Logo
image

শপত খালে ৰণোজ পেগুৱে! পুনৰ বৰভোজ খালে নেতা-মন্ত্ৰীয়ে

কোনে শুনে মুখ্যমন্ত্ৰীৰ কথা

আমাৰ অসম, ১৩ জানুৱাৰীঃ কেন্দ্ৰ তথা অসম চৰকাৰৰ ক’ভিড বিধি ভৰিৰে মোহাৰি শ শ লোকক লগত লৈ ভোজভাত খোৱা প্ৰসংগই স্বাভাৱিকতে অস্বস্তিত পেলাইছে শিক্ষামন্ত্ৰী ৰণোজ পেগুক৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এই ঘটনাক ৰাজহুৱাভাৱে সমালোচনা কৰাৰ লগতে শিক্ষামন্ত্ৰীক মৃদু সকীয়নি দিয়া কাৰ্যই শিক্ষামন্ত্ৰীৰ অস্বস্তি দুগুণে বৃদ্ধি কৰিছে৷ মুখ্যমন্ত্ৰীয়ে মঙলবাৰে ‘শিক্ষামন্ত্ৰীয়ে ভাল কাম কৰা নাই’ বুলি ৰাজহুৱাভাৱে মন্তব্য কৰাৰ পাছতে বুধবাৰে এই সন্দৰ্ভত সাংবাদিকৰ উপৰ্যুপৰি প্ৰশ্নৰ উত্তৰত বিব্ৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ভৱিষ্যতে তেনে কাম নকৰে বুলি একপ্ৰকাৰ শপতেই খালে৷ আত্মপক্ষ সমৰ্থন কৰি মন্ত্ৰী পেগুৱে এইদৰে কয়– চিলাপথাৰৰ সেই কাৰ্যসূচী আছিল পূৰ্বনিৰ্ধাৰিত৷ সি যি কি নহওক, মই এতিয়া প্ৰতিশ্ৰুতিবদ্ধ৷ এনেধৰণৰ অনুষ্ঠানত ভৱিষ্যতে কেতিয়াও অংশগ্ৰহণ নকৰোঁ৷ ইমান মানুহ হ’ব বুলি মই গমেই পোৱা নাছিলোঁ৷ এছঅ’পি সকলোৱে মানিব লাগিব৷ দুশতকৈ বেছি মানুহ থকা কোনো অনুষ্ঠানলৈ মই নাযাওঁ৷ ক’ৰবালৈ গ’লেও মানুহ বেছি থকা দেখিলে গেটৰ পৰাই উভতি আহিম৷ বেয়া পালে পাব৷ এইবাৰ ক’ভিডৰ ঢৌ বেছি সময়লৈ নাথাকে বুলি আশা কৰিছোঁ৷ ক’ভিডৰ মাজতেই জীৱন-জীৱিকা চলি থাকিব লাগিব৷ ইফালে, শিক্ষামন্ত্ৰী পেগুৱে বুধবাৰে ১৩০গৰাকী লোকক বিভিন্ন শিক্ষানুষ্ঠানত চতুৰ্থ শ্ৰেণীৰ পদত অনুকম্পামূলক নিযুক্তিপত্ৰ প্ৰদান কৰে৷ আনহাতে, স্বয়ং মুখ্যমন্ত্ৰীৰ ধমকনিৰ পাছতো গা লৰা নাই শাসক দলৰ একাংশ মন্ত্ৰী-বিধায়কৰ৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পাছত এইবাৰ দৃষ্টিকটু বৰভোজৰ নেতৃত্ব ল’লে মন্ত্ৰী সঞ্জয় কিষাণে৷ ৰণোজ পেগুৰ বৰভোজৰ ঠিক পাছদিনাই এছঅ’পি ভৰিৰে মোহাৰি শ শ লোকৰ লগত ভোজ খালে মন্ত্ৰী সঞ্জয় কিষাণে৷ তেওঁক সংগ দিয়ে বিধায়ক ভাস্কৰ শৰ্মা আৰু প্ৰাক্তন মন্ত্ৰী নৱ কুমাৰ দলেয়ে৷

আমাৰ অসমঃ ক’ভিডপিষ্ট  পৰিৱেশত নিত্যনতুন এছ অ’ পি জাৰি কৰি ৰাজ্যবাসীক নীতি, নিৰ্দেশনা দি থকা মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ আমোলত শাসকীয় বিজেপি দলৰ একাংশ মন্ত্ৰী, বিধায়কে লেকাম ছিগা ঘোঁৰাৰ দৰে ব্যৱহাৰ কৰিবলৈ লোৱা দৃষ্টিগোচৰ হৈছে৷ ক্ষমতাৰ ৰাগীত মত্ত এইসকল মন্ত্ৰী, বিধায়কে আনহে নেলাগে খোদ মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰা হৈছে৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৰভোজে সমগ্ৰ ৰাজ্যত বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে স্বয়ং মুখ্যমন্ত্ৰীকো ক্ষুব্ধ কৰি তোলাৰ সময়তে পোহৰলৈ আহিছে ৰাজ্যৰ আন এজন দায়িত্বশীল মন্ত্ৰীৰ অনুৰূপ দুষ্কাৰ্যৰ কথা৷ এইবাৰ এই দুষ্কাৰ্যৰ নায়ক হৈছে তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ৷ জানিব পৰা মতে, ক’ভিডবিধি সম্পূৰ্ণৰূপে উলংঘা কৰি তিনিদিন পূৰ্বে মন্ত্ৰী কিষাণে মাৰ্ঘেৰিটাৰ বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মা, ঢকুৱাখনাৰ বিধায়ক নৱ দলেক সংগী কৰি বহুসংখ্যক দলীয় নেতা, কৰ্মীৰ সৈতে তিনিচুকীয়াৰ কলীয়াপানী ঘাটত নাচি-বাগি বিবিধ ব্যঞ্জনেৰে ভোজভাত খাই সুদীৰ্ঘ সময় আনন্দোল্লাসৰ মাজত অতিবাহিত কৰে৷ এইখিনিতে উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ ভিতৰত তিনিচুকীয়া ক’ভিডৰ দ্ৰুত সংক্ৰমণ ঘটা অন্যতম জিলাত পৰিণত হৈছে৷ আকস্মিকভাৱে জিলাখনত হোৰাহোৰে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডত আক্ৰান্তৰ সংখ্যা৷ নেশ্বনেল হেল্‌থ মিছনে দৈনিক প্ৰকাশ কৰা জিলাখনৰ ক’ভিড বুলেটিন অনুসৰি, ৩১ ডিচেম্বৰত তিনিচুকীয়া জিলাত সক্ৰিয় ক’ভিড কেচ আছিল ২১ টা৷ আনহাতে, মাথোঁ দহদিনৰ পাছতে কালি অৰ্থাৎ ১১ জানুৱাৰীত ইয়াৰ সংখ্যা বৃদ্ধি পায় ৩৬৮ টালৈ৷ ৩১ ডিচেম্বৰত তিনিচুকীয়া জিলাত পজিটিভিটি ৰেট আছিল মাথোঁ ০.৯৯৷ উক্ত পজিটিভিটি ৰেট কালি আছিল ৭.২৪৷ এনে পৰিস্থিতিত ৰাজ্যৰ সাধাৰণ নাগৰিকক ক’ভিডবিধি মানি চলিবলৈ আহ্বান জনোৱা মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ এচাম মন্ত্ৰী, বিধায়ক তথা দলীয় কৰ্মকৰ্তাৰ অনুশাসনহীনতাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়েহে ক’ব৷