Logo
image

হঠাৎ বাঢ়িছে সাধাৰণ অপৰাধ

আমাৰ অসম, ১৩ জানুৱাৰীঃ ড্ৰাগ্‌ছ মাফিয়া, চোৰাং সহৰবৰাহকাৰী, ছিণ্ডিকেট মাফিয়াক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে এনকাউণ্টাৰৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত স্মাৰ্ট অসম আৰক্ষীয়ে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলোৱাৰ পাছত শেহতীয়াকৈ তীৰ মাফিয়াৰ বিৰুদ্ধেও অভিযান আৰম্ভ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে অপৰাধ আৰু দুৰ্নীতিমুক্ত ৰাজ্য গঢ়াৰ শ্ল’গান আওৰালেও অসমত এতিয়া সাধাৰণ অপৰাধজনিত ঘটনা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে৷ ভোগালী বিহুৰ বাবে মুখ্যমন্ত্ৰীয়ে ১০ কেজি ওজনৰ চিতল মাছ উপহাৰ পোৱাৰ সময়তে খোদ গুৱাহাটীতে ধনৰ অভাৱত ভোকত খিছিৰি খোৱাৰ বাবে চোৰে সিন্ধি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আনহাতে ক’ভিড বিধবস্ত ৰাজ্যত জীৱন-জীৱিকাৰ বাবে সংকট নামি অহাত একাংশই ইজী মানীৰ বাবে বিভিন্ন অপৰাধজনিত কাৰ্য সংঘটিত কৰিবলৈ বাধ্য হৈছে৷ তদুপৰি সাধাৰণ কথাতে পৰিয়ালৰ লোকৰ মাজত ঘৰুৱা হিংসাজনিত ঘটনাও বৃদ্ধি পাইছে৷ পৰিস্থিতি এনে পৰ্যায় পাইছে গৈ যে, ঘৰুৱা হিংসাৰ শেষ পৰিণতি হিচাপে হত্যাকাণ্ডৰ দৰে ভয়ংকৰ কাণ্ড সংঘটিত কৰিবলৈও কুণ্ঠাবোধ কৰা নাই৷ এহাতে যদি শিক্ষক-অভিভাৱকৰ সাধাৰণ ধমকিতে কোনো ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাছি লৈছে, আনহাতে আকৌ ধাৰ-ঋণত জুৰুলা হৈ আৰ্থিক সংকটত ভুগি ব্যৱসায়ীয়ে আত্মহননৰ চৰম পথও গ্ৰহণ কৰিছে৷ হতাশাত ভুগি বহুতেই এনে অপৰাধজনিত কাৰ্য সংঘটিত কৰিছে৷ ধনৰ অভাৱৰ বাবেই দেওবাৰে নিশা চাবুৱাত এম এইচ তিনিআলিত এ টি এম বুথত প্ৰৱেশ কৰি ধন লুটৰ চেষ্টা চলাইছিল চাবুৱাৰে বিতু ভূমিজ নামৰ এজন যুৱকে৷ পূৰ্বেতে কোনো অপৰাধৰ ৰেকৰ্ড নথকা যুৱকজনে হাতত এখন দা লৈ ইজী মানীৰ বাবে এ টি এমত প্ৰৱেশ কৰিছিল যদিও তহলদাৰী আৰক্ষীয়ে যুৱকজনক এনকাউণ্টাৰ কৰে৷ দেওবাৰে নিশা নগাঁও জিলাৰ ৰহাতো তিনিটাকৈ এ টি এম চলে লুটপাত৷ ইজী মানীৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকৰ প্ৰেছক্ৰিপছন জাল কৰি বিনামূলীয়া ঔষধ সৰকোৱাৰ ফন্দি পতা এজন যুৱককো সোমবাৰে হাতে-লোটে কৰায়ত্ত কৰে কতৃৰ্পক্ষই৷ গুৱাহাটীৰ হেঙেৰাবাৰীৰ কুলদ্বীপ নামৰ যুৱকজনে চৰকাৰী ঔষধসমূহ বাহিৰত বিক্ৰী কৰি ধন ঘটাৰ পৰিকল্পনা কৰিছিল৷ কেৱল ইমানেই নহয়, জি এম চি এইচৰ লগতে প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালতে দুখীয়া ৰোগী তথা অভিভাৱকৰ পৰা একাংশই বিভিন্ন প্ৰকাৰে দালালি কৰি ধন সৰকাই আহিছে৷ ঘৰুৱা হিংসাৰ বাবেই শনিবাৰে শোণিতপুৰত ৰঙাপাৰাত পত্নী আৰু ভাই বোৱাৰীয়েকে ৰতন বৰুৱা নামৰ এজন ব্যক্তিক লাঠিৰে মৰিয়াই  মৰিয়াই হত্যা কৰে৷ স্বামী-স্ত্ৰীৰ মাজত হোৱা কাজিয়াৰ বাবেই পত্নী অষ্টমী বৰুৱা আৰু ভাই বোৱাৰী পিংকি বৰুৱাই ৰতন বৰুৱাক হত্যা কৰা বুলি অভিযোগ উঠিছে৷ সহপাঠীৰ সৈতে বনভোজ খাবলৈ পিতৃয়ে অনুমতি নিদিয়াৰ বাবেই সোমবাৰে গুৱাহাটী কলেজৰ ভায়’লিনা শইকীয়া নামৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাছি ল’লে৷ কিছুদিন পূৰ্বে গুৱাহাটী মডাৰ্ণ ইংলিছ স্কুলৰ জিঞ্জিৰি দেউৰী নামৰ এগৰাকী ১৩ বছৰীয়া ছাত্ৰীয়েও আত্মহত্যাৰ পথ বাছি লৈছিল৷ সহপাঠী জ্যেষ্ঠ ছাত্ৰৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষাৰ ককৰ্থনাৰ বাবেই ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লোৱা বুলি অভিযোগ উঠিছিল৷ মুখ্যমন্ত্ৰীয়ে আৰক্ষীক সক্ৰিয় কৰি ড্ৰাগ্‌ছ মাফিয়া, গো-মাফিয়া, মাটিৰ দালাল, তীৰ মাফিয়াক নিয়ন্ত্ৰণলৈ আনিব পাৰিব  যদিও আৰ্থিক সংকট, পাৰিবাৰিক সংঘাট তথা হতশাগ্ৰস্ততাৰ বাবে সংঘটিত অপৰাধক জানো নিঃশেষ কৰিব পাৰিব৷ কিয়নো ৰাজ্যত দিনক দিনে এনে সাধৰণ অপৰাধজনিত ঘটনা অস্বাভাৱিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে৷ যাক কেতিয়াও শুভ লক্ষণ বুলি ক’ব নোৱাৰি৷