Logo
image

ভোগালীত দুটা ভাল লগা খবৰ

আমাৰ অসম, ১৩জানুৱাৰীঃ ভোগালী বিহুৰ বতৰত অসমৰ বাবে দুটা সুখবৰ৷ দুৰ্যোগ-বিপৰ্যয়ৰ মাজতে ৰাইজে ভোগালী উদ্‌যাপন কৰিবলৈ লৈছে আৰু সেই সময়তে অহা দুটা ইতিবাচক খবৰে স্বাভাৱিকতে সকলোকে আপ্লুত কৰিছে৷ অসমৰ শিক্ষাখণ্ডত এক বিশেষ অধ্যায়ৰ সূচনা কৰা বৃহত্তৰ অসম জাতীয় বিদ্যালয় পৰিয়াললৈ আগবঢ়োৱা হৈছে ৰাজ্যপালৰ উৎকৰ্ষ বঁটা৷ ইফালে, কেতবোৰ বিস্ময়কৰ বৈজ্ঞানিক উদ্ভাৱনেৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে টাইৱান নিবাসী মাজুলীৰ যুৱবিজ্ঞানী ভাস্কৰজ্যোতি বৰাই৷ মাজুলীৰ যুৱবিজ্ঞানীজনে লাভ কৰিছে তিনিটাকৈ পেটেণ্ট৷ প্ৰায় একে সময়তে অহা এই দুয়োটা খবৰে ৰাজ্যজুৰি লেখিছে আনন্দৰ লহৰ৷ উল্লেখ্য, অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখিৰ তৰফৰ পৰা অসম জাতীয় বিদ্যালয়কে ধৰি ৰাজ্যখনৰ জাতীয় বিদ্যালয়সমূহৰ মেধাবী শিক্ষাৰ্থীসকললৈ ‘ৰাজ্যপালৰ উৎকৰ্ষ বঁটা’ [Governor’ব্দ Award for Excellence to Meritorious students] প্ৰদানৰ বিষয়ে বুধবাৰে ৰাজ্যপালৰ সচিবালয়ৰ পৰা প্ৰেৰণ কৰা এক পত্ৰযোগে জনোৱা হৈছে৷ অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষলৈ ৰাজ্যপালৰ সচিবালয়ৰ উপসচিবে ১১-০১-২০২২ তাৰিখে প্ৰেৰণ কৰা উক্ত পত্ৰত উল্লেখ কৰা হৈছে যে অসম জাতীয় বিদ্যালয়কে ধৰি ৰাজ্যখনৰ জাতীয় বিদ্যালয়সমূহৰ দশম শ্ৰেণীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শ্ৰেষ্ঠ ১০ গৰাকী শিক্ষাৰ্থীক, দ্বাদশ শ্ৰেণীৰ কলা আৰু বিজ্ঞান শাখাৰ শ্ৰেষ্ঠ তিনিগৰাকী শিক্ষাৰ্থীক প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হ’ব৷ এই বঁটাত থাকিব এখন প্ৰমাণ পত্ৰ, এটা পদক আৰু নগদ ধনযগ্ৰন্থ৷ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই জনোৱা মতে, ইতিমধ্যে এই উৎকৰ্ষ বঁটাৰ বাবে ৰাজ্যপালৰ ফালৰ পৰা গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়লৈ ১০,০০,০০০ [দহ লাখ] টকাৰ এখন চেক প্ৰদান কৰা হৈছে৷ এই ধনখিনি বেংকত ফিক্সড্‌ ডিপ’জিট হিচাপে ৰাখি তাৰ পৰা পোৱা বাৰ্ষিক সুতৰ পৰা নিয়মীয়াকৈ বঁটা প্ৰদান কৰা হ’ব৷ অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখিৰ এই মহানুভৱতাৰ বাবে বৃহত্তৰ জাতীয় বিদ্যালয় পৰিয়ালৰ হৈ ৰাজ্যপাললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ কাৰ্য্যকৰী সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী আৰু সচিব ডাঃ নাৰায়ণ শৰ্মায়ো অসমৰ ৰাজ্যপালৰ এই বঁটা প্ৰদানৰ সিদ্ধান্তৰ বাবে তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ এই বঁটাই অসমৰ জাতীয় বিদ্যালয়সমূহৰ লগত জড়িত লাখ লাখ শিক্ষাৰ্থী, শিক্ষক আৰু শিক্ষাৰ্থীৰ অভিভাৱক তথা বিদ্যালয়সমূহৰ কৰ্মকৰ্তাসকলক গভীৰভাৱে অনুপ্ৰাণিত কৰিব বুলি তেওঁলোকে মত প্ৰকাশ কৰাৰ লগতে উল্লেখ কৰিছে যে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ [এজবেক]ৰ অধীনস্থ অসমৰ সকলো জাতীয় বিদ্যালয়ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এই বঁটা প্ৰযোজ্য হ’ব৷

টাইৱানত উজলিছে মাজুলীৰ যুৱবিজ্ঞানী

আমাৰ অসমঃ টাইৱান,  চীনা মূল ভূ-খণ্ডৰ দক্ষিণ-পূব উপকূলত অৱস্থিত এছিয়াৰ এই গণতান্ত্ৰিক ৰাষ্ট্ৰখনতে বিজ্ঞানৰ বিস্ময়কৰ উদ্ভাৱনেৰে সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে মাজুলীৰ এজন যুৱ বিজ্ঞানীয়ে৷ সুন্দৰী দ্বীপ নামেৰেও পৰিচিত টাইৱান উচ্ছ প্ৰযুক্তিবিদ্যা, উষ্ণমণ্ডলীয় কৃষিজাত পণ্য,  নেন’প্ৰযুক্তি, আলোক ইলেক্টª’নিক্স, পৰ্যটন আদিৰ ক্ষেত্ৰত বিশ্বজুৰি আছে চিনাকি গৰিমা৷ এই টাইৱানৰ পৰাই সফলতা বুটলিবলৈ সক্ষম হৈছে মাজুলী নদীদ্বীপৰ যুৱ বিজ্ঞানী ভাস্কৰ জ্যোতি বৰাই৷ নেচনেল টাইৱান বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ, চি কে চানৰ তত্ত্বাৱধানত গৱেষণা কৰি থকা ভাস্কৰ জ্যোতি বৰাই ইতিমধ্যে কেইবাটাও সফল উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে লাভ কৰিছে তিনিটাকৈ অতি গুৰুত্বপূৰ্ণ পেটেণ্ট৷ ইয়াৰ ভিতৰত আছে এটা আন্তঃৰাষ্ট্ৰীয় পেটেণ্ট৷ মাখি আৰু নিগনিৰ আটাইতকৈ সূক্ষ্মতম স্কেনাৰটো আৱিষ্কাৰ কৰাৰ বিপৰীতে শেহতীয়াকৈ মগজুৰ কেন্সাৰ বিষয়ত গৱেষণা কৰি মগজু কেন্সাৰ নিৰূপণৰ গুৰুত্বপূৰ্ণ উদ্ভাৱনে সমগ্ৰ বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে৷ নতুন উদ্ভাৱনটো হৈছে, ৰেপিড ভাৰ্চুৱেল হিষ্ট পেথ’লজী৷ পূৰ্বৰ ৩০/৪০ মিনিটৰ বিপৰীতে যিটোৰ দ্বাৰা সৰ্বমুঠ ৬-৭মিনিটৰ ভিতৰত এটা এক বৰ্গ ছেণ্টিমিটাৰ টিছু্য পৰীক্ষা কৰিব পৰা যায়৷ সেয়ে এই পদ্ধতিয়ে intraoperative assessment প্ৰক্ৰিয়াক প্ৰায় ৫ গুণ ক্ষিপ্ৰতৰ কৰি তুলিব৷ এই পদ্ধতিটো নন লিনীয়েৰ অপ্টিকেল মাইক্ৰ’স্কপিৰ ওপৰত প্ৰতিস্থিত আৰু ই অপ্টিকেল চেকচোনিঙৰ জৰিয়তে ফ্ৰজেন চেকচন বায়’স্পিৰ সম-পৰ্যায়ৰ নিৰ্ণায়ক তথ্য তুলনামূলকভাৱে কম সময়তে প্ৰদান কৰে৷  এই প্ৰযুক্তিৰ জৰিয়তে এটা এক বৰ্গ ছেণ্টিমিটাৰ অংশত থকা সূক্ষ্ম স্নায়ু, ৰক্তবাহিকা, আৰু কোষসমূহ ৯০ ছেকেণ্ডৰ ভিতৰত ০.৪ micron Digital Resolution [২ Billion pixels]ৰ সৈতে চাব পাৰি৷ সহজ অৰ্থত এই ৰিজলোচন হৈছে ৰ বৰ্গ ছেণ্টিমিটাৰৰ ৬২৫,০০০,০০০ ভাগৰ ৰ অংশ৷ ইতিমধ্যে National Taiwan University Hospitalৰ একাধিক neurosurgeon তথা pathologistএ নিশ্চিত কৰিছে যে এই Rapid Virtual Histopathology ৰ জৰিয়তে সঠিকভাৱে কমসময়ৰ ভিতৰতে কেন্সাৰৰ অৱস্থিতি নিৰ্ণয় কৰিব পৰা যায়৷ ইয়াৰ জৰিয়তে ভৱিষ্যতে ব্ৰেইন টিউমাৰত আক্ৰান্ত লোকসকল বিশেষভাৱে উপকৃত হ’ব৷ এই গৱেষণাৰ বাবে ভাস্কৰে টাইৱান ৰিপাব্লিক অৱ চাইনাৰ পৰা বিভাগৰ শ্ৰেষ্ঠ গৱেষক হিচাপে এৱাৰ্ড লাভ কৰিছে৷ ডেৰ লক্ষ্য টাইৱান ডলাৰৰ লগতে বহুতো সা-সুবিধা লাভ কৰিছে৷ অসম তথা মাজুলীলৈ ভাস্কৰে গৌৰৱ কঢ়িয়াই আনিছে৷  ভাস্কৰ জ্যোতি বৰা মাজুলী কমলাবাৰী নিৱাসী সত্ৰীয়া সংস্কৃতিৰ গৱেষক আউনীআটী হেমচন্দ্ৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কৰুণা বৰা আৰু ৰূপা বৰাৰ জে্যষ্ঠ পুত্ৰ৷ অসমীয়া মাধ্যমত শিক্ষা জীৱন আৰম্ভ কৰা ভাস্কৰে তেজপুৰ বিশ্ববিদ্যালয়ত গ’ল্ড মেডেল লাভ কৰিছিল৷  ভাস্কৰৰ সফলতাত পিতৃ-মাতৃৰ লগতে গৌৰৱান্বিত সমগ্ৰ মাজুলীবাসী৷