবাৰ দোহৰাৰ প্ৰয়োজন নাই৷ এতিয়া আহিছে তৃতীয়টো ঢৌ৷ দুটাকৈ ভেকচিন লৈ অতিমাৰীৰ পৰা নিস্তাৰ পোৱা বুলি ভবাটো নি(য় মূৰ্খামি হ’ব৷ ভেকচিন লোৱাৰ পাছতো পুনৰ ক’ভিডত আক্ৰান্ত হোৱাৰ অলেখ উদাহৰণ আছে৷ সেয়েহে ক’ভিড স্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ নহাপৰ্যন্ত সতৰ্ক হৈ থকাটোহে হ’ব ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰি থকাৰ একমাত্ৰ উপায়৷ সংক্ৰমণ ৰোধ কৰাৰ বাবে পুনৰ যাতে লকডাউনৰ দৰে কঠোৰ ব্যৱস্থা ল’বলগীয়া নহয়, তাক নিশ্চিত কৰাৰ দায়িত্ব সকলোৰে৷ আনহাতে, চৰকাৰেও চাব লাগিব ক’ভিড বিধি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সকলোচামৰ প্ৰতি যেন সমদৃষ্টি দিয়া হয়৷ বছৰটো অপেক্ষা কৰি থকা ভোগালী বিহু উদ্‌যাপনৰ ক্ষেত্ৰত চৰকাৰৰ বাধা-নিষেধে যাতে উৎসৱৰ আনন্দ ম্লান নকৰে, তাৰ প্ৰতিও সুদৃষ্টি ৰাখিব লাগিব চৰকাৰে৷