দুৰ্ভোগৰ মাজতে ভোগালী
আমাৰ অসম, ১৩ জানুৱাৰীঃ এফালে সীমাহীন আপদ, আনফালে ভোগালীৰ আগমন৷ এনে এক সন্ধিক্ষণতে হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে সমস্যাৰ মেটমৰা বোজাৰে ভাৰাক্ৰান্ত অসমীয়াই৷ ক’ভিডকালীন জটিল পৰিস্থিতিয়ে সমগ্ৰ পৃথিৱীকে জোকাৰি গৈছে৷ বিধবস্তপ্ৰায় কৰিছে মানৱ জাতিক৷ সেইসূত্ৰে ক’ভিডৰ জটিলতা অসমতো আছে৷ কিন্তু প্ৰায় শেষ পৰ্যায়লৈ গতি কৰা ক’ভিড জটিলতাই পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিনিয়ত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷ কৰ’নাৰ সমান্তৰালভাৱে অমিক্ৰনৰ আশংকায়ো মানুহক শংকিত কৰিছে৷ ইফালে, গুৱাহাটীকে ধৰি ৰাজ্যৰ সৰ্বত্ৰ বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা৷ ড্ৰাগ্, তীৰ-জুৱাৰ দৰে কাৰ্যত জড়িত শক্তিশালী অসামাজিক চক্ৰৰ তৎপৰতাও অব্যাহত আছে৷ আৰক্ষীয়ে অভিযান চলাইছে যদিও এতিয়ালৈকে সমূলঞ্চে নিপাত কৰিব পৰা নাই অপৰাধী চক্ৰক৷ কয়লা-শিলকে ধৰি বিভিন্ন সা-সামগ্ৰীৰ ছিণ্ডিকেট অব্যাহত আছে৷ ৰাইজৰ নিৰ্লিপ্তিৰ সুযোগ লৈ চৰকাৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ বয়-বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে ৯০০গুণপৰ্যন্ত বৃদ্ধি কৰিছে চৰকাৰী মাটিৰ মূল্য৷ লগে লগে বৃদ্ধি হৈছে ফ্লেটৰ পঞ্জীয়ন মাচুল আৰু গৃহ নিৰ্মাণ সামগ্ৰীৰ দাম৷ কয়লা-চক্ৰৰ দৰেই চৰকাৰক জোলোকা জোলোকে পানী খুৱাইছে চিমেণ্ট ছিণ্ডিকেট-চক্ৰয়ো৷ কাপোৰৰ দামো বৃদ্ধি হৈছে৷ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত থকাৰ মাজতে আচম্বিতে গ্ৰহণ কৰা হৈছে ইথানল মিশ্ৰিত পেট্ৰ’ল বিক্ৰীৰ সিদ্ধান্ত৷ ৰাজ্যজুৰি অব্যাহত আছে পথ দুৰ্ঘটনা৷ ৩১ ডিচেম্বৰৰ নিশা মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ তৎপৰতাত পথ দুৰ্ঘটনা শূন্যপ্ৰায় হয় যদিও ৩১ ডিচেম্বৰৰ আগৰ আৰু পাছৰ সময়ছোৱাত দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হৈছে, আহত হৈছে বহুজন৷ ইফালে, নিবনুৱা সমস্যাই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ বিভিন্ন চৰকাৰী-অৰ্ধচৰকাৰী প্ৰতিষ্ঠানৰ বহু কৰ্মচাৰীয়ে মাহৰ পাছত মাহ ধৰি পোৱা নাই দৰমহা৷ কাগজ কলৰ কৰ্মচাৰীয়ে প্ৰায় পাঁচ বছৰ দৰমহা পোৱা নাই৷ আৱেদন কৰি কৰি তেওঁলোক ইমানেই ভাগৰি পৰিছে যে দৰমহা নিদিয়াৰ বাবে স্বয়ং প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰিছে৷ এইদৰেই অজস্ৰজনৰ নিঃশব্দ উচুপনিৰ মাজত সন্তৰ্পণে আহিল ভোগালী বিহু৷ ভোগালী বিহু উপলক্ষে মঙলবাৰৰ পৰাই ৰাজ্যজুৰি বৃদ্ধি পাইছে শাক-পাচলি, মাছ-মাংস আৰু পিঠা-পনাত ব্যৱহূত সামগ্ৰীৰ দাম৷ ক’ভিডভীতিক কিছু সময়ৰ কাৰণে হ’লেও আওকাণ কৰি বজাৰত সমৱেত হৈছে বহু লোক৷ চৰকাৰে মাঘৰ উৰুকাত নিশা ১১ বজাৰ পাছত ভোজভাত খোৱা নিষিদ্ধ কৰাৰ সূত্ৰে বহুতে দিনৰ ভাগতে ৰাজহুৱা ভোজৰ আয়োজন কৰিছে৷ প্ৰথমে উৰুকাত নিশা দহ বজাৰ পৰা চৰকাৰে কাৰ্ফিউ ঘোষণা কৰিছিল যদিও তীব্ৰ ৰাজহুৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত সেই সময় নিশা এঘাৰ বজাৰ পৰা পুৱা চাৰি বজালৈ বুলি নতুনকৈ ঘোষণা কৰে৷ ক’ভিডৰ ত্ৰাসৰ বাবে ৰাজ্যৰ সকলো ঠাইত পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ আছে৷ বহু ঠাইত অষ্টম শ্ৰেণীপৰ্যন্ত পাঠদান বন্ধ কৰি দিয়া হৈছে৷ গুৱাহাটী, নলবাৰীকে ধৰি বিভিন্ন জিলাত সভা-সমিতি, সমাৱেশ নিষিদ্ধ কৰি দিয়া হৈছে৷ এনে পৰিস্থিতিৰ মাজতে আহিছে অসমীয়াৰ মৰমৰ মাঘৰ বিহু, ভোগালী বিহু৷ বৃহস্পতিবাৰে উৰুকা৷ শুকুৰবাৰে দোমাহী৷ নিয়ম অনুসৰি মাঘ বিহু পালন কৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া, প্ৰতিঘৰ অসমীয়া৷ ঠিক যেন ভূপেন হাজৰিকাই ক’বৰ দৰে– বিহুটি বছৰি আহিবা, অসমী আইকে...৷
২৪ বছৰে ভোগালী বিহুৱে স্পৰ্শ নকৰা গাঁওখনত এতিয়াও নিঃশব্দ উচুপনি
আমাৰ অসমঃ যেতিয়া ৰাজ্যবাসী ভোগালীৰ ভোগ আৰু আনন্দ-উলাহত ব্যস্ত থাকে, তেতিয়া তামুলপুৰৰ এখন গাঁৱৰ ৰাইজে হিয়াঢাকুৰি কান্দে৷ চকুপানীৰে বাট নেদেখা লোকসকলে আয়োজন নকৰে ভোগালী বিহু৷ গাঁওখনত জ্বলা নাছিল ভোগালীৰ মেজি, জ্বলিছিল ১৭খনকৈ চিতা৷ ভোগালীত ভোগ নাছিল, আছিল সীমাহীন দুখ৷ আৰু তেতিয়াৰ পৰাই তামুলপুৰৰ কেকুৰিকুছি গাঁৱত পতা নাই ভোগালী বিহু৷ ২৪ বছৰে ভোগালী বিহু নপতা তামুলপুৰৰ কেকেৰিকুছি গাঁও৷ যোৱা দুই দশক ধৰি ভোগালীৰ উৎসাহ, আনন্দ আৰু মেজীৰ জুইৰ উত্তাপক বিসৰ্জন দি আহিছে কেকেৰিকুছি গাঁৱৰ ৰাইজে৷ ভোগৰ উৎসৱ ভোগালী বিহুত নাই কোনো আবেগ-অনুভূতি৷ এদল বন্দুকধাৰী দুবৃৰ্ত্তৰ দলৰ নিৰ্বিচাৰ গুলীচালনাত নিৰ্বাক গাঁওবাসী৷ হাঁহিবোৰ ক্ষোভ আৰু কান্দোনলৈ ৰূপান্তৰ হৈছিল৷ কেকেৰিকুছি গাঁৱৰ বাবে ভোগালী বিহু মাথো এখন ক’লা ছবিহে৷ উৰুকাৰ নিশা গাঁওবাসী উপবাসে থাকি জ্বলাই এগছিকৈ বন্তি৷ ১৯৯৮ চনৰ ১৩ জানুৱাৰী মঙলবাৰে নিশা ৮ বজাত উৰুকাৰ উলহ-মালহৰ মাজতে ১৭জন নিৰপৰাধী পুৰুষ-মহিলাক নিৰ্মমভাৱে গুলীয়াই তেজেৰে ফাকু খেলিছিল বন্দুকধাৰী এটি দুবৃৰ্ত্তৰ দলে এই কেকুৰিকুছি গাঁৱত৷ বন্দুকৰ গুলীত থকাসৰকা কৰিছিল ভোগালীত মতলীয়া হৈ থকা সহজ-সৰল ১৭ টি প্ৰাণক অতি নিৰ্মমভাৱে৷ একেটি পৰিয়ালতে মৃত্যু হৈছিল ৬ জন সদস্য৷ অতি নিৰ্মম, নিষ্ঠুৰ কাহানীও ভাবিব নোৱৰা এই ঘটনাই প্ৰতিটো উৰুকাতে বেদনাসিক্ত, আবেগিকভাৱে অন্তৰআত্মা চুই যায় কেকুৰিকুছি ৰাইজৰ৷ ২৪ বছৰত ভৰি দিয়া এই হত্যাকাণ্ড এক ক’লা অধ্যায় হিচাপে চিহ্নিত হৈছে কেকেৰিকুছি গাঁৱত৷ ভৱিষ্যত প্ৰজন্মৰ বাবেও ভোগালী এক সাঁথৰ হিচাপে চিহ্নিত হ’ব কেকেৰিকুছি গাঁৱত৷ আজিও অশ্ৰুসিক্ত নয়নেৰে বন্তি জ্বলাই মৃত আত্মাৰ সদগতিৰ কামনা কৰি আহিছে কেকুৰিকুছি গাঁৱৰ ৰাইজে৷ হয়তো কাহানিও কেকুৰিকুছিত ভোগালী নাহিব৷ কেকুৰিকুছি গাঁওবাসীৰ বাবে এতিয়া ভোগালী এক অমাৱস্যাৰ এন্ধাৰ সনা এখনি ক’লা ছবি মাথো৷ সেই অভিশপ্ত নিশাটোত নিহত হৈছিল হেম চন্দ্ৰ কলিতা, জয়মতী কলিতা, দ্বীপেন কলিতা, প্ৰতিমা কলিতা, হিৰণ কলিতা, নৱজিত কলিতা, কুঞ্জপ্ৰভা কলিতা, গীতাৰাণী কলিতা, ববিতা কলিতা, প্ৰমোদ কলিতা, ফেলেনী ভূঞা, গজেন ভূঞা, বিনা ভূঞা, লিপিকা কলিতা, গীতাঞ্জলি কলিতা, ধনেশ্বৰ কলিতা আৰু মহেশ্বৰ হালৈ৷