Logo
image

চৰকাৰে বিচৰা মতেই বাঢ়িব মাটিৰ মূল্য

আমাৰ অসম, ১৩ জানুৱাৰীঃ গুৱাহাটীকে ধৰি ৰাজ্যত চৰকাৰী মাটিৰ মূল্যবৃদ্ধি প্ৰায় অৱশ্যম্ভাৱী হৈ পৰিছে৷ এক কথাত ক’বলৈ গ’লে অনতিবিলম্বে চৰকাৰে বিচৰা ধৰণেই ৰাজ্যত বৃদ্ধি হ’ব মাটিৰ চৰকাৰী মূল্য৷ চৰকাৰী মাটিৰ মূল্যবৃদ্ধিৰ ফলত খাজনা আৰু মাটি, ফ্লেটৰ পঞ্জীয়ন তথা দামো আকাশলংঘী হ’ব৷ কিন্তু ইয়াৰ পাছতো ৰাজ্যত এইপৰ্যন্ত হোৱা নাই বিষয়টোকলৈ কোনো প্ৰতিবাদ৷ কোনেও সংঘবদ্ধভাৱে ইয়াৰ বিৰুদ্ধে জনমত সৃষ্টিৰো চেষ্টা কৰা নাই৷ মাটিৰ চৰকাৰী মূল্যবৃদ্ধিৰ সন্দৰ্ভত কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে অনুষ্ঠিত কৰা ৰাজহুৱা শুনানি সোমবাৰে অন্ত পৰে৷ এই শুনানিত গুৱাহাটীত চৰকাৰী মাটিৰ মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি গুৱাহাটী ভূমি সংস্কাৰ কমিটীয়েহে মাত্ৰ এখন স্মাৰক-পত্ৰ দাখিল কৰে৷ কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জনোৱা মতে কমিটীৰ আবেদন পৰীক্ষা হ’ব আৰু দুই-এদিনতে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৰাজ্যৰ ৰাজহ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে অলপতে এখন চৰকাৰী জাননী জাৰি কৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তক জনেলভিত্তিক মাটিৰ চৰকাৰী মূল্য বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে৷ ৰাজহ বিভাগৰ সেই নিৰ্দেশৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই গুৱাহাটী মহানগৰীৰ পাঁচটা ৰাজহ চক্ৰৰ কাৰ্যালয় ক্ৰমে গুৱাহাটী, দিছপুৰ, সোণাপুৰ, চন্দ্ৰপুৰ আৰু আজাৰাত নতুনকৈ মাটিৰ চৰকাৰী মূল্যৰ খচৰা প্ৰকাশ কৰি জাননী প্ৰকাশ কৰিছিল৷ এই খচৰাত ৭০০-৯০০ শতাংশ পৰ্যন্ত মাটিৰ চৰকাৰী মূল্যবৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে৷ মাটিৰ চৰকাৰী মূল্য বৃদ্ধি সন্দৰ্ভত ৰাইজৰ কিবা ওজৰ আপত্তি থাকিলে ১০ জানুৱাৰীৰ ভিতৰত জিলা উপায়ুক্তক লিখিতভাৱে জনাব পাৰিব বুলি জাননীত উল্লেখ আছিল৷ লক্ষণীয় যে ৰাজহ বিভাগৰ প্ৰধান সচিবে চলিত জানুৱাৰীৰ পৰাই চৰকাৰী মাটিৰ মূল্য বৃদ্ধি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰকাশ কৰা ২০২০-২১ বৰ্ষৰ ভূমিৰ জনেল ভেল্যু ৰিপ’ৰ্টত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১০০ মিটাৰৰ ভিতৰত, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১০০ মিটাৰৰ বাহিৰত, মূলপথৰ পৰা ১০০ মিটাৰৰ ভিতৰত আৰু মূল পথৰ পৰা ১০০ মিটাৰৰ বাহিৰত, গড়কাপ্তানি পথৰ পৰা ১০০ মিটাৰৰ ভিতৰত আৰু গড়কাপ্তানি পথৰ পৰা ১০০ মিটাৰৰ বাহিৰত– ইত্যাদি শ্ৰেণীত মাটিৰ চৰকাৰী মূল্য নতুনকৈ নিৰ্ধাৰণৰ প্ৰস্তাৱ দিছে৷ সেই অনুসৰি আজৰাৰ দক্ষিণৰাণী মৌজাৰ কৃষিভূমিৰ চৰকাৰী মূল্য ৭০০-৯০০ শতাংশ বৃদ্ধি কৰা হৈছে৷ একেদৰে দিছপুৰ ৰাজহ চক্ৰৰ ফটাশিলত ৭০-২০০ শতাংশ, বৰ্ষাপাৰাত ৭০-২০০ শতাংশ পৰ্যন্ত মাটিৰ চৰকাৰী মূল্য বৃদ্ধি কৰা হৈছে৷ গুৱাহাটী মহানগৰীৰ প্ৰায় সকলোবোৰ স্থানতে ৭০ৰ পৰা ১৫০-২০০ শতাংশ পৰ্যন্ত মাটিৰ চৰকাৰী মূল্য বৃদ্ধি কৰা হৈছে৷ উদাহৰণস্বৰূপে গুৱাহাটীৰ সাতগাঁৱত বৰ্তমান প্ৰতিকঠা মাটিৰ দাম ছয় লাখ টকা৷ প্ৰতিবিঘা মাটিৰ দাম ত্ৰিশ লাখ টকা৷ চৰকাৰী মূল্য ৭০ শতাংশ বৃদ্ধি কৰিলে সাতগাঁৱত মাটিৰ চৰকাৰী দাম হ’বগৈ প্ৰতিকঠাত ১০.২০ লাখ টকা৷ একেদৰে গুৱাহাটীৰ হাতীগাঁৱত বৰ্তমান প্ৰতিবিঘা মাটিত মাটিৰ মূল্য ৭৫ লাখ টকা, গীতানগৰত ৭০ লাখ টকা, জ্যোতিকুছিত ৫০ লাখ টকা, কাহিলিপাৰাত ৬০ লাখ টকা, খানাপাৰাত ৪০ লাখ টকা নিৰ্ধাৰিত হৈ আছিল৷ এই মূল্য নতুন বদ্ধিৰ্ত হাৰত ৭০ শতাংশলৈ বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে৷ গুৱাহাটীৰ সৰুমটৰীয়াত বৰ্তমানে প্ৰতিবিঘা মাটিৰ দাম ৮৭ লাখ টকা হৈ থকাৰ বিপৰীতে ইয়াৰ মূল্য ২০০ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে৷ উল্লেখ্য, মাটিৰ চৰকাৰী মূল্য বৃদ্ধিৰ ফলত ভূমি ক্ৰয় বা ফ্লেটৰ পঞ্জীয়ন মূল্যও বৃদ্ধি পাব৷ ফ্লেটৰ প্ৰতিবৰ্গ ফুটৰ মূল্যৰ বৰ্তমানৰ তুলনাত বৃদ্ধি পাব৷ বৰ্তমান গুৱাহাটীৰ মূল বসতিপ্ৰধান অঞ্চলসমূহত চৰকাৰী হিচাপত প্ৰতিবৰ্গফুটত ১১৪০ টকাকৈ ৭ শতাংশ পঞ্জীয়ন কৰ আদায় দিব লাগে ফ্লেটৰ গ্ৰাহকে৷ মাটিৰ চৰকাৰী ভেল্যু বৃদ্ধিৰ ফলত প্ৰতিবৰ্গফুটৰ ফ্লেটৰ চৰকাৰী মূল্যও ১১৪০টকাৰ পৰা ৫০০০-৬০০০ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ ফলস্বৰূপে গ্ৰাহকে ফ্লেট ক্ৰয়ৰ বিনিময়ত এতিয়াৰে পৰা ৪-৫ লাখ টকা পৰ্যন্ত কেৱল চৰকাৰকে পঞ্জীয়ন মাচুল আদায় দিব লাগিব৷ ভূমি ক্ৰয়ৰ ক্ষেত্ৰতো একেদৰে পঞ্জীয়ন মাচুল ৰকেটৰ গতিত ঊধবৰ্গামী হ’ব৷ ইফালে, কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ টেবুলত দম বান্ধিছে ফ্লেট তথা মাটিৰ ক্ৰয়-বিক্ৰয়ৰ ফাইল৷ ভূমিৰ চৰকাৰী মূল্যবৃদ্ধিৰ ফলত গুৱাহাটীত ফ্লেট বা মাটিৰ পঞ্জীয়ন মাচুল বৃদ্ধি পাব যদিও ৰহস্যজনক কাৰণত বৰ্তমানৰ উপায়ুক্তই ফ্লেট বা ভূমিৰ ক্ৰয়-বিক্ৰয়ৰ পূৰ্বৰ ফাইলসমূহ নিষ্পত্তি নকৰাকৈ ওলোমাই ৰাখিছে৷ ইয়াৰ ফলত চৰকাৰে দৈনিক বুজন পৰিমাণৰ পঞ্জীয়ন ৰাজহ হেৰুৱাবলগীয়া হোৱাৰ বিপৰীতে ক’ভিডৰ অনিশ্চিত পৰিস্থিতিত ফ্লেট ক্ৰয় কৰা গ্ৰাহকেও উৎকণ্ঠাত ভুগিব লগা হৈছে৷ জানিব পৰা মতে বিশ্বজিৎ পেগুৰ প্ৰস্থানৰ পাছত এটাও এন অ’ চি ফাইল নিষ্পত্তি কৰি দিয়া নাই বৰ্তমানৰ উপায়ুক্তই৷ পূৰ্বতে প্ৰতি সপ্তাহতে ফাইল নিষ্পত্তি কৰিছিল উপায়ুক্তই৷