Logo
image

পুৱাই উঠি শুদা ভৰিৰে খোজ কাঢ়ক

আমাৰ অসম, ১০ অক্টোবৰঃ খোজ কঢ়াটো স্বাস্থ্যৰ বাবে যে খুবেই উপকাৰী সেয়া সকলোৱে জানে৷ পিছে শুদা ভৰিৰে খোজ কাঢ়িলে পোৱা যায় স্বাস্থ্যৰ বহু উপকাৰ৷ পুৱাই উঠি শুদা ভৰিৰে খোজ কাঢ়িলে ৰক্তচাপৰ সমস্যা হ্ৰাস পায়৷ প্ৰতিদিনে পুৱাই ঘাঁহনিত শুদা ভৰিৰে খোজ কাঢ়িলে ভৰিৰ তলুৱাৰ স্নায়ু অধিক শক্তিক্ষম হয়৷ ফলত ৰক্তচাপৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ তদুপৰি তেজৰ কোষসমূহ সক্ৰিয় হয়৷ এনে অৱস্থাত হূদৰোগৰ আশংকা হ্ৰাস পায়৷ শুদা ভৰিৰে নিয়মীয়াকৈ খোজ কাঢ়িলে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়৷ উল্লেখ্য যে ভৰিৰ তলুৱাত একাধিক স্নায়ু থাকে৷ ঘাঁহনিত খোজ কঢ়াৰ ফলত এই স্নায়ুসমূহ অধিক সক্ৰিয় হৈ দেহৰ বাবে ইতিবাচক শক্তি আহৰণ কৰে৷ তদুপৰি এনে অভ্যাসে মানসিক প্ৰশান্তি যোগায়৷ যাৰ ফলত টোপনি ভাল হয়৷ মস্তিষ্কৰ ভিতৰত থকা নিউৰণসমূহ অধিক সক্ৰিয় কৰে পুৱাই শুদা ভৰিৰে খোজ কঢ়াৰ অভ্যাসে৷ মস্তিষ্কৰ নিউৰণ অধিক সক্ৰিয় হোৱাৰ লগে লগে স্মৃতি শক্তি বৃদ্ধি পায়৷